--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জনপ্ৰিয়ভাৱে সদগুৰু নামেৰে পৰিচিত জগ্গী বাসুদেৱ ভাৰতীয় অতি জনপ্ৰিয় আধ্যাত্মিক গুৰুসকলৰ ভিতৰত অন্যতম। কিন্তু বেছিভাগ আধ্যাত্মিক গুৰুৰ দৰে তেওঁৰ জীৱনশৈলী বেলেগ যিয়ে প্ৰায়ে তেওঁৰ অনুগামীসকলৰ দৃষ্টি আকৰ্ষণ কৰে। আন আন কথাৰ লগতে তেওঁৰ জীৱনশৈলীৰ বাবে অটোম’বাইলৰ প্ৰতি থকা উৎসাহ অতি গুৰুত্বপূৰ্ণ আৰু বহু সময়ত তেওঁক বিভিন্ন অনুষ্ঠানত মটৰ চাইকেল চলোৱা বা গাড়ী চলোৱা দেখা গৈছে। ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা এক অতি শেহতীয়া ভিডিঅ’ত সাধগুৰুৱে প্ৰায় ২.৫ কোটি টকাৰ নতুন লেণ্ড ৰভাৰ ডিফেণ্ডাৰ ১১০ বিলাসী এছ ইউ ভি চলাই থকা দেখা গৈছে।

ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ভিডিঅ’টোত দেখা গৈছে যে সদগুৰুৱে লেণ্ড ৰভাৰ ডিফেণ্ডাৰ গাড়ী চলাই আছে, লগতে শিশুৰ সৈতেও মত বিনিময় কৰিছে। মন কৰিবলগীয়া যে ডিফেণ্ডাৰ বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অফ-ৰোডাৰ এছ ইউ ভি আৰু চেলিব্ৰিটিসকলৰ মাজত জনপ্ৰিয় পছন্দ। অৰ্জুন কাপুৰ, প্ৰকাশৰাজ, আয়ুষ শৰ্মা, ছানি দেউল, সুনীল শ্বেট্টী, সঞ্জয় দত্তকে ধৰি একাধিক চেলিব্ৰিটিৰ ওচৰত গাড়ীখনে স্থান বিচাৰি পায়।

লেণ্ড ৰভাৰ ডিফেণ্ডাৰখন বিশ্বজুৰি তিনিটা ট্ৰিমত উপলব্ধ, ইয়াৰ ভিতৰত আছে ডিফেণ্ডাৰ ১৩০, ডিফেণ্ডাৰ ১১০, আৰু ডিফেণ্ডাৰ ৯০।ইয়াৰ ভিতৰত সাধগুৰুৱে ডিফেণ্ডাৰ ১১০ চলাই আছে, যিখন ভিডিঅ’টোত দেখা গৈছে। ডিফেণ্ডাৰ ৯০ গাড়ীখনৰ ৩ দুৱাৰৰ মডেল, আনহাতে ডিফেণ্ডাৰ ১১০ হৈছে ৫ দুৱাৰৰ মডেল যিয়ে অধিক ঠাই প্ৰদান কৰে।

সাধগুৰুৱে চলোৱা মডেলটোত ৫.০ লিটাৰৰ ছুপাৰচাৰ্জড ভি৮ ইঞ্জিন আছে যিয়ে সৰ্বোচ্চ ৫২৫ পি এছ আৰু সৰ্বোচ্চ ৬২৫ এন এম টৰ্ক উৎপন্ন কৰে। মাত্ৰ ৫.৪ ছেকেণ্ডত ০ৰ পৰা ১০০ কিলোমিটাৰ প্ৰতি ঘণ্টাত গতি কৰিব পাৰে আৰু ইয়াৰ সৰ্বোচ্চ গতিবেগ ২৪০ কিলোমিটাৰ। ইয়াত ৮ স্পীড অটোমেটিক গিয়াৰবক্স আৰু ৩.৫ টন টানিব পৰা ক্ষমতা আছে, যিয়ে টেৰেইন ৰেচপন্স ২ প্ৰযুক্তিৰ জৰিয়তে চাৰিওটা চকালৈ শক্তি প্ৰেৰণ কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস