--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে (৩১ আগষ্ট) জয়া বাৰ্মা সিনহাক ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ইয়াৰ লগে লগে ৰেল মন্ত্ৰালয়ৰ ১০৫ বছৰীয়া ইতিহাসত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ পৰিগণিত হয়।

জয়া বাৰ্মা সিনহা এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। এনডিটিভিৰ তথ্য অনুসৰি ১৯৮৮ চনত তেওঁ ভাৰতীয় ৰেলৱে যাতায়ত সেৱা (আই আৰ টি এছ)ত যোগদান কৰে। এতিয়ালৈকে তিনিটা ৰেল’ৱে জ’নত তেওঁ কাম কৰিছে। ইয়াৰ ভিতৰত উত্তৰ ৰে’লৱে, দক্ষিণ-পূব ৰে’লৱে আৰু পূব ৰে’লৱেও অন্যতম।

অনিল কুমাৰ লাহোটিৰ ঠাইত সিনহাই ১ ছেপ্টেম্বৰত দায়িত্ব ল’ব। ২০২৪ চনৰ ৩১ আগষ্টত তেওঁৰ কাৰ্যকাল শেষ হ’ব। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সিনহাই ১ অক্টোবৰত অৱসৰ ল’ব। তেওঁৰ কাৰ্যকালৰ বাকী থকা কাৰ্যকালৰ বাবে তেওঁক পুনৰ নিযুক্তি দিয়া হ’ব।

চৰকাৰী নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে জয়া বাৰ্মা সিনহাক অপাৰেচন বিজনেছ ডেভেলপমেণ্টৰ সদস্য, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পদত নিযুক্তি দিবলৈ অনুমোদন জনাইছে।

বালাসৌৰ দুৰ্ঘটনাৰ পিছত ৰেলৱেৰ ৰাজহুৱা মুখ হৈ পৰিছিল সিনহা। সেই সময়ছোৱাত তেওঁ ৰেলৱে’ৰ জটিল সংকেত ব্যৱস্থাৰ বিষয়ে সংবাদ মাধ্যমক জনাইছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ ওড়িশাৰ বালাচোৰত সংঘটিত দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে।

বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তত ৰেলৱে উপদেষ্টা হিচাপেও চাৰি বছৰ কাম কৰিছিল। বাংলাদেশত তেওঁৰ কাৰ্যকালতে কলকাতাৰ পৰা ঢাকালৈ চলা মৈত্ৰী এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হয়।ৰেলৱে’ৰ সৰ্বোচ্চ বিষয়া ভাৰতীয় ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষৰ দৰমহা বৰ্তমান প্ৰতিমাহে প্ৰায় ২.২৫ লাখ টকা। ইয়াৰ লগতে বিশেষ ভাট্টা, ঘৰ, ভ্ৰমণ আদি সুবিধাও লাভ কৰে।ৰেল বিভাগৰ অধ্যক্ষ ভাৰতীয় ৰে’ল বিভাগৰ আটাইতকৈ জ্যেষ্ঠ  বিষয়া। যিয়ে ৰেল সেৱাৰ দিশ, উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত সিদ্ধান্ত লয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস