--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে (৩১ আগষ্ট) জয়া বাৰ্মা সিনহাক ৰে’লৱে ব’ৰ্ডৰ মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ হিচাপে নিযুক্তি দিয়ে। ইয়াৰ লগে লগে ৰেল মন্ত্ৰালয়ৰ ১০৫ বছৰীয়া ইতিহাসত এই পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ পৰিগণিত হয়।

জয়া বাৰ্মা সিনহা এলাহাবাদ বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। এনডিটিভিৰ তথ্য অনুসৰি ১৯৮৮ চনত তেওঁ ভাৰতীয় ৰেলৱে যাতায়ত সেৱা (আই আৰ টি এছ)ত যোগদান কৰে। এতিয়ালৈকে তিনিটা ৰেল’ৱে জ’নত তেওঁ কাম কৰিছে। ইয়াৰ ভিতৰত উত্তৰ ৰে’লৱে, দক্ষিণ-পূব ৰে’লৱে আৰু পূব ৰে’লৱেও অন্যতম।

অনিল কুমাৰ লাহোটিৰ ঠাইত সিনহাই ১ ছেপ্টেম্বৰত দায়িত্ব ল’ব। ২০২৪ চনৰ ৩১ আগষ্টত তেওঁৰ কাৰ্যকাল শেষ হ’ব। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল সিনহাই ১ অক্টোবৰত অৱসৰ ল’ব। তেওঁৰ কাৰ্যকালৰ বাকী থকা কাৰ্যকালৰ বাবে তেওঁক পুনৰ নিযুক্তি দিয়া হ’ব।

চৰকাৰী নিৰ্দেশ অনুসৰি মন্ত্ৰীসভাৰ নিযুক্তি সমিতিয়ে জয়া বাৰ্মা সিনহাক অপাৰেচন বিজনেছ ডেভেলপমেণ্টৰ সদস্য, ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) পদত নিযুক্তি দিবলৈ অনুমোদন জনাইছে।

বালাসৌৰ দুৰ্ঘটনাৰ পিছত ৰেলৱেৰ ৰাজহুৱা মুখ হৈ পৰিছিল সিনহা। সেই সময়ছোৱাত তেওঁ ৰেলৱে’ৰ জটিল সংকেত ব্যৱস্থাৰ বিষয়ে সংবাদ মাধ্যমক জনাইছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ ওড়িশাৰ বালাচোৰত সংঘটিত দুৰ্ঘটনাত প্ৰায় ৩০০ লোকৰ মৃত্যু হৈছে।

বাংলাদেশৰ ঢাকাত থকা ভাৰতীয় উচ্চায়ুক্তত ৰেলৱে উপদেষ্টা হিচাপেও চাৰি বছৰ কাম কৰিছিল। বাংলাদেশত তেওঁৰ কাৰ্যকালতে কলকাতাৰ পৰা ঢাকালৈ চলা মৈত্ৰী এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হয়।ৰেলৱে’ৰ সৰ্বোচ্চ বিষয়া ভাৰতীয় ৰে’লৱে ব’ৰ্ডৰ অধ্যক্ষৰ দৰমহা বৰ্তমান প্ৰতিমাহে প্ৰায় ২.২৫ লাখ টকা। ইয়াৰ লগতে বিশেষ ভাট্টা, ঘৰ, ভ্ৰমণ আদি সুবিধাও লাভ কৰে।ৰেল বিভাগৰ অধ্যক্ষ ভাৰতীয় ৰে’ল বিভাগৰ আটাইতকৈ জ্যেষ্ঠ  বিষয়া। যিয়ে ৰেল সেৱাৰ দিশ, উন্নয়ন আৰু পৰিচালনাৰ সৈতে জড়িত সিদ্ধান্ত লয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতীয় অর্থনীতিক দিব ২০ লাখ কোটি লাভ, জি এছ টিৰ হাৰ সংশোধন
ড° ভূপেন হাজৰিকাৰ জীৱনবোধ, সৃষ্টিশীলতা বিষয়ক তথ্যচিত্র 'ভূপেন দা আনকাট'
Gen Z ৰ প্ৰতিবাদত উত্তাল নেপাল ; মৃত্যুৰ সংখ্যা ২১ জনলৈ বৃদ্ধি !
ভূত বঙলাত পৰিণত সুধাকণ্ঠৰ কলকাতাৰ বাসগৃহ
গুৱাহাটীত পুনৰ সংঘটিত ভয়ংকৰ ঘটনা ;অত্যাধিক ড্ৰাগ্ছ সেৱন কৰি মৃত্যু যুৱকৰ
শীঘ্ৰেই বজাৰলৈ ৰাছিয়াৰ কেঞ্চাৰৰ ভেকচিন
চিয়া ছীজছ খাওঁতে এই ৫টা ভুল নকৰিব; ই উপকাৰৰ পৰিৱৰ্তে কৰিব পাৰে ক্ষতি
লামডিং ৰে’লৱে জংচনত পুনৰ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰী জব্দ
'ৰাজহুৱা পথ ব্যৱহাৰ কৰিলেহে মটৰ গাড়ীৰ কৰ ল'ব লাগে': উচ্চতম ন্যায়ালয়
গ্রামীণ ঘৰুৱা চাহিদাই প্রতিহত কৰিব ট্রাম্পৰ শুল্ক যুদ্ধক: ভি অনন্ত নাগেশ্বৰণ
প্ৰবঞ্চক স্বামী! ৭ বছৰে নিৰুদ্দেশ হৈ থকা স্বামীক নতুন পত্নীৰ সৈতে ৰীলত দেখি হতভম্ব প্ৰথম পত্নী
মৰিয়নিত হাতী চুৰি কৰি নিলে নগা দুৰ্বৃত্তই!  হাতীটো মুকলি কৰি দিয়াৰ বিনিময়ত ধন দাবী
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত