--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ২০২১ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অংশ হিচাপে থকা অৰ্জুন তেণ্ডুলকাৰে চুক্তিৰ পৰা ১ কোটি ৪০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে

ডিজিটেল ডেস্কঃ ভাৰতীয় মহান বেটছমেন তথা কিংবদন্তী শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰ বৰ্তমান বাতৰিৰ শিৰোনামত। শেহতীয়াকৈ অৰ্জুন তেণ্ডুলকাৰে শৈশৱৰ বন্ধু ছানিয়া চান্দোকৰ সৈতে বাগ্দান কৰিছে।


Arjun Tendulkar


অৰ্জুন তেণ্ডুলকাৰে ঘৰুৱা ক্ৰিকেটত গোৱাক প্ৰতিনিধিত্ব কৰে, ইয়াৰ বাহিৰেও তেওঁ আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ অংশ। কোটি কোটি মূল্যৰ সম্পত্তি তেওঁৰ।


ছানিয়া চান্দোকৰ লগত বাগ্দান


Sachin Tendulkar's son Arjun engaged to Ravi Ghai's granddaughter Saaniya  Chandok - India Today


শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰে ১৩ আগষ্টত ২৬ বছৰীয়া ছানিয়া চান্দোকৰ সৈতে বাগ্দান কৰে। ছানিয়া মুম্বাইৰ বিশিষ্ট উদ্যোগী ৰবি ঘাইৰ নাতিনী, ঘাই পৰিয়ালটো আতিথ্য আৰু খাদ্য উদ্যোগৰ সেৱাৰ বাবে বিখ্যাত, তেওঁলোকৰ ইন্টাৰকন্টিনেণ্টেল হোটেল আৰু ব্ৰুকলিন ক্ৰীমেৰীও আছে।


অৰ্জুন তেণ্ডুলকাৰৰ কোটি কোটি টকাৰ সম্পত্তি

Arjun Tendulkar seeks NoC from Mumbai, likely to play next season for Goa


২০২১ চনৰ পৰা মুম্বাই ইণ্ডিয়ানছৰ অংশ হিচাপে থকা অৰ্জুন তেণ্ডুলকাৰে চুক্তিৰ পৰা ১ কোটি ৪০ লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে, ২০২১ চনত তেওঁক প্ৰথমবাৰৰ বাবে ৫ বাৰৰ চেম্পিয়ন দলটোৱে ২০ লাখ টকাত নিৰ্বাচিত কৰাৰ বিপৰীতে ২০২৩ চনত তেওঁক মুম্বাই ইণ্ডিয়ানছে ৩০ লাখ টকাত ক্ৰয় কৰিছিল।


আই পি এলৰ বাহিৰেও অৰ্জুনে ঘৰুৱা ক্ৰিকেটত গোৱাৰ হৈ খেলে। এই শ্ৰেষ্ঠ বলাৰগৰাকীয়ে ৰঞ্জি ট্ৰফী, বিজয় হাজাৰে ট্ৰফী আৰু চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাত গোৱাক প্ৰতিনিধিত্ব কৰে। ঘৰুৱা ক্ৰিকেটৰ পৰা অৰ্জুনে বছৰি প্ৰায় ১০ লাখ টকা উপাৰ্জন কৰে, এক প্ৰতিবেদন অনুসৰি, সামগ্ৰিকভাৱে অৰ্জুনৰ সম্পত্তি প্ৰায় ২২ কোটি টকা।



অৰ্জুন তেণ্ডুলকাৰৰ প্ৰদৰ্শন

Arjun Tendulkar misses out on key tournament, Ruturaj Gaikwad and Shubman  Gill set to play - Crictoday


প্ৰথম শ্ৰেণীৰ ১৭খন মেচত ৩৭টা উইকেট দখল কৰাৰ লগতে ৫৩২ ৰান কৰিবলৈ সক্ষম হৈছে অৰ্জুনে । অৰ্জুনে ২৪খন টি-২০ মেচ খেলিছে, য’ত তেওঁ ২৭টা উইকেট দখল কৰি ১১৯ ৰান সংগ্ৰহ কৰিছে। ১৮খন এদিনীয়া (লিষ্ট এ)ত ২৫টা উইকেট দখল কৰাৰ লগতে ১০২ ৰান সংগ্ৰহ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু