--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় চিত্ৰ সাধনাৰ উদ্যোগত ২৩ ফেব্ৰুৱাৰীৰ পৰা হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত 'জুৰীৰ বিশেষ উল্লেখ' সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত তথা ভৰত কলিতা প্ৰযোজিত অসমৰ তথ্যচিত্ৰ 'চেলেঞ্জ'-এ৷ 

কালি নিশা অনুষ্ঠিত মহোৎসৱৰ সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে বঁটাসমূহ প্ৰদান কৰা হয়। 'চেলেঞ্জ'ৰ অন্যতম পৰিচালক শিৱাণু বৰা আৰু প্ৰযোজক ভৰত কলিতাই এই অনুষ্ঠানত উপস্থিত থাকি পুৰস্কাৰ গ্ৰহণ কৰে৷ এই বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ জ্ঞান চান্দ গুপ্তা, মনমোহন বৈদ্য, নৰেন্দ্ৰ কুমাৰ, জনপ্ৰিয় অভিনেত্ৰী ইছা গুপ্তাকে ধৰি আন বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। 

উল্লেখযোগ্য যে এইবাৰ চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰৰ শাখাত দেশৰ বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষাৰ মুঠ ৩০ খন তথ্যচিত্ৰই অফিচিয়েল চিলেকচন লাভ কৰিছিল। মহোৎসৱলৈ নিৰ্বাচিত এই ৩০ খন তথ্যচিত্ৰৰ ভিতৰত অসমৰ তিনিখন তথ্যচিত্ৰৰ লগতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰাখণ্ড, পশ্চিমবংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, গুজৰাট, নতুন দিল্লী, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ তথ্যচিত্ৰও আছিল। শিৱাণু বৰাৰ কনচেপ্টক লৈ কামৰূপা ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত 'চেলেঞ্জ' তথ্যচিত্ৰখনৰ চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ৷ চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়াৰ৷ ছাউণ্ড ডিজাইন কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। ডি আই ৰতনশীল শৰ্মাৰ৷ 

'চেলেঞ্জ' তথ্যচিত্ৰখনত  বিশেষভাৱ সক্ষম কন্যা সন্তান এগৰাকীৰ জীৱন সংগ্ৰাম আৰু সেই সন্তানৰ জন্মৰ পৰা সমগ্ৰ জীৱন পৰিক্ৰমাত এগৰাকী মাতৃৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই সকলোবোৰ কথা সামৰি এক ব্যতিক্ৰমী ৰূপত কিছুমান দিশ উপস্থাপন কৰা হৈছে৷ 'চেলেঞ্জ' তথ্যচিত্ৰখনে 'জুৰীৰ বিশেষ উল্লেখ' সন্মান লাভ কৰাৰ বাবে বাবে তথ্যচিত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যলৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে তথ্যচিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য