--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় চিত্ৰ সাধনাৰ উদ্যোগত ২৩ ফেব্ৰুৱাৰীৰ পৰা হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত 'জুৰীৰ বিশেষ উল্লেখ' সন্মান লাভ কৰিবলৈ সক্ষম হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত তথা ভৰত কলিতা প্ৰযোজিত অসমৰ তথ্যচিত্ৰ 'চেলেঞ্জ'-এ৷ 

কালি নিশা অনুষ্ঠিত মহোৎসৱৰ সামৰণি তথা বঁটা প্ৰদান অনুষ্ঠানত বিজয়ীসকলৰ নাম ঘোষণা কৰাৰ লগতে বঁটাসমূহ প্ৰদান কৰা হয়। 'চেলেঞ্জ'ৰ অন্যতম পৰিচালক শিৱাণু বৰা আৰু প্ৰযোজক ভৰত কলিতাই এই অনুষ্ঠানত উপস্থিত থাকি পুৰস্কাৰ গ্ৰহণ কৰে৷ এই বঁটা প্ৰদান অনুষ্ঠানত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰ, হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ জ্ঞান চান্দ গুপ্তা, মনমোহন বৈদ্য, নৰেন্দ্ৰ কুমাৰ, জনপ্ৰিয় অভিনেত্ৰী ইছা গুপ্তাকে ধৰি আন বহু গণ্যমান্য ব্যক্তি উপস্থিত আছিল। 

উল্লেখযোগ্য যে এইবাৰ চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱৰ তথ্যচিত্ৰৰ শাখাত দেশৰ বিভিন্ন ৰাজ্যৰ ভিন্ন ভাষাৰ মুঠ ৩০ খন তথ্যচিত্ৰই অফিচিয়েল চিলেকচন লাভ কৰিছিল। মহোৎসৱলৈ নিৰ্বাচিত এই ৩০ খন তথ্যচিত্ৰৰ ভিতৰত অসমৰ তিনিখন তথ্যচিত্ৰৰ লগতে মহাৰাষ্ট্ৰ, কৰ্ণাটক, উত্তৰাখণ্ড, পশ্চিমবংগ, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড, ওড়িশা, গুজৰাট, নতুন দিল্লী, ৰাজস্থান, হিমাচল প্ৰদেশ আৰু হাৰিয়ানাৰ তথ্যচিত্ৰও আছিল। শিৱাণু বৰাৰ কনচেপ্টক লৈ কামৰূপা ক্ৰিয়েচনচৰ বেনাৰত নিৰ্মিত 'চেলেঞ্জ' তথ্যচিত্ৰখনৰ চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ৷ চিত্ৰগ্ৰহণ হিতেন ঠাকুৰীয়াৰ৷ ছাউণ্ড ডিজাইন কৰিছে দেৱজিৎ চাংমাই আৰু অমৃত প্ৰীতমে। ডি আই ৰতনশীল শৰ্মাৰ৷ 

'চেলেঞ্জ' তথ্যচিত্ৰখনত  বিশেষভাৱ সক্ষম কন্যা সন্তান এগৰাকীৰ জীৱন সংগ্ৰাম আৰু সেই সন্তানৰ জন্মৰ পৰা সমগ্ৰ জীৱন পৰিক্ৰমাত এগৰাকী মাতৃৰ যি গুৰুত্বপূৰ্ণ ভূমিকা সেই সকলোবোৰ কথা সামৰি এক ব্যতিক্ৰমী ৰূপত কিছুমান দিশ উপস্থাপন কৰা হৈছে৷ 'চেলেঞ্জ' তথ্যচিত্ৰখনে 'জুৰীৰ বিশেষ উল্লেখ' সন্মান লাভ কৰাৰ বাবে বাবে তথ্যচিত্ৰখনৰ সৈতে জড়িত প্ৰতিগৰাকী সদস্যলৈ অভিনন্দন তথা শুভেচ্ছা জনাইছে তথ্যচিত্ৰখনৰ প্ৰযোজক আৰু পৰিচালকে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী