--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইডছৰ ভয়াবহতাই সকলোকে আতংকিত কৰি আহিছে কিয়নো আজিও এই মাৰাত্মক ৰোগৰ নিৰাময় আছে বুলি ক’ব নোৱাৰি। এতিয়ালৈকে সজাগ তথা সচেতনাতাই এই ৰোগৰ পৰা বাছি থকাৰ উপাই আছিল৷ অৱশ্যে সমগ্ৰ বিশ্বতে এইডছৰ প্ৰতিষেধক ঔষধৰ ওপৰত গৱেষণা চলি আছে। শেহতীয়া কৈ জৰ্জিয়াৰ ইমোৰী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই ঔষধসমূহৰ ভিতৰত এটা ঔষধৰ ওপৰত আশা দেখিবলৈ। বছৰত দুবাৰকৈ বেজী দিলে ৯৬ শতাংশ এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা হ’ব বুলি তেওঁলোকে দাবী কৰিছে। ‘দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত এই গৱেষণা বিষয়ে প্ৰকাশ পাইছে।

ইমোৰী বিশ্ববিদ্যালয়ৰ গৱেষক ভেলেৰিয়া কেণ্টছে কয় যে লিনাকাপাভিৰ নামৰ ঔষধৰ ওপৰত গৱেষণা চলি আছে। এই ঔষধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে। এতিয়ালৈকে আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত ২১৭৯ জন এইডছ ৰোগীক এই বেজী দিয়া হৈছে, আৰু তেওঁলোকৰ সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পাইছে বুলি সদৰি কৰে। ঔষধ কিমান ফলপ্ৰসূ, কোনো পাৰ্শ্বক্ৰিয়া হৈছে নে নাই, সেই বিষয়ে সতৰ্কতাৰে নিৰীক্ষণ কৰা হৈছে আৰু সেই ৰোগীসকলকো নিৰীক্ষণত ৰখা হৈছে বুলি জানিবলৈ দিয়ে।  

মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰা ভাইৰাছ বা এইচ আই ভি এবাৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত আক্ৰমণ কৰে। এতিয়ালৈকে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা কোনো ঔষধ বা চিকিৎসা আৱিষ্কাৰ কৰা সম্ভৱ হোৱা নাই। যদি এই আৱিষ্কাৰ ফলপ্ৰসূ বুলি প্ৰমাণিত হ’য় চিকিৎসা বিজ্ঞানত এক নতুন মাইলৰ খুঁটি স্থাপন হ’ব বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

ইমোৰী বিশ্ববিদ্যালয়ৰ আন এজন গৱেষক কলিন কেলিয়ে কয় যে মানুহৰ শৰীৰত টি-চেল নামৰ এক বিশেষ ধৰণৰ শ্বেত ৰক্তকণিকা থাকে, যিটো হাড়ৰ মজ্জাৰ পৰা উৎপন্ন হয়। এই কোষবোৰৰ কাম হৈছে বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰা। এই কোষবোৰক ‘লিম্ফোচাইট’ বুলিও কোৱা হয়। এই নতুন ঔষধে টি-চেলক শক্তি প্ৰদান কৰি ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব। অৰ্থাৎ শৰীৰে এইচ আই ভি প্ৰতিৰোধ কৰিবলৈ শৰীৰৰ ভিতৰত প্ৰতিৰোধ বেৰ গঢ়ি তুলিব।

এইডছ প্ৰতিৰোধৰ বাবে পূৰ্বে প্ৰস্তুত কৰা বেছিভাগ ভেকচিনেই এমাহতকৈ বেছি দিন নাথাকিল বুলি কেলিয়ে দাবী কৰে। এই নতুন ঔষধে দীৰ্ঘসময় ধৰি ভাইৰাছক দমন কৰিব পাৰে বুলি তেওঁ দাবী কৰে।গৱেষকগৰাকীয়ে লগতে কয় যে অনাগত দিনত এনে ঔষধ তৈয়াৰ কৰি কৰ্কট ৰোগ নিৰাময়ৰ প্ৰচেষ্টাও চলোৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ