--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এইডছৰ ভয়াবহতাই সকলোকে আতংকিত কৰি আহিছে কিয়নো আজিও এই মাৰাত্মক ৰোগৰ নিৰাময় আছে বুলি ক’ব নোৱাৰি। এতিয়ালৈকে সজাগ তথা সচেতনাতাই এই ৰোগৰ পৰা বাছি থকাৰ উপাই আছিল৷ অৱশ্যে সমগ্ৰ বিশ্বতে এইডছৰ প্ৰতিষেধক ঔষধৰ ওপৰত গৱেষণা চলি আছে। শেহতীয়া কৈ জৰ্জিয়াৰ ইমোৰী বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে এই ঔষধসমূহৰ ভিতৰত এটা ঔষধৰ ওপৰত আশা দেখিবলৈ। বছৰত দুবাৰকৈ বেজী দিলে ৯৬ শতাংশ এইচ আই ভি সংক্ৰমণ প্ৰতিৰোধ কৰিব পৰা হ’ব বুলি তেওঁলোকে দাবী কৰিছে। ‘দ্য নিউ ইংলেণ্ড জাৰ্নেল অৱ মেডিচিন’ত এই গৱেষণা বিষয়ে প্ৰকাশ পাইছে।

ইমোৰী বিশ্ববিদ্যালয়ৰ গৱেষক ভেলেৰিয়া কেণ্টছে কয় যে লিনাকাপাভিৰ নামৰ ঔষধৰ ওপৰত গৱেষণা চলি আছে। এই ঔষধৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষা আৰম্ভ হৈছে। এতিয়ালৈকে আমেৰিকা, আফ্ৰিকা আৰু এছিয়াৰ বিভিন্ন দেশত ২১৭৯ জন এইডছ ৰোগীক এই বেজী দিয়া হৈছে, আৰু তেওঁলোকৰ সংক্ৰমণ বহু পৰিমাণে হ্ৰাস পাইছে বুলি সদৰি কৰে। ঔষধ কিমান ফলপ্ৰসূ, কোনো পাৰ্শ্বক্ৰিয়া হৈছে নে নাই, সেই বিষয়ে সতৰ্কতাৰে নিৰীক্ষণ কৰা হৈছে আৰু সেই ৰোগীসকলকো নিৰীক্ষণত ৰখা হৈছে বুলি জানিবলৈ দিয়ে।  

মানৱ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰা ভাইৰাছ বা এইচ আই ভি এবাৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰিলে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাত আক্ৰমণ কৰে। এতিয়ালৈকে এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা কোনো ঔষধ বা চিকিৎসা আৱিষ্কাৰ কৰা সম্ভৱ হোৱা নাই। যদি এই আৱিষ্কাৰ ফলপ্ৰসূ বুলি প্ৰমাণিত হ’য় চিকিৎসা বিজ্ঞানত এক নতুন মাইলৰ খুঁটি স্থাপন হ’ব বুলি গৱেষকসকলে মত প্ৰকাশ কৰিছে।

ইমোৰী বিশ্ববিদ্যালয়ৰ আন এজন গৱেষক কলিন কেলিয়ে কয় যে মানুহৰ শৰীৰত টি-চেল নামৰ এক বিশেষ ধৰণৰ শ্বেত ৰক্তকণিকা থাকে, যিটো হাড়ৰ মজ্জাৰ পৰা উৎপন্ন হয়। এই কোষবোৰৰ কাম হৈছে বিভিন্ন ভাইৰাছ আৰু বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজি শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা সক্ৰিয় কৰা। এই কোষবোৰক ‘লিম্ফোচাইট’ বুলিও কোৱা হয়। এই নতুন ঔষধে টি-চেলক শক্তি প্ৰদান কৰি ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিব। অৰ্থাৎ শৰীৰে এইচ আই ভি প্ৰতিৰোধ কৰিবলৈ শৰীৰৰ ভিতৰত প্ৰতিৰোধ বেৰ গঢ়ি তুলিব।

এইডছ প্ৰতিৰোধৰ বাবে পূৰ্বে প্ৰস্তুত কৰা বেছিভাগ ভেকচিনেই এমাহতকৈ বেছি দিন নাথাকিল বুলি কেলিয়ে দাবী কৰে। এই নতুন ঔষধে দীৰ্ঘসময় ধৰি ভাইৰাছক দমন কৰিব পাৰে বুলি তেওঁ দাবী কৰে।গৱেষকগৰাকীয়ে লগতে কয় যে অনাগত দিনত এনে ঔষধ তৈয়াৰ কৰি কৰ্কট ৰোগ নিৰাময়ৰ প্ৰচেষ্টাও চলোৱা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক