--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ বলাৰ জফ্ৰা আৰ্চাৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। ২০২৩ চনৰ বিশ্বকাপৰ বাবে ইংলেণ্ডৰ দলৰ পৰা তেওঁক বাদ দিয়া হৈছে। আঘাতৰ পিছত এতিয়াও আৰ্চাৰ সম্পূৰ্ণ ফিট হোৱা নাই। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় নিৰ্বাচক লুক ৰাইটে কয় যে আৰ্চাৰে ২০২৩ চনৰ বিশ্বকাপত খেলিব নোৱাৰিব। অৱশ্যে তেওঁ ৰিজাৰ্ভ হিচাপে ভাৰতলৈ যাব।উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩।

ক্ৰিচিনফ’ৰ পৰা পোৱা এক খবৰ অনুসৰি ৰাইটে আৰ্চাৰৰ সন্দৰ্ভত কয়, “আৰ্চাৰৰ প্ৰত্যাৱৰ্তনৰ প্ৰতি ইংলেণ্ড দলটো অতি আগ্ৰহী।কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে তেওঁলোকৰ বাবে যিটো উপযুক্ত। তেওঁ আঘাতপ্ৰাপ্ত হোৱাটো দুৰ্ভাগ্যজনক। যদি আমি বিশ্বকাপলৈ চাওঁ, তেন্তে সময় বাকী নাই। বিশ্বকাপৰ অংশ হ'ব নোৱাৰিব। তেওঁলোকৰ যত্ন লোৱাটো আমাৰ দায়িত্ব। ভৱিষ্যতক মনত ৰাখি আমি সঠিক সিদ্ধান্ত ল’ব লাগিব। ইংলেণ্ডৰ বাবে তেওঁ এজন ডাঙৰ খেলুৱৈ।”

২০২৩ চনৰ মাৰ্চ মাহত ইংলেণ্ডৰ হৈ শেষৰখন এদিনীয়া খেলত আৰ্চাৰে খেলিছিল। ২১খন মেচ খেলি আৰ্চাৰে এদিনীয়াত ৪২টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৪০ ৰানত ৬টা উইকেট দখল । ১৩খন টেষ্ট মেচত ৪২টা উইকেট দখল কৰিছে আৰ্চাৰে। এই ফৰ্মেটৰ ইনিংছত ৪৫ ৰানত ৬ উইকেট দখল কৰাটোৱেই হৈছে সৰ্বোত্তম প্ৰদৰ্শন। ১৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৮টা উইকেট দখল কৰিছে আৰ্চাৰে।

তাৎপৰ্যপূৰ্ণভাৱে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ৪খন এদিনীয়া আৰু ৪খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। শেহতীয়াকৈ ইংলেণ্ডে ইয়াৰ বাবে দলটো ঘোষণা কৰিছে। কিন্তু আৰ্চাৰে ইয়াত স্থান পোৱা নাই। ইয়াৰ পাছত ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩। ইয়াত ইংলেণ্ডৰ প্ৰথমখন মেচ নিউজিলেণ্ডৰ সৈতে, যিখন খেল আহমেদাবাদত অনুষ্ঠিত হ’ব।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক