--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইংলেণ্ডৰ অন্যতম শ্ৰেষ্ঠ বলাৰ জফ্ৰা আৰ্চাৰৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ। ২০২৩ চনৰ বিশ্বকাপৰ বাবে ইংলেণ্ডৰ দলৰ পৰা তেওঁক বাদ দিয়া হৈছে। আঘাতৰ পিছত এতিয়াও আৰ্চাৰ সম্পূৰ্ণ ফিট হোৱা নাই। ইংলেণ্ডৰ ৰাষ্ট্ৰীয় নিৰ্বাচক লুক ৰাইটে কয় যে আৰ্চাৰে ২০২৩ চনৰ বিশ্বকাপত খেলিব নোৱাৰিব। অৱশ্যে তেওঁ ৰিজাৰ্ভ হিচাপে ভাৰতলৈ যাব।উল্লেখ্য যে ৫ অক্টোবৰৰ পৰা ভাৰতত অনুষ্ঠিত হ’ব বিশ্বকাপ ২০২৩।

ক্ৰিচিনফ’ৰ পৰা পোৱা এক খবৰ অনুসৰি ৰাইটে আৰ্চাৰৰ সন্দৰ্ভত কয়, “আৰ্চাৰৰ প্ৰত্যাৱৰ্তনৰ প্ৰতি ইংলেণ্ড দলটো অতি আগ্ৰহী।কিন্তু আমি এইটোও মনত ৰাখিব লাগিব যে তেওঁলোকৰ বাবে যিটো উপযুক্ত। তেওঁ আঘাতপ্ৰাপ্ত হোৱাটো দুৰ্ভাগ্যজনক। যদি আমি বিশ্বকাপলৈ চাওঁ, তেন্তে সময় বাকী নাই। বিশ্বকাপৰ অংশ হ'ব নোৱাৰিব। তেওঁলোকৰ যত্ন লোৱাটো আমাৰ দায়িত্ব। ভৱিষ্যতক মনত ৰাখি আমি সঠিক সিদ্ধান্ত ল’ব লাগিব। ইংলেণ্ডৰ বাবে তেওঁ এজন ডাঙৰ খেলুৱৈ।”

২০২৩ চনৰ মাৰ্চ মাহত ইংলেণ্ডৰ হৈ শেষৰখন এদিনীয়া খেলত আৰ্চাৰে খেলিছিল। ২১খন মেচ খেলি আৰ্চাৰে এদিনীয়াত ৪২টা উইকেট দখল কৰিছে। এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৪০ ৰানত ৬টা উইকেট দখল । ১৩খন টেষ্ট মেচত ৪২টা উইকেট দখল কৰিছে আৰ্চাৰে। এই ফৰ্মেটৰ ইনিংছত ৪৫ ৰানত ৬ উইকেট দখল কৰাটোৱেই হৈছে সৰ্বোত্তম প্ৰদৰ্শন। ১৫খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ১৮টা উইকেট দখল কৰিছে আৰ্চাৰে।

তাৎপৰ্যপূৰ্ণভাৱে ইংলেণ্ড আৰু নিউজিলেণ্ডৰ মাজত ৪খন এদিনীয়া আৰু ৪খন টি-২০ মেচৰ ধাৰাবাহিক খেল অনুষ্ঠিত হ’ব। ৩০ আগষ্টৰ পৰা আৰম্ভ হ’ব। শেহতীয়াকৈ ইংলেণ্ডে ইয়াৰ বাবে দলটো ঘোষণা কৰিছে। কিন্তু আৰ্চাৰে ইয়াত স্থান পোৱা নাই। ইয়াৰ পাছত ৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব বিশ্বকাপ ২০২৩। ইয়াত ইংলেণ্ডৰ প্ৰথমখন মেচ নিউজিলেণ্ডৰ সৈতে, যিখন খেল আহমেদাবাদত অনুষ্ঠিত হ’ব।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement