--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৱাহাব ৰিয়াজে। পাকিস্তানৰ বাওঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে বুধবাৰে ছ’চিয়েল মিডিয়াত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। অৱশ্যে সমগ্ৰ বিশ্বতে তেওঁ ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলি থাকিব। ৩৮ বছৰ বয়সত ৰিয়াজে  বিশ্বকাপৰ ঠিক আগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰি থৈ যায়।

পাকিস্তানৰ হৈ ২৭খন টেষ্ট, ৯১খন এদিনীয়া আৰু ৩৬খন টি-২০ মেচ খেলিছিল। তেওঁ মুঠতে ২৩৭টা উইকেট দখল কৰে। অৱশ্যে শেহতীয়াকৈ তেওঁক জাতীয় দললৈ আমন্ত্ৰণ পোৱা নাছিল। শেষবাৰৰ বাবে ২০২০ চনৰ ডিচেম্বৰ মাহত পাকিস্তানৰ হৈ খেলিছিল। পাকিস্তান ছুপাৰ লীগত নিয়মীয়াকৈ খেলা দেখা গৈছে তেওঁক।

বুধবাৰে তেওঁ টুইটাৰত লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। যোৱা দুবছৰ ধৰি অৱসৰৰ পৰিকল্পনা কৰি আছিলো। ২০২৩ - আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলো। দেশৰ সেৱা কৰি গৌৰৱ অনুভৱ কৰিছো আৰু জাতীয় দলৰ বাবে সদায় যৎপৰোনাস্তি দিছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ হৈ খেলাটো মোৰ বাবে গৌৰৱৰ বিষয়।’

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ কথা সোঁৱৰাই ৰিয়াজে লিখিছে- ‘জীৱনৰ এই অধ্যায়ৰ পিছত ফ্ৰেঞ্চাইজি ক্ৰিকেটত মোৰ যাত্ৰা নতুনকৈ আৰম্ভ কৰিব বিচাৰিছো। অনুৰাগীসকলকো একেদৰেই মনোৰঞ্জন দিব আৰু বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট প্ৰতিভাৰ বিৰুদ্ধে আগতে কেতিয়াও নোপোৱাকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলি আশা কৰিলোঁ।’

ৰিয়াজে নিয়মিতভাৱে ঘণ্টাত ১৪০ কিলোমিটাৰৰ ওপৰত বলিং কৰিছিল। ২০১৫ চনৰ বিশ্বকাপৰ খেলখনত ভাৰতৰ বিৰুদ্ধে তেওঁৰ বলৰ গতি আছিল ১৫৪.৫ কিলোমিটাৰ। সেই বিশ্বকাপত ৰিয়াজে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু