--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে ৱাহাব ৰিয়াজে। পাকিস্তানৰ বাওঁহতীয়া ফাষ্ট বলাৰগৰাকীয়ে বুধবাৰে ছ’চিয়েল মিডিয়াত নিজৰ সিদ্ধান্তৰ কথা ঘোষণা কৰে। অৱশ্যে সমগ্ৰ বিশ্বতে তেওঁ ফ্ৰেঞ্চাইজি ক্ৰিকেট খেলি থাকিব। ৩৮ বছৰ বয়সত ৰিয়াজে  বিশ্বকাপৰ ঠিক আগতে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট এৰি থৈ যায়।

পাকিস্তানৰ হৈ ২৭খন টেষ্ট, ৯১খন এদিনীয়া আৰু ৩৬খন টি-২০ মেচ খেলিছিল। তেওঁ মুঠতে ২৩৭টা উইকেট দখল কৰে। অৱশ্যে শেহতীয়াকৈ তেওঁক জাতীয় দললৈ আমন্ত্ৰণ পোৱা নাছিল। শেষবাৰৰ বাবে ২০২০ চনৰ ডিচেম্বৰ মাহত পাকিস্তানৰ হৈ খেলিছিল। পাকিস্তান ছুপাৰ লীগত নিয়মীয়াকৈ খেলা দেখা গৈছে তেওঁক।

বুধবাৰে তেওঁ টুইটাৰত লিখিছে, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লৈছো। যোৱা দুবছৰ ধৰি অৱসৰৰ পৰিকল্পনা কৰি আছিলো। ২০২৩ - আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা আঁতৰি যোৱাৰ সিদ্ধান্ত লৈছিলো। দেশৰ সেৱা কৰি গৌৰৱ অনুভৱ কৰিছো আৰু জাতীয় দলৰ বাবে সদায় যৎপৰোনাস্তি দিছো। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পাকিস্তানৰ হৈ খেলাটো মোৰ বাবে গৌৰৱৰ বিষয়।’

ভৱিষ্যতৰ প্ৰত্যাহ্বানৰ কথা সোঁৱৰাই ৰিয়াজে লিখিছে- ‘জীৱনৰ এই অধ্যায়ৰ পিছত ফ্ৰেঞ্চাইজি ক্ৰিকেটত মোৰ যাত্ৰা নতুনকৈ আৰম্ভ কৰিব বিচাৰিছো। অনুৰাগীসকলকো একেদৰেই মনোৰঞ্জন দিব আৰু বিশ্বৰ শ্ৰেষ্ঠ ক্ৰিকেট প্ৰতিভাৰ বিৰুদ্ধে আগতে কেতিয়াও নোপোৱাকৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হ’ব বুলি আশা কৰিলোঁ।’

ৰিয়াজে নিয়মিতভাৱে ঘণ্টাত ১৪০ কিলোমিটাৰৰ ওপৰত বলিং কৰিছিল। ২০১৫ চনৰ বিশ্বকাপৰ খেলখনত ভাৰতৰ বিৰুদ্ধে তেওঁৰ বলৰ গতি আছিল ১৫৪.৫ কিলোমিটাৰ। সেই বিশ্বকাপত ৰিয়াজে নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক