--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি বাবে দীৰ্ঘদিন ধৰি বহুতে দাবী কৰি  আহিছে। বহুতৰে মনত প্ৰশ্ন জাগিছিল ক্ৰিকেটক এইবলি অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'বনে? শেহতীয়াকৈ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি খবৰ পোৱা গৈছে। এই খবৰটো আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে দিছে। একে সময়তে আইঅচিয়ে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক  বিষয়টো  অৱগত কৰা বুলিও প্ৰকাশ কৰিছে। নিঃসন্দেহে এই খবৰটো  ক্ৰিকেট প্ৰেমীসকলৰ বাবে হতাশাজনক খবৰ।

অৱশ্যে  এইবুলিও খবৰ পোৱা গৈছে যে যদি সকলো ঠিকে থাকে তেন্তে ক্ৰিকেটক পৰৱৰ্তী অলিম্পিক অৰ্থাৎ ২০৩২ চনৰ ব্ৰিছবেন অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। অৱশ্যে এতিয়াও এই বিষয়ত কোনেও একো কথা  নিশ্চিতভাৱে ক’ব পৰা নাই৷ 

ইপিনে আইচিচিয়ে ইতিমধ্যে এখন নতুন অলিম্পিক সমিতি গঠন কৰিছে। ইয়াৰ নেতৃত্ব দিব বিচিচিআইৰ সচিব জয় শ্বাহে।  তেওঁ আইচিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডকো প্ৰতিনিধিত্ব কৰিছিল। আইঅচিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত কৈছিল যে লছ এঞ্জেলছ গেমছত মুঠ ২৮ টা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অলিম্পিকত  যুৱসকলৰ কথা মনত ৰাখি সম্ভাৱ্য নতুন খেলো যোগ কৰা হ'ব। অৱশ্যে, আইঅচিয়ে ক্ৰিকেটক এই তালিকাৰ পৰা  আঁতৰাই ৰাখিছে।

উল্লেখ্য ক্ৰিকেট মাত্ৰ এবাৰহে ১৯০০ চনৰ পেৰিছ অলিম্পিক গেমছৰ অংশ আছিল। গ্ৰেট ব্ৰিটেইন আৰু আয়োজক ফ্ৰান্সে উক্ত খেলত  অংশগ্ৰহণ কিছিল। যোৱা বছৰৰ আগষ্টত আই.ও.চি.-য়ে পুনৰীক্ষণৰ বাবে আন আঠটা ক্ৰীড়া শাখা তালিকাভুক্ত কৰিছিল। শো-পিচ ইভেণ্টৰ বাবে বিবেচনা কৰিবলগা বাকী আঠটা ক্ৰীড়া হৈছে বেছবল/চফ্টবল, ফ্লেগ ফুটবল, লেক্ৰছ, ব্ৰেক ডান্সিং, কাৰাটে, কিকবক্সিং, স্কোয়াছ আৰু মটৰস্পৰ্ট।২০২২ চনৰ কমনৱেলথ গেমছত  ক্ৰিকেটক মহিলাৰ টি-২০ ফৰ্মেটত অন্তৰ্ভুক্ত কৰা হৈছিল। 

অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, বাৰ্বাডোছ, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাই যোৱা বছৰ কমনৱেলথত অংশগ্ৰহণ কৰিছিল। বাৰ্মিংহাম কমনৱেলথ গেমছত মহিলা ক্ৰিকেটৰ সকলো বোৰ খেল এজবাষ্টনত অনুষ্ঠিত হৈছিল। ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল। ভাৰতে ৰূপৰ পদক  লাভ কৰিছিল৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement