--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলিম্পিকত ক্ৰিকেটৰ অন্তৰ্ভুক্তি বাবে দীৰ্ঘদিন ধৰি বহুতে দাবী কৰি  আহিছে। বহুতৰে মনত প্ৰশ্ন জাগিছিল ক্ৰিকেটক এইবলি অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'বনে? শেহতীয়াকৈ ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্ত কৰা হোৱা নাই বুলি খবৰ পোৱা গৈছে। এই খবৰটো আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে দিছে। একে সময়তে আইঅচিয়ে আন্তৰ্জাতিক ক্ৰিকেট পৰিষদক  বিষয়টো  অৱগত কৰা বুলিও প্ৰকাশ কৰিছে। নিঃসন্দেহে এই খবৰটো  ক্ৰিকেট প্ৰেমীসকলৰ বাবে হতাশাজনক খবৰ।

অৱশ্যে  এইবুলিও খবৰ পোৱা গৈছে যে যদি সকলো ঠিকে থাকে তেন্তে ক্ৰিকেটক পৰৱৰ্তী অলিম্পিক অৰ্থাৎ ২০৩২ চনৰ ব্ৰিছবেন অলিম্পিকত অন্তৰ্ভুক্ত কৰা হ'ব পাৰে। অৱশ্যে এতিয়াও এই বিষয়ত কোনেও একো কথা  নিশ্চিতভাৱে ক’ব পৰা নাই৷ 

ইপিনে আইচিচিয়ে ইতিমধ্যে এখন নতুন অলিম্পিক সমিতি গঠন কৰিছে। ইয়াৰ নেতৃত্ব দিব বিচিচিআইৰ সচিব জয় শ্বাহে।  তেওঁ আইচিচিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডকো প্ৰতিনিধিত্ব কৰিছিল। আইঅচিয়ে ২০২২ চনৰ ফেব্ৰুৱাৰীত কৈছিল যে লছ এঞ্জেলছ গেমছত মুঠ ২৮ টা ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। অলিম্পিকত  যুৱসকলৰ কথা মনত ৰাখি সম্ভাৱ্য নতুন খেলো যোগ কৰা হ'ব। অৱশ্যে, আইঅচিয়ে ক্ৰিকেটক এই তালিকাৰ পৰা  আঁতৰাই ৰাখিছে।

উল্লেখ্য ক্ৰিকেট মাত্ৰ এবাৰহে ১৯০০ চনৰ পেৰিছ অলিম্পিক গেমছৰ অংশ আছিল। গ্ৰেট ব্ৰিটেইন আৰু আয়োজক ফ্ৰান্সে উক্ত খেলত  অংশগ্ৰহণ কিছিল। যোৱা বছৰৰ আগষ্টত আই.ও.চি.-য়ে পুনৰীক্ষণৰ বাবে আন আঠটা ক্ৰীড়া শাখা তালিকাভুক্ত কৰিছিল। শো-পিচ ইভেণ্টৰ বাবে বিবেচনা কৰিবলগা বাকী আঠটা ক্ৰীড়া হৈছে বেছবল/চফ্টবল, ফ্লেগ ফুটবল, লেক্ৰছ, ব্ৰেক ডান্সিং, কাৰাটে, কিকবক্সিং, স্কোয়াছ আৰু মটৰস্পৰ্ট।২০২২ চনৰ কমনৱেলথ গেমছত  ক্ৰিকেটক মহিলাৰ টি-২০ ফৰ্মেটত অন্তৰ্ভুক্ত কৰা হৈছিল। 

অষ্ট্ৰেলিয়া, ভাৰত, পাকিস্তান, বাৰ্বাডোছ, ইংলেণ্ড, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকাই যোৱা বছৰ কমনৱেলথত অংশগ্ৰহণ কৰিছিল। বাৰ্মিংহাম কমনৱেলথ গেমছত মহিলা ক্ৰিকেটৰ সকলো বোৰ খেল এজবাষ্টনত অনুষ্ঠিত হৈছিল। ফাইনেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাস্ত কৰিছিল। ভাৰতে ৰূপৰ পদক  লাভ কৰিছিল৷ 










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু