--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিলৈকে ছুনামীৰ সৃষ্টি কৰিম বুলি ভাবুকি দি থকা বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় কুস্তি সংস্থাৰ সভাপতি ব্ৰিজ ভূষণ চৰণ সিং  অৱশেষত সেমেকিল৷ খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে৷ সিঙৰ বিৰুদ্ধে দেশৰ কেইবাগৰাকীও পদক বিজয়ী মল্লযোদ্ধাই নতুন দিল্লীৰ যন্তৰ- মন্তৰত আৰম্ভ কৰিছিল আন্দোলন৷ 

অৱশেষত কেন্দ্ৰৰ আশ্বাস পোৱাৰ পিছত মল্লযোদ্ধাসকলে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকৰ পিছত বিনেশ ফোগাট আৰু বজৰং পুনিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰে। তদন্ত শেষ নোহোৱালৈকে ব্ৰজভূষণ চৰণ সিঙক ৰাষ্ট্ৰীয় কুস্তি সংস্থাৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।
এক সংবাদমেলত মন্ত্ৰী অনুৰাগ  ঠাকুৰে কয় যে তেওঁ মল্লযোদ্ধাসকলৰ সৈতে সাত ঘণ্টা ধৰি বৈঠকত বহিছে। ইয়াৰ পিছতে তেওঁ তদন্ত কৰিবলৈ আৰু উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। তেওঁ কয়  যে এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ব্যৱস্থা লোৱা হ'ব। অনুৰাগৰ ঠাকুৰৰ পৰা  আশ্বাস পোৱাৰ পিছত মল্লযোদ্ধাসকলে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰে।

ভাৰতীয় অলিম্পিক সমিতিয়ে শুক্ৰবাৰে নতুন দিল্লীত প্ৰায় দুঘণ্টাধৰি মল্লযোদ্ধাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। বৈঠকৰ পিছত পিটি ঊষাৰ নেতৃত্বত গঠিত সমিতিখনে এখন সাত জনীয়া সমিতি গঠন কৰিছে। সেই সমিতিত আছে  বক্সিংত ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম, প্ৰাক্তন বেংগল অলিম্পিয়ান দোলা বন্দোপাধ্যায়, অলকানন্দ অশোক, যোগেশ্বৰ দত্ত, সহদেৱ যাদৱ আৰু অন্যান্যসকলক । অৱশ্যে তেওঁলোকে বিষয়টো কেনেদৰে চাব তাৰ বিৱৰণ দিয়া হোৱা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক