--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কালিলৈকে ছুনামীৰ সৃষ্টি কৰিম বুলি ভাবুকি দি থকা বিজেপিৰ সাংসদ তথা ৰাষ্ট্ৰীয় কুস্তি সংস্থাৰ সভাপতি ব্ৰিজ ভূষণ চৰণ সিং  অৱশেষত সেমেকিল৷ খেলুৱৈক যৌন নিৰ্যাতন চলোৱাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে বিজেপিৰ সাংসদগৰাকীৰ বিৰুদ্ধে৷ সিঙৰ বিৰুদ্ধে দেশৰ কেইবাগৰাকীও পদক বিজয়ী মল্লযোদ্ধাই নতুন দিল্লীৰ যন্তৰ- মন্তৰত আৰম্ভ কৰিছিল আন্দোলন৷ 

অৱশেষত কেন্দ্ৰৰ আশ্বাস পোৱাৰ পিছত মল্লযোদ্ধাসকলে প্ৰতিবাদ প্ৰত্যাহাৰ কৰে। কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰৰ সৈতে বৈঠকৰ পিছত বিনেশ ফোগাট আৰু বজৰং পুনিয়াই এই সিদ্ধান্ত গ্ৰহণ কৰে। তদন্ত শেষ নোহোৱালৈকে ব্ৰজভূষণ চৰণ সিঙক ৰাষ্ট্ৰীয় কুস্তি সংস্থাৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।
এক সংবাদমেলত মন্ত্ৰী অনুৰাগ  ঠাকুৰে কয় যে তেওঁ মল্লযোদ্ধাসকলৰ সৈতে সাত ঘণ্টা ধৰি বৈঠকত বহিছে। ইয়াৰ পিছতে তেওঁ তদন্ত কৰিবলৈ আৰু উপযুক্ত ব্যৱস্থা লোৱাৰ আশ্বাস দিয়ে। তেওঁ কয়  যে এমাহৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰাৰ পিছত ব্যৱস্থা লোৱা হ'ব। অনুৰাগৰ ঠাকুৰৰ পৰা  আশ্বাস পোৱাৰ পিছত মল্লযোদ্ধাসকলে তেওঁলোকৰ প্ৰতিবাদ প্ৰত্যাহাৰ কৰে।

ভাৰতীয় অলিম্পিক সমিতিয়ে শুক্ৰবাৰে নতুন দিল্লীত প্ৰায় দুঘণ্টাধৰি মল্লযোদ্ধাসকলৰ সৈতে আলোচনাত মিলিত হৈছিল। বৈঠকৰ পিছত পিটি ঊষাৰ নেতৃত্বত গঠিত সমিতিখনে এখন সাত জনীয়া সমিতি গঠন কৰিছে। সেই সমিতিত আছে  বক্সিংত ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কম, প্ৰাক্তন বেংগল অলিম্পিয়ান দোলা বন্দোপাধ্যায়, অলকানন্দ অশোক, যোগেশ্বৰ দত্ত, সহদেৱ যাদৱ আৰু অন্যান্যসকলক । অৱশ্যে তেওঁলোকে বিষয়টো কেনেদৰে চাব তাৰ বিৱৰণ দিয়া হোৱা নাই।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু