--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত-নিউজিলেণ্ডৰ মাজৰ তিনিদিনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ৮ উইকেটত জয়ী হয় ভাৰত৷ মহম্মদ শ্বামীৰ নেতৃত্বত উৎকৃষ্ট বলিঙৰ ভিত্তিত ভাৰতে প্ৰথমে নিউজিলেণ্ডক ১০৮ ৰাণতে অল আউট কৰে। তাৰ পাছত ৰোহিত শৰ্মা আৰু শুভমন গীলে চমকপ্ৰদ বেটিঙে দলটোক ৮ উইকেটত বৃহৎ জয় প্ৰদান কৰে।

৫০ টা বলত ৫১ ৰাণ সংগ্ৰহ কৰি আউট হয় ৰোহিত শৰ্মা। ৭টা চাৰি আৰু ২টা ছয় মাৰে। গীলৰ সৈতে প্ৰথম উইকেটত ১৪.২ অভাৰত ৭২ ৰাণ সংযোজন কৰে। ইয়াৰ লগে লগে টীম ইণ্ডিয়াই ২০২৩ বৰ্ষৰ একেৰাহে তৃতীয় শৃংখলাতো জয়লাভ কৰিছে। দ্বিতীয়খন এদিনীয়াত জয়লাভ কৰি ভাৰতীয় দলটোৱে শৃংখলাত ২-০ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে চলিত বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলাও জয় কৰিছিল। 

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ভাৰতে একেৰাহে ৭ সংখ্যক দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰে। ভাৰতত দুয়োটা দলৰ মাজত এইখন সপ্তম শৃংখলাও। অৰ্থাৎ টীম ইণ্ডিয়াই কোনো শৃংখলাত পৰাস্ত হোৱা নাই। শৃংখলাৰ তৃতীয় আৰু অন্তিমখন এদিনীয়া ২৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব। নিউজিলেণ্ড এদিনীয়াৰ ১ নম্বৰৰ দল, কিন্তু বৰ্তমানৰ শৃংখলাত নিউজিলেণ্ডৰ প্ৰদৰ্শন ভাল হোৱা নাই।

আজি বিৰাট কোহলীয়ে কোনো বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলে। ৯টা বলত ১১ ৰাণ সংগ্ৰহ কৰি ছাণ্টনাৰৰ বলত ষ্টাম্প আউট হয় কোহলী। ৫৩টা বলত ৪০ ৰাণ সংগ্ৰহ কৰি আউট নহ’ল শুভমন গীল আৰু ৬টা চাৰি মাৰিলে। ঈশান কিষানেও ৯টা বলত ৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতে ২০.১ অভাৰত ২ উইকেটৰ বিনিময়ত ১০৯ ৰাণৰ লক্ষ্য অৰ্জন কৰে। প্ৰথমখন মেচত গীলে একেৰাহে দ্বৈত শতক জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পলাতক অপৰাধীৰ বিৰুদ্ধে ভাৰতৰ 'অপাৰেশ্যন গ্ল'বেল হান্ট'
মুজতবা খামেনেইৰ মৃত্যুৰ বিষয়ত অপপ্ৰচাৰ চলাইছে আমেৰিকাই, ইৰানী বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ দাবী
টী-২০ মহিলা বিশ্বকাপ ২০২৬ ; বিচিচিআইএ ঘোষণা কৰিলে ভাৰতীয় দল
গংগা এক্সপ্ৰেছৱেত হাই-টেক সুৰক্ষা ব্যৱস্থা: এতিয়াৰ পৰা গাড়ী চলাওতে টোপনি আহিলে চালকক কৰিব সতৰ্ক
অসম মেঘালয় সীমান্তৰ ফুলবাৰীৰ গোমাইঝোৰাত ভয়ংকৰ পথ দূৰ্ঘটনা: থিতাতে মৃত্যু এজন বৃদ্ধাৰ
"Women Who Rally" লিডাৰশ্বিপ কোহৰ্টত স্থান লাভ গুৱাহাটীৰ নাজনীন ৰহমানৰ
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ
AIয়ে দিব বানপানীৰ আগজাননী
দিল্লীত ভয়ংকৰ পথ দুৰ্ঘটনা: তীব্ৰবেগী বাহনৰ খুন্দাত ৪ যুৱকৰ কৰুণ মৃত্যু
আজি পুৱা ১০.৩০ বজাত ঘোষণা হ’ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল
আইপিএলত ইতিহাস গঢ়াৰ দিশে ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশী: বিহাৰৰ বৈভৱে কঁপাব ক্ৰিকেট জগত
ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল: শীৰ্ষত কোন কোন জিলা?