--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত-নিউজিলেণ্ডৰ মাজৰ তিনিদিনীয়া এদিনীয়া শৃংখলাৰ দ্বিতীয়খন মেচত ৮ উইকেটত জয়ী হয় ভাৰত৷ মহম্মদ শ্বামীৰ নেতৃত্বত উৎকৃষ্ট বলিঙৰ ভিত্তিত ভাৰতে প্ৰথমে নিউজিলেণ্ডক ১০৮ ৰাণতে অল আউট কৰে। তাৰ পাছত ৰোহিত শৰ্মা আৰু শুভমন গীলে চমকপ্ৰদ বেটিঙে দলটোক ৮ উইকেটত বৃহৎ জয় প্ৰদান কৰে।

৫০ টা বলত ৫১ ৰাণ সংগ্ৰহ কৰি আউট হয় ৰোহিত শৰ্মা। ৭টা চাৰি আৰু ২টা ছয় মাৰে। গীলৰ সৈতে প্ৰথম উইকেটত ১৪.২ অভাৰত ৭২ ৰাণ সংযোজন কৰে। ইয়াৰ লগে লগে টীম ইণ্ডিয়াই ২০২৩ বৰ্ষৰ একেৰাহে তৃতীয় শৃংখলাতো জয়লাভ কৰিছে। দ্বিতীয়খন এদিনীয়াত জয়লাভ কৰি ভাৰতীয় দলটোৱে শৃংখলাত ২-০ অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰিছে। ইয়াৰ পূৰ্বে ভাৰতে চলিত বৰ্ষত শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ আৰু এদিনীয়া শৃংখলাও জয় কৰিছিল। 

নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা ক্ষেত্ৰত ভাৰতৰ আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত আছে। ভাৰতে একেৰাহে ৭ সংখ্যক দ্বিপাক্ষিক এদিনীয়া শৃংখলাত জয়লাভ কৰে। ভাৰতত দুয়োটা দলৰ মাজত এইখন সপ্তম শৃংখলাও। অৰ্থাৎ টীম ইণ্ডিয়াই কোনো শৃংখলাত পৰাস্ত হোৱা নাই। শৃংখলাৰ তৃতীয় আৰু অন্তিমখন এদিনীয়া ২৪ জানুৱাৰীত ইন্দোৰত অনুষ্ঠিত হ’ব। নিউজিলেণ্ড এদিনীয়াৰ ১ নম্বৰৰ দল, কিন্তু বৰ্তমানৰ শৃংখলাত নিউজিলেণ্ডৰ প্ৰদৰ্শন ভাল হোৱা নাই।

আজি বিৰাট কোহলীয়ে কোনো বিশেষ প্ৰদৰ্শন কৰিব নোৱাৰিলে। ৯টা বলত ১১ ৰাণ সংগ্ৰহ কৰি ছাণ্টনাৰৰ বলত ষ্টাম্প আউট হয় কোহলী। ৫৩টা বলত ৪০ ৰাণ সংগ্ৰহ কৰি আউট নহ’ল শুভমন গীল আৰু ৬টা চাৰি মাৰিলে। ঈশান কিষানেও ৯টা বলত ৮ ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে। ভাৰতে ২০.১ অভাৰত ২ উইকেটৰ বিনিময়ত ১০৯ ৰাণৰ লক্ষ্য অৰ্জন কৰে। প্ৰথমখন মেচত গীলে একেৰাহে দ্বৈত শতক জয় কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু