--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ মনোনয়ন দাখিলৰ কাইলৈ অন্তিম দিন। এনে সময়তে সভাপতি পজৰ দাবীদাৰ ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে ঘোষণা কৰিছে যে তেওঁ সভাপতি পদত প্ৰতিদ্বন্দিতা নকৰে। অশোক গেহলটে সভাপতি পদত প্ৰতিদ্বন্দিতা কৰিব  বুলি কথা ওলোৱাৰ পিছৰে পৰা ৰাজস্থানৰ মুখ্যমন্ত্ৰীৰ চকী খনলৈ চকু পৰিছিল শচীন পাইলটৰ। ইয়াকেলৈ ৰাজস্থান কংগ্ৰেছত আৰম্ভ   হৈছিল বিসম্বাদ।

গেহলটৰ সমৰ্থক ৯২ জনকৈ বিধায়কে পদত্যাগ কৰিছিল। তিনিজন বিধায়কক দলেই দল বিৰোধী কাৰ্যকলাপৰ বাবে নিলম্বিত কৰিছিল। এনে সময়তে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে বৃহস্পতিবাৰে  কয়  যে তেওঁ কংগ্ৰেছৰ সভাপতি নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰে। ৰাজস্থানৰ ৰাজনৈতিক সংকটৰ মাজতে গেহলটে আজি নতুন দিল্লীত  কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে এখন বৈঠকত মিলিত হয় । ৰাজস্থান কংগ্ৰেছত কংগ্ৰেছৰ সভাপতি নিৰ্বাচন আৰু ৰাজ্যখনত তেওঁৰ উত্তৰাধিকাৰী নিযুক্তিক লৈ এক বৃহৎ আভ্যন্তৰীণ সংঘাতৰ  সৃষ্টি হৈছে। 

দলৰ সভাপতি ছোনিয়া গান্ধীক সাক্ষাৎ কৰাৰ পিছত গেহলটে সাংবাদিকক কয় যে দেওবাৰে তেওঁক সমৰ্থন কৰা বিধায়কসকলে কেন্দ্ৰীয় পৰ্যবেক্ষকসকলক অমান্য কৰি দলৰ বিধায়কসকলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ যি পদক্ষেপলৈছিল তাৰ বাবে তেওঁ ছোনিয়া গান্ধীৰ ওচৰত ক্ষমা বিচাৰিছে।তেওং কয় " মই কোচিত ৰাহুল গান্ধীক লগ পাইছিলো আৰু তেওঁক নিৰ্বাচনত যুঁজিবলৈ অনুৰোধ কৰিছিলো । যেতিয়া তেওঁ সেই প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল, তেতিয়া মই কৈছিলো যে  মই প্ৰতিদ্বন্দিতা কৰিম।  কিন্তু এতিয়া ৰাজস্থানত ৰাজনৈতিক সংকটহোৱা বাবে  মই নিৰ্বাচনত প্ৰতিদ্বন্দিতা নকৰাৰ সিদ্ধান্ত লৈছো," তেওঁ লগতে কয় যে  কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভাপতি ছোনিয়া গান্ধীৰ সৈতে তেওঁৰ বাৰ্তালাপ হৈছে। 

দুদিন আগতে যি ঘটিছিল সেয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক বুলি তেওঁ কয়।  তিনিবাৰৰ  মুখ্যমন্ত্ৰী গেহলটে নিজকে দলৰ এজন শৃংখলাবদ্ধ সৈনিক বুলিও অভিহিত কৰে আৰু ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বাবে  দুখ প্ৰকাশ কৰে। তেওঁ কয়, "মই সদায় কংগ্ৰেছৰ এজন শৃংখলাবদ্ধ সৈনিক হৈ আহিছো"। তেওঁ ৰাজস্থানৰ মুখ্যমন্ত্ৰী হৈ থাকিব নেকি বুলি সাংবাদিকে  সোধাত গেহলটে কয়, "মই সেই বিষয়ত  সিদ্ধান্ত নলওঁ, কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে সেই সিদ্ধান্ত ল'ব।" 

সাংবাদিকৰ সৈতে হোৱা  বাৰ্তালাপত গেহলটে কয় যে দলটোৱে কংগ্ৰেছৰ সভাপতিৰ অধীনত কাম কৰে আৰু অনাগত সময়ত তেঁৱেই সিদ্ধান্ত ল’ব। ইপিনে  বিজেপিয়ে বৃহস্পতিবাৰে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটক 'সম্পূৰ্ণ ৰাজনীতিবিদ' বুলি অভিহিত কৰি কয় যে  গেহলটে তেওঁৰ প্ৰতিদ্বন্দী শচীন পাইলটক কংগ্ৰেছৰ সভাপতি  নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ অস্বীকাৰ কৰি পাইলটৰ  পৰীক্ষা লৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় মিডিয়া চেলৰ ভাৰপ্ৰাপ্ত পদাধিকাৰ  অমিত মালৱীয়ই টুইটাৰযোগে কয় যে গেহলটে কেৱল তেওঁৰ মুখ্যমন্ত্ৰীৰ পদটো বচাই ৰখাই নহয়, ৰিম'ট নিয়ন্ত্ৰিত দলৰ সভাপতি হোৱাৰ লজ্জাৰ পৰাও নিজকে ৰক্ষা কৰিলে।  

গেহলটৰ এনে সিদ্ধান্তই এতিয়া শচীন পাইলটৰ মুখ্যমন্ত্ৰী হোৱাৰ সপোন সম্পূৰ্ণৰূপে থানবান কৰি পেলালে বুলি বহুতে আলোচনা কৰিছে। গেহলটে সদায় নতুন মুখৰ ব্যক্তি মুখ্যমন্ত্ৰী হ’ব লাগে বুলি কৈ আহিছিল যদিও কেতিয়াও শচীন পাইলটৰ কথা উল্লেখ কৰা নাছিল।কাৰণ পাইলটৰ সৈতে তেওঁৰ আছে দীৰ্ঘদিনীয়া সংঘাত। এনে পৰিস্থিতিত শচীন পাইলটৰ ভূমিকা কেনে হয় সেয়া লক্ষ্যণীয় হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement