--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সূদীৰ্ঘ দিনৰ মূৰত দেশৰ এসময়ৰ প্ৰতিপত্তিশীল ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। দলৰ আভ্যন্তৰীণ এই নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে দলৰ ভিতৰচৰাত নিত্য নতুন টুইষ্টৰ প্ৰকাশ ঘটিছে। নিৰ্বাচনত গান্ধী পৰিয়ালৰ কোনো সদস্যই অংশ নলয় বুলি ৰাহুল গান্ধীয়ে স্পষ্ট ঘোষণা কৰাৰ পিছত দলটোৰ সভাপতি হিচাপে কোন নিৰ্বাচিত হ'ব তাক লৈ যথেষ্ট জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ইয়াৰ পাছতে শীৰ্ষ পদটোৰ বাবে প্ৰথমেই চৰ্চালৈ আহিছিল ৰাজস্থানৰ মুখ্যমন্ত্ৰী তথা জেষ্ঠ কংগ্ৰেছ নেতা অশোক গেহলটৰ নাম। গেহলটৰ পাছতে আন এগৰাকী জেষ্ঠ নেতা শশী থাৰুৰেও নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি ঘোষণা কৰিছিল। 

কিন্তু গেহলট সভাপতি নিৰ্বাচনৰ দৌৰত প্ৰৱেশ কৰাৰ পাছতে ৰাজস্থানৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীক লৈ সৃষ্টি হোৱা বাদ-বিবাদ তথা ৰাজনৈতিক অস্থিৰতাৰ ফলশ্ৰুতিত এই দৌৰৰ পৰা বাহিৰ হয় গেহলট। গেহলটৰ প্ৰস্থানৰ পাছতে হঠাতে সভাপতিৰ নিৰ্বাচনৰ বাবে আগমন ঘটিছিল আন এগৰাকী জেষ্ঠ নেতা দিগ্বিজয় সিঙৰ নাম। আনকি আজি সিঙে আজি নিজৰ মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও খবৰ ওলাইছিল। কিন্তু আজি পুনৰ সভাপতি নিৰ্বাচনৰ এই প্ৰস্তুতিৰ মাজতে আহি পৰিছে আন এক টুইষ্ট। এইবাৰ নিৰ্বাচনৰ দৌৰত দিগ্বিজয় সিঙৰ পৰিৱৰ্তে মল্লিকাৰ্জুন খৰ্গেৰ প্ৰৱেশ ঘটিছে।

সূত্ৰ অনুসৰি গান্ধী পৰিয়ালৰ পছন্দ হিচাপে নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত মল্লিকাৰ্জুন খৰ্গেৰ আগমন ঘটিছে। বৰ্তমান ৰাজ্যসভাৰ বিৰোধী দলপতিৰ আসনত থকা জেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে কিছু সময় পিছতে মনোনয়ন পত্ৰ দাখিল কৰিব বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে দিগ্বিজয় সিঙে কালি মনোনয়ন পত্ৰ সংগ্ৰহ কৰাৰ পিছত আজি পুৱা খৰ্গেক সাক্ষাৎ কৰিছিল। এই সাক্ষাতৰ পিছতে সিঙে সাংবাদিকৰ আগত নিৰ্বাচনৰ পৰা আঁতৰি অহা বুলি জানিবলৈ দিয়ে। সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি সিঙে খৰ্গক তেওঁৰ নেতা আখ্যা দি খৰ্গেৰ প্ৰতি সমৰ্থন আগবঢ়াব বুলি ঘোষণা কৰে।

কালি নিশা এক ৰুদ্ধদ্বাৰ বৈঠকৰ পিছতে প্ৰবীণ কংগ্ৰেছী নেতা কেচি বেণুগোপালে খৰ্গেক গান্ধী পৰিয়ালৰ পছন্দ হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ প্ৰস্তাৱ দিছিল বুলি জানিব পৰা গৈছে। আনহাতে কংগ্ৰেছৰ ভিতৰচৰাত থকা জেষ্ঠ নেতাসকলৰ এক শক্তিশালী গোট ‘জি-২৩’ ৰ অন্যতম সদস্য হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপিন্দৰ সিং হুডাইও খৰ্গেৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে।  

উল্লেখ্য যে, ভাৰতীয় ৰাজনীতিৰ কথা যেতিয়াই আলোচিত হয়, তেতিয়াই সমুখলৈ আহে কংগ্ৰেছত গান্ধী পৰিয়ালৰ কৰ্তৃত্ব তথা পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দিশটো। গান্ধী পৰিয়ালৰ এই পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ দোহাই দিয়ে ২০১৪ চনত শাসনলৈ অহাৰ পথ সুচল কৰি তুলিছিল বিজেপিয়ে। দলৰ ভিতৰত গান্ধী পৰিয়ালৰ এই কৰ্তৃত্বৰ বিৰোধিতাৰে কংগ্ৰেছত বহুসময়ত সৃষ্টি হৈছে আভ্যন্তৰীণ সংঘাতৰো। 

১৯৯৮ চনত সীতাৰাম কেশৰীৰ পাছত দলৰ সভাপতিৰ আসনত ছোনীয়া গান্ধী অধিষ্ঠিত হোৱাৰ পৰা এই সূদীৰ্ঘ সময়ছোৱা গান্ধী পৰিয়ালৰ হাততে আছে দলটোৰ নেতৃত্ব। পিছে এইবাৰ কংগ্ৰেছত গান্ধী পৰিয়ালৰ এই ধাৰাবাহিক কৰ্তৃত্বৰ অৱসান ঘটাৰ দিশে আগবাঢ়িছে। সূদীৰ্ঘ এই ২৪ বছৰত প্ৰথমবাৰৰ বাবে গান্ধী পৰিয়ালৰ বাহিৰৰ এজন ব্যক্তি কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱাটো নিশ্চিত হৈ পৰিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ