--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঞ্জু বাবা-নামেই যাৰ পৰিচয়। বলীউডত 'বেড বয়' উপাধি লাভ কৰা কোনোবা যদি আছে তেতিয়াহ’লে তেওঁ হৈছে জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। কিন্তু শত বিতৰ্কৰ মাজতো অভিনেতাজনৰ কেৱল অভিনয় দক্ষতাৰ বাবে আজিও লক্ষ লক্ষ অনুৰাগীৰ মন-মাজুলীত নিগাজী স্থান দখল কৰিছে মুন্না ভাইয়ে। সেইবাবে সঞ্জয় দত্ত যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈছিল অনুৰাগীৰ চকুত চকুপানী দেখিবলৈ পোৱা গৈছিল। এইবাৰ পুনৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে মুন্না ভাই। ’৮০ ৰ দশকত ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে সঞ্জু বাবাই কাৰাগাৰলৈয়ো যাব লগা হৈছিল। অৱশ্যে, শেহতীয়াকৈ, তেওঁ লাইম লাইটত আহিছে ‘কেজিএফ চেপ্টাৰ-২’ৰ বাবে। ভাৰতীয় দৰ্শকে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল ‘কেজিএফ চেপ্টাৰ-২’ৰ বাবে। কেইদিনমান আগতে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল। আৰু পলকতে ভাইৰেল হৈ পৰে ট্ৰেইলাৰটো। এই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে সঞ্জুবাবাই। চৰিত্ৰটোৰ সৈতে খাপ খোৱাকৈ তেওঁ ফিজিকেল ট্ৰাল্সফৰ্মেচন পৰ্যন্ত কৰিবলগীয়া হৈছে। সেইবাবে, তেওঁ কেইবাঘণ্টা ধৰি শাৰিৰীক কচৰত্‍ কৰি যাবলগীয়া হৈছে। পত্নী মান্যতাই সঞ্জয় দত্তৰ প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰা দেখা গৈছে।   কেপচনত তেওঁ লিখিছে, ‘ এণ্ড ইউ ৰ’ৰ এগেইন,আই বিলিভ ইন ইউ।’ স্বামীৰ প্ৰশংসা কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰিছে মান্যতাৰ ষ্ট’ৰী। মন কৰিব লগীয়া যে, ১৪ এপ্ৰিলত মুক্তিলাভ কৰিব ‘কেজিএফ চেপ্টাৰ-২’। অসাধাৰণ একচন ছিকুৱেঞ্চ আৰু দুৰ্দান্ত সংলাপ শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে লক্ষ লক্ষ অনুৰাগী। ছবিখনৰ কাহিনীৰ কথা বেলেগকৈ কোৱাৰ আৰু প্ৰয়োজন নাই নিশ্চয়! ছবিখনত নায়কৰ চৰিত্ৰত ষ্টাইলিছ ছুপাৰষ্টাৰ যশ আৰু খলনায়ক আধিৰাৰ চৰিত্ৰত সঞ্জয় দত্তই অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু