--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সঞ্জু বাবা-নামেই যাৰ পৰিচয়। বলীউডত 'বেড বয়' উপাধি লাভ কৰা কোনোবা যদি আছে তেতিয়াহ’লে তেওঁ হৈছে জনপ্ৰিয় অভিনেতা সঞ্জয় দত্ত। কিন্তু শত বিতৰ্কৰ মাজতো অভিনেতাজনৰ কেৱল অভিনয় দক্ষতাৰ বাবে আজিও লক্ষ লক্ষ অনুৰাগীৰ মন-মাজুলীত নিগাজী স্থান দখল কৰিছে মুন্না ভাইয়ে। সেইবাবে সঞ্জয় দত্ত যেতিয়া কৰ্কট ৰোগত আক্ৰান্ত হৈছিল অনুৰাগীৰ চকুত চকুপানী দেখিবলৈ পোৱা গৈছিল। এইবাৰ পুনৰ ব্যক্তিগত জীৱনৰ বাবে চৰ্চালৈ আহিছে মুন্না ভাই। ’৮০ ৰ দশকত ড্ৰাগছৰ প্ৰতি আসক্ত হোৱাৰ পৰা অবৈধ অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বাবে সঞ্জু বাবাই কাৰাগাৰলৈয়ো যাব লগা হৈছিল। অৱশ্যে, শেহতীয়াকৈ, তেওঁ লাইম লাইটত আহিছে ‘কেজিএফ চেপ্টাৰ-২’ৰ বাবে। ভাৰতীয় দৰ্শকে দীৰ্ঘদিন ধৰি অপেক্ষা কৰি আছিল ‘কেজিএফ চেপ্টাৰ-২’ৰ বাবে। কেইদিনমান আগতে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল। আৰু পলকতে ভাইৰেল হৈ পৰে ট্ৰেইলাৰটো। এই ছবিখনৰ বাবে কঠোৰ পৰিশ্ৰম কৰিছে সঞ্জুবাবাই। চৰিত্ৰটোৰ সৈতে খাপ খোৱাকৈ তেওঁ ফিজিকেল ট্ৰাল্সফৰ্মেচন পৰ্যন্ত কৰিবলগীয়া হৈছে। সেইবাবে, তেওঁ কেইবাঘণ্টা ধৰি শাৰিৰীক কচৰত্‍ কৰি যাবলগীয়া হৈছে। পত্নী মান্যতাই সঞ্জয় দত্তৰ প্ৰশংসা কৰি ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰা দেখা গৈছে।   কেপচনত তেওঁ লিখিছে, ‘ এণ্ড ইউ ৰ’ৰ এগেইন,আই বিলিভ ইন ইউ।’ স্বামীৰ প্ৰশংসা কৰি ইনষ্টাগ্ৰামত পোষ্ট কৰাৰ পাছতে ভাইৰেল হৈ পৰিছে মান্যতাৰ ষ্ট’ৰী। মন কৰিব লগীয়া যে, ১৪ এপ্ৰিলত মুক্তিলাভ কৰিব ‘কেজিএফ চেপ্টাৰ-২’। অসাধাৰণ একচন ছিকুৱেঞ্চ আৰু দুৰ্দান্ত সংলাপ শুনিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছে লক্ষ লক্ষ অনুৰাগী। ছবিখনৰ কাহিনীৰ কথা বেলেগকৈ কোৱাৰ আৰু প্ৰয়োজন নাই নিশ্চয়! ছবিখনত নায়কৰ চৰিত্ৰত ষ্টাইলিছ ছুপাৰষ্টাৰ যশ আৰু খলনায়ক আধিৰাৰ চৰিত্ৰত সঞ্জয় দত্তই অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক