--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ইন্ডাষ্ট্ৰিত জনপ্ৰিয় নায়িকা সকলৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা। সোণাক্ষীৰ সুন্দৰ অভিনয় আৰু মিঠা অভিব্যক্তিয়ে ইতিমধ্যে লক্ষ লক্ষ ভাৰতীয়ৰ মন জয় কৰিছে। অভিনয় কেৰিয়াৰত সোণাক্ষীয়ে যিদৰে খ্যাতি অৰ্জন কৰিছে তেনেদৰে ধন সম্পত্তিৰ পৰিমাণো কম নহয় অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে কেইবাখনো ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিটো কথা শুনিলে হতবাক হৈ পৰিব আপুনি। সোণাক্ষীৰ ব্যক্তিগত জীৱনৰ এনে কিছুমান কথাক লৈ এতিয়া তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। স্মৰ্তব্য যে, বলীউডত ‘দাবাং’ ছবিখনৰ জৰিয়তে ছলমান খানৰ সৈতে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল সোণাক্ষীয়ে। ‘দাবাং’ ছবিখন হিট হোৱাৰ পাছত আৰু পাছলৈ ঘূলি চাবলগীয়া হোৱা নাই তেওঁ। একাধিক ছবিত কৰা অভিনয়েৰে এতিয়া এখন পৰিচিত মুখ সোণাক্ষী। কিন্তু সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা খবৰ যে, সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই নিজৰ সম্পত্তিৰ ভাগ নিদিয়ে বুলি ঘোষণা কৰিছে। অৰ্থাত, শত্ৰুঘ্ন সিনহাৰ পিতৃৰ সম্পতিৰ ওপৰত কোনো ধৰণৰ অধিকাৰ নাথাকিব জীয়ৰী সোণাক্ষীৰ। আপুনি হয়তো আচৰিত হৈছে যে, এনে ঘটনাও ঘটিব পাৰেনে? কিন্তু সেয়াই ঘটা দেখিবলৈ পোৱা গৈছে। কেইদিনমান আগতে বলীউডৰ অভিনেতা শত্ৰুঘ্ন সিনহাই জনপ্ৰিয় অনুষ্ঠান কপিল শৰ্মাৰ ক’মেডী শ্বত গৈছিল। অনুষ্ঠানটোৰ মাজতে অন-কেমেৰাত তেওঁ কয়, ‘ মোৰ সম্পত্তিৰ কোনো অংশ সোণাক্ষী সিনহাক দিয়া নহ’ব। সকলো সম্পত্তিৰ অধিকাৰী হ’ব মোৰ দুই পুত্ৰ। শত্ৰুঘ্ন সিনহাৰ এনে মন্তব্যৰ পাছতে যথেষ্ট চৰ্চা আৰম্ভ হৈছিল। অনুষ্ঠানটোত সোণাক্ষী সিনহা নিজে উপস্থিত আছিল। পৰৱৰ্তী সময়ত জানিবলৈ পোৱা গৈছিল যে, সোনাক্ষী সিনহাই অতি সোনকালে ছলমান খানৰ ঘৰৰ বোৱাৰী হ'ব। সেইকাৰণে পিতৃয়ে এই সিদ্ধান্ত ল’লে নেকি বুলিও উঠিছে প্ৰশ্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু