--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড ইন্ডাষ্ট্ৰিত জনপ্ৰিয় নায়িকা সকলৰ ভিতৰত অন্যতম সোণাক্ষী সিনহা। সোণাক্ষীৰ সুন্দৰ অভিনয় আৰু মিঠা অভিব্যক্তিয়ে ইতিমধ্যে লক্ষ লক্ষ ভাৰতীয়ৰ মন জয় কৰিছে। অভিনয় কেৰিয়াৰত সোণাক্ষীয়ে যিদৰে খ্যাতি অৰ্জন কৰিছে তেনেদৰে ধন সম্পত্তিৰ পৰিমাণো কম নহয় অভিনেত্ৰীগৰাকীৰ। অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে কেইবাখনো ছুপাৰহিট ছবি দৰ্শকক উপহাৰ দিছে। কিন্তু শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিটো কথা শুনিলে হতবাক হৈ পৰিব আপুনি। সোণাক্ষীৰ ব্যক্তিগত জীৱনৰ এনে কিছুমান কথাক লৈ এতিয়া তোলপাৰ লাগিছে ছ’চিয়েল মিডিয়াত। স্মৰ্তব্য যে, বলীউডত ‘দাবাং’ ছবিখনৰ জৰিয়তে ছলমান খানৰ সৈতে অভিনয় জগতত আত্মপ্ৰকাশ কৰিছিল সোণাক্ষীয়ে। ‘দাবাং’ ছবিখন হিট হোৱাৰ পাছত আৰু পাছলৈ ঘূলি চাবলগীয়া হোৱা নাই তেওঁ। একাধিক ছবিত কৰা অভিনয়েৰে এতিয়া এখন পৰিচিত মুখ সোণাক্ষী। কিন্তু সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা খবৰ যে, সোণাক্ষীৰ পিতৃ শত্ৰুঘ্ন সিনহাই নিজৰ সম্পত্তিৰ ভাগ নিদিয়ে বুলি ঘোষণা কৰিছে। অৰ্থাত, শত্ৰুঘ্ন সিনহাৰ পিতৃৰ সম্পতিৰ ওপৰত কোনো ধৰণৰ অধিকাৰ নাথাকিব জীয়ৰী সোণাক্ষীৰ। আপুনি হয়তো আচৰিত হৈছে যে, এনে ঘটনাও ঘটিব পাৰেনে? কিন্তু সেয়াই ঘটা দেখিবলৈ পোৱা গৈছে। কেইদিনমান আগতে বলীউডৰ অভিনেতা শত্ৰুঘ্ন সিনহাই জনপ্ৰিয় অনুষ্ঠান কপিল শৰ্মাৰ ক’মেডী শ্বত গৈছিল। অনুষ্ঠানটোৰ মাজতে অন-কেমেৰাত তেওঁ কয়, ‘ মোৰ সম্পত্তিৰ কোনো অংশ সোণাক্ষী সিনহাক দিয়া নহ’ব। সকলো সম্পত্তিৰ অধিকাৰী হ’ব মোৰ দুই পুত্ৰ। শত্ৰুঘ্ন সিনহাৰ এনে মন্তব্যৰ পাছতে যথেষ্ট চৰ্চা আৰম্ভ হৈছিল। অনুষ্ঠানটোত সোণাক্ষী সিনহা নিজে উপস্থিত আছিল। পৰৱৰ্তী সময়ত জানিবলৈ পোৱা গৈছিল যে, সোনাক্ষী সিনহাই অতি সোনকালে ছলমান খানৰ ঘৰৰ বোৱাৰী হ'ব। সেইকাৰণে পিতৃয়ে এই সিদ্ধান্ত ল’লে নেকি বুলিও উঠিছে প্ৰশ্ন।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক