--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেমাৰ ৱাৰ্ল্ড আৰু বিতৰ্ক যেন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সময়ে সময়ে বলীউডত বিভিন্ন সম্পৰ্কই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ এনে বিতৰ্কই বহু বলীউড তাৰকাক শেষ কৰি পেলোৱা দেখা যায়। পাছে বিতৰ্কৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিছে কংগনা ৰাণাৱটে। বিতৰ্ক আৰু এই সম্পৰ্কে মন্তব্য দি বাৰে বাৰে লাইমলাইটলৈ অহাতো কংগনাৰ স্বভাৱত পৰিণত হোৱা বুলি ক’লেও বঢ়াই কোৱা নহ’ব নিশ্চয়! অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰো চলচ্চিত্ৰ জগতত সুন্দৰভাৱে সু-সজ্জিত। কেইবাখনো ছুপাৰহিট ছবিত কাম কৰিছে কংগনাই। এতিয়া তেওঁৰ জীৱনত ধন,সন্মান কোনো বস্তুৰে অভাৱ নাই কংগনাৰ। কিন্তু শ্বাহিদ কাপুৰৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য কৰি শেহতীয়াকৈ, পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে কংগনাৰ মন্তব্য। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, ‘এবাৰ শ্বাহিদ কাপুৰৰ সৈতে এটা নিশা কটাব লগা হৈছিল আৰু তেওঁক মোক বৰ আমনি কৰিছিল।’ শুনিবলৈ আচৰিত যেন লাগিলেও কংগনা ৰাণাৱটে তেনে মন্তব্য কৰাই শুনিবলৈ পোৱা গৈছে। প্ৰকৃততে কি ঘটিছিল? জানিবলৈ পোৱা মতে, শ্বাহিদ কাপুৰ আৰু কংগনা ৰাণাৱটে এখন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে বৰফে আৱৰা ঠাইলৈ গৈছিল। গোটেই দিনটো শ্বুটিঙৰ পাছত ৰাতিটো থাকিবলৈ কোনো কুটীৰ উপলব্ধ নাছিল। গতিকে, কংগনা আৰু শ্বাহিদে একেলগে ৰাতিটো কটাবলগীয়া হৈছিল। অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘শ্বাহিদ কাপুৰে সিদিনা বৰ আমনি কৰিছিল। সেই ৰাতিটো মোৰ জীৱনৰ দুঃস্বপ্নতকৈ কম নহয়।’ কংগনা ৰাণাৱটে সংবাদ মাধ্যমৰ আগত এনে মন্তব্য কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। দৰাচলতে, গোটেই দিনটো শ্বুটিঙত ব্যস্ত থকাৰ পাছত, ক্লান্ত কংগনাই শুব বিচাৰিছিল আৰু শ্বাহিদ কাপুৰে বাৰে বাৰে আমনি কৰিছিল। জানিবলৈ পোৱা মতে, অভিনেতাজনে কোঠাৰ ভিতৰত তেওঁৰ বন্ধুবৰ্গৰ সৈতে সংগীতৰ ৰাগীত মতলীয়া হৈ পৰিছিল।সেইকাৰণে কংগনাই ওৰেতো নিশা উজাগৰে কটাবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু