--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গ্লেমাৰ ৱাৰ্ল্ড আৰু বিতৰ্ক যেন একেটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সময়ে সময়ে বলীউডত বিভিন্ন সম্পৰ্কই বিতৰ্কৰ কেন্দ্ৰবিন্দু হৈ পৰা দেখিবলৈ পোৱা যায়। বিশেষকৈ এনে বিতৰ্কই বহু বলীউড তাৰকাক শেষ কৰি পেলোৱা দেখা যায়। পাছে বিতৰ্কৰ অনিৰুদ্ধ যাত্ৰা অব্যাহত ৰাখিছে কংগনা ৰাণাৱটে। বিতৰ্ক আৰু এই সম্পৰ্কে মন্তব্য দি বাৰে বাৰে লাইমলাইটলৈ অহাতো কংগনাৰ স্বভাৱত পৰিণত হোৱা বুলি ক’লেও বঢ়াই কোৱা নহ’ব নিশ্চয়! অভিনেত্ৰীগৰাকীৰ কেৰিয়াৰো চলচ্চিত্ৰ জগতত সুন্দৰভাৱে সু-সজ্জিত। কেইবাখনো ছুপাৰহিট ছবিত কাম কৰিছে কংগনাই। এতিয়া তেওঁৰ জীৱনত ধন,সন্মান কোনো বস্তুৰে অভাৱ নাই কংগনাৰ। কিন্তু শ্বাহিদ কাপুৰৰ বিষয়ে এটা বিতৰ্কিত মন্তব্য কৰি শেহতীয়াকৈ, পুনৰ চৰ্চালৈ আহিছে এইগৰাকী অভিনেত্ৰী। ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছে কংগনাৰ মন্তব্য। অভিনেত্ৰীগৰাকীয়ে কৈছিল যে, ‘এবাৰ শ্বাহিদ কাপুৰৰ সৈতে এটা নিশা কটাব লগা হৈছিল আৰু তেওঁক মোক বৰ আমনি কৰিছিল।’ শুনিবলৈ আচৰিত যেন লাগিলেও কংগনা ৰাণাৱটে তেনে মন্তব্য কৰাই শুনিবলৈ পোৱা গৈছে। প্ৰকৃততে কি ঘটিছিল? জানিবলৈ পোৱা মতে, শ্বাহিদ কাপুৰ আৰু কংগনা ৰাণাৱটে এখন ছবিৰ দৃশ্যগ্ৰহণৰ বাবে বৰফে আৱৰা ঠাইলৈ গৈছিল। গোটেই দিনটো শ্বুটিঙৰ পাছত ৰাতিটো থাকিবলৈ কোনো কুটীৰ উপলব্ধ নাছিল। গতিকে, কংগনা আৰু শ্বাহিদে একেলগে ৰাতিটো কটাবলগীয়া হৈছিল। অভিনেত্ৰীগৰাকীয়ে লগতে কয় যে, ‘শ্বাহিদ কাপুৰে সিদিনা বৰ আমনি কৰিছিল। সেই ৰাতিটো মোৰ জীৱনৰ দুঃস্বপ্নতকৈ কম নহয়।’ কংগনা ৰাণাৱটে সংবাদ মাধ্যমৰ আগত এনে মন্তব্য কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ব্যাপক চৰ্চা আৰম্ভ হৈছে। দৰাচলতে, গোটেই দিনটো শ্বুটিঙত ব্যস্ত থকাৰ পাছত, ক্লান্ত কংগনাই শুব বিচাৰিছিল আৰু শ্বাহিদ কাপুৰে বাৰে বাৰে আমনি কৰিছিল। জানিবলৈ পোৱা মতে, অভিনেতাজনে কোঠাৰ ভিতৰত তেওঁৰ বন্ধুবৰ্গৰ সৈতে সংগীতৰ ৰাগীত মতলীয়া হৈ পৰিছিল।সেইকাৰণে কংগনাই ওৰেতো নিশা উজাগৰে কটাবলগীয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক