--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰষুণ বুলিলে আমি সকলোৱে জানোহক, তাক নতুনকৈ পৰিচয় কৰাই দিয়াৰ কোনো প্ৰয়োজন নাই। কিন্তু কেতিয়াবা জুইৰ বৰষুণ দেখিছেনে? যুদ্ধৰ সৈতে যুঁজি থকা এখন গাঁৱত তেনে এক আচৰিত ঘটনাই সংঘটিত হৈছে।

সামাজিক মাধ্যমত ভাইৰেল হোৱা এনে এটা ভিডিঅ’ই সকলোকে আচৰিত কৰি তুলিলে। ভিডিঅ’টোত দেখা জুইৰ বৰষুণে এফালৰ পৰা ধ্বংস কৰি দিয়ে এখন গাঁও। হঠাতে অহা জুইৰ বৰষুণৰ ফলত গাঁওখন জ্বলি ছাই হৈ যায়। ঘৰ, দোকান, ৰাস্তা সকলো ঠাইতে আকাশৰ পৰা অহৰহ জুইৰ বৰষুণ পৰিছিল। যাৰ ফলত গাঁওখন নিমিষতে ধ্বংসস্তূপত পৰিণত হৈছিল। জানিব পৰা মতে এই ভিডিঅ’টো ইউক্ৰেনৰ এখন গাঁৱৰ।

জুই বৰষুণৰ এই ভিডিঅ’টো ইউক্ৰেনৰ সাংসদ ৰোমান হৃষচুকে তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰিছে। তেওঁৰ অভিযোগ অনুসৰি ৰাছিয়াৰ সেনাই তেওঁলোকৰ ৯এম২২চি অস্ত্ৰ ব্যৱহাৰ কৰি ডনেটস্ক প্ৰদেশৰ ওজাৰ্নেৰ এখন গাঁৱত জুই লগাই গাঁওখন ধ্বংস কৰিব বিচাৰিছে। ৯এম২২চি হৈছে এনে এটা অস্ত্ৰ যাৰ দ্বাৰা জুইৰ বৰষুণ হ’ব পাৰে। এই জুইৰ ফলত গাঁওখনৰ প্ৰতিটো অঞ্চল, প্ৰতিটো ঘৰ বিস্তৰ ক্ষতিৰ সন্মুখীন হোৱা দেখা গৈছিল।






FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে