--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'ভিড পৰিস্থিতিৰ কাৰণে বিগত আঢ়ৈ বছৰে বন্ধ হৈ থকা চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৰ দাদগিৰি - গেলেফুৰ মাজত থকা ভাৰত-ভূটান সংযোগী আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ কালি  মুকলি কৰা হয় ।  ইণ্ডো ভূটান ফ্ৰেইণ্ডশ্বিপ এচোছিয়েচনৰ উদ্যোগত প্ৰৱেশদ্বাৰ  মুকলি হোৱাৰ পাছত ভাৰতীয় নাগৰিকে পাৰ্চপোৰ্ট অবিহনে ভোটাৰ বা আধাৰকাৰ্ড পৰিচয় পত্ৰ প্ৰদান কৰি ভূটানত প্ৰৱেশ কৰিব পাৰিব ৷

 ইয়াৰ বিপৰীতে ইমান দিনে ভূটানলৈ গৈ  কোনো মাচুল আদায় নিদিয়া ভাৰতীয় পৰ্যটক সকলে এতিয়াৰে পৰা ভূটানত নিশা যাপন কৰিলে আদায় দিব লাগিব মাচুল ৷ এজন ভাৰতীয়  পৰ্যটকে এতিয়াৰে পৰা ভূটানত এনিশা যাপন কৰিলে তাৰ বাবদ আদায় দিব লাগিব ১২০০ (বাৰশ ) ভাৰতীয় টকা । আনহাতে এজন বিদেশী পৰ্যটকে এনিশা ভূটানত থাকিব লগা হলে তাৰ বাবদ আদায় দিব লাগিব ২০০ আমেৰিকান ডলাৰ । ভূটান চৰকাৰে শেহতীয়াভাৱে এই নিৰ্দেশনা জাৰি কৰিছে ৷

ইপিনে ভূটান চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ভাৰতীয় পৰ্যটক ওপৰত নিৰ্ভৰশীল ভূটানৰ গেলেফু চহৰৰ ভূটানী ব্যবসায়ী মহলৰ লগতে সমান্তৰাল ভাবে ভূটানী নাগৰিকৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি অঞ্চলৰ ব্যবসায়ী মহল উৎফুল্লিত হৈ পৰিছে ৷ ইমান দিনে ভূটানৰ সৈতে ভাৰতৰ যাতায়াত বন্ধ হৈ থকাৰ কাৰণে দুয়োখন দেশৰ নাগৰিক সকলে ব্যবসায়িক দিশত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ৷ কিন্তু  আঢ়ৈ বছৰৰ মুৰত পুনৰ  দুয়োখন দেশৰ মাজত যাতায়াত মুকলি হোৱাত আকৌ আশাৰ কিৰণ দেখা পাইছে বুলি আশা ব্যক্ত কৰে ।

 উল্লেখ্য যে ক'ভিড পৰিস্থিতিৰ কাৰণে ২০২০ চনৰ ২৩ মাৰ্চত ভূটান চৰকাৰে দুয়োখন দেশৰ সাধাৰণ নাগৰিক তথা পৰ্যটকৰ যাতায়াত বন্ধ কৰিছিল । তাৰ পিচত    ২৩ ছেপ্তেম্বৰৰ পুৱা ৯:৪৫ ত ভাৰত-ভূটান সীমান্তৰ অন্যান্য প্ৰৱেশদ্বাৰৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি - গেলেফু প্ৰৱেশদ্বাৰ মুকলি কৰা হয়। আঢ়ৈ বছৰ ধৰি বন্ধ হৈ থকা চিৰাঙৰ দাদগিৰি স্থিত ভূটানৰ প্ৰৱেশদ্বাৰ ভূটানী পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰে গেলেফু চহৰৰ এজন সন্মানীয় তথা জেষ্ঠ্য বুদ্ধ সন্ন্যাসীৰ দ্বাৰা মুকলি কৰা হয় । 

এই প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠান উপলক্ষ্যে ভূটান চৰকাৰৰ পৰা সীমান্তৱৰ্তী ৩৩ খন গাঁৱৰ গাওঁবুঢ়াৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গ আৰু ব্যবসায়ীসকলক আমন্ত্ৰণ কৰে । আমন্ত্ৰিত অতিথি সকলক ভূটানী সকলে পৰম্পৰাগত অংগ বস্ত্ৰ "খাদা" ৰে আদৰণি জনায় । ইপিনে পুনৰ ভাৰত-ভূটান সংযোগী আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ  মুকলি হোৱাৰ বিৰল সাক্ষী হয় দুয়োখন দেশৰ সীমান্তবাসী ৰাইজ ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান