--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ক'ভিড পৰিস্থিতিৰ কাৰণে বিগত আঢ়ৈ বছৰে বন্ধ হৈ থকা চিৰাং জিলাৰ ভাৰত- ভূটান সীমান্তৰ দাদগিৰি - গেলেফুৰ মাজত থকা ভাৰত-ভূটান সংযোগী আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ কালি  মুকলি কৰা হয় ।  ইণ্ডো ভূটান ফ্ৰেইণ্ডশ্বিপ এচোছিয়েচনৰ উদ্যোগত প্ৰৱেশদ্বাৰ  মুকলি হোৱাৰ পাছত ভাৰতীয় নাগৰিকে পাৰ্চপোৰ্ট অবিহনে ভোটাৰ বা আধাৰকাৰ্ড পৰিচয় পত্ৰ প্ৰদান কৰি ভূটানত প্ৰৱেশ কৰিব পাৰিব ৷

 ইয়াৰ বিপৰীতে ইমান দিনে ভূটানলৈ গৈ  কোনো মাচুল আদায় নিদিয়া ভাৰতীয় পৰ্যটক সকলে এতিয়াৰে পৰা ভূটানত নিশা যাপন কৰিলে আদায় দিব লাগিব মাচুল ৷ এজন ভাৰতীয়  পৰ্যটকে এতিয়াৰে পৰা ভূটানত এনিশা যাপন কৰিলে তাৰ বাবদ আদায় দিব লাগিব ১২০০ (বাৰশ ) ভাৰতীয় টকা । আনহাতে এজন বিদেশী পৰ্যটকে এনিশা ভূটানত থাকিব লগা হলে তাৰ বাবদ আদায় দিব লাগিব ২০০ আমেৰিকান ডলাৰ । ভূটান চৰকাৰে শেহতীয়াভাৱে এই নিৰ্দেশনা জাৰি কৰিছে ৷

ইপিনে ভূটান চৰকাৰৰ এই সিদ্ধান্তৰ পিছত ভাৰতীয় পৰ্যটক ওপৰত নিৰ্ভৰশীল ভূটানৰ গেলেফু চহৰৰ ভূটানী ব্যবসায়ী মহলৰ লগতে সমান্তৰাল ভাবে ভূটানী নাগৰিকৰ ওপৰত নিৰ্ভৰশীল জিলাখনৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি অঞ্চলৰ ব্যবসায়ী মহল উৎফুল্লিত হৈ পৰিছে ৷ ইমান দিনে ভূটানৰ সৈতে ভাৰতৰ যাতায়াত বন্ধ হৈ থকাৰ কাৰণে দুয়োখন দেশৰ নাগৰিক সকলে ব্যবসায়িক দিশত ব্যাপক লোকচানৰ সন্মুখীন হৈছিল ৷ কিন্তু  আঢ়ৈ বছৰৰ মুৰত পুনৰ  দুয়োখন দেশৰ মাজত যাতায়াত মুকলি হোৱাত আকৌ আশাৰ কিৰণ দেখা পাইছে বুলি আশা ব্যক্ত কৰে ।

 উল্লেখ্য যে ক'ভিড পৰিস্থিতিৰ কাৰণে ২০২০ চনৰ ২৩ মাৰ্চত ভূটান চৰকাৰে দুয়োখন দেশৰ সাধাৰণ নাগৰিক তথা পৰ্যটকৰ যাতায়াত বন্ধ কৰিছিল । তাৰ পিচত    ২৩ ছেপ্তেম্বৰৰ পুৱা ৯:৪৫ ত ভাৰত-ভূটান সীমান্তৰ অন্যান্য প্ৰৱেশদ্বাৰৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দাদগিৰি - গেলেফু প্ৰৱেশদ্বাৰ মুকলি কৰা হয়। আঢ়ৈ বছৰ ধৰি বন্ধ হৈ থকা চিৰাঙৰ দাদগিৰি স্থিত ভূটানৰ প্ৰৱেশদ্বাৰ ভূটানী পৰম্পৰাগত নিয়ম নীতিৰ মাজেৰে গেলেফু চহৰৰ এজন সন্মানীয় তথা জেষ্ঠ্য বুদ্ধ সন্ন্যাসীৰ দ্বাৰা মুকলি কৰা হয় । 

এই প্ৰৱেশদ্বাৰ মুকলি অনুষ্ঠান উপলক্ষ্যে ভূটান চৰকাৰৰ পৰা সীমান্তৱৰ্তী ৩৩ খন গাঁৱৰ গাওঁবুঢ়াৰ লগতে বিভিন্ন দল সংগঠনৰ নেতৃত্ববৰ্গ আৰু ব্যবসায়ীসকলক আমন্ত্ৰণ কৰে । আমন্ত্ৰিত অতিথি সকলক ভূটানী সকলে পৰম্পৰাগত অংগ বস্ত্ৰ "খাদা" ৰে আদৰণি জনায় । ইপিনে পুনৰ ভাৰত-ভূটান সংযোগী আন্তঃ ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ  মুকলি হোৱাৰ বিৰল সাক্ষী হয় দুয়োখন দেশৰ সীমান্তবাসী ৰাইজ ৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে