--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেন্দ্ৰই পৰৱৰ্তী পাঁচ বছৰৰ বাবে নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ ত্ৰিপুৰা (এনএলএফটি) আৰু অল ত্ৰিপুৰা টাইগাৰ ফ'ৰ্চ (এটিটিএফ)ক নিষিদ্ধ কৰিছে। এনএলএফটি আৰু এটিটিএফৰ সহযোগীসকলকো  "অবৈধ" বুলি ঘোষণা কৰা হৈছে। '

বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ (ইউএপিএ) অধীনত এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি  চৰকাৰী নিৰ্দেশনাত  কোৱা হৈছে। এই  সিদ্ধান্তটো মঙলবাৰৰ পৰা (৩ অক্টোবৰ) কাৰ্যকৰী হোৱা বুলিও উল্লেখ কৰা হৈছে । চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে দুয়োটা জনজাতীয় এলেকাত প্ৰভাৱ থকা  সংগঠনৰ উত্তৰ-পূবৰ কেইবাটাও উগ্ৰপন্থী গোটৰ সৈতে সম্পৰ্ক আছে।

ত্ৰিপুৰাত দুয়োটা উগ্ৰপন্থী সংগঠনৰ জন্ম  পূৰ্বৰ বাওঁ চৰকাৰৰ অধীনত ১৯৯৬ চনত  হৈছিল। এনএলএফটি আৰু এটিটিএফৰ সদস্যসকলৰ বিৰুদ্ধে গণহত্যা, অপহৰণ আৰু চোৰাং ব্যৱসায়ৰ অভিযোগ উত্থাপন হৈ আহিছে। 

১৯৮০ ৰ দশকৰ শেষৰ ফালে ৰাজীৱ গান্ধী  প্ৰধানমন্ত্ৰী হৈ থাকোতে  শান্তি প্ৰক্ৰিয়াত যোগদান কৰা এটা উগ্ৰপন্থী গোট টিএনভি (ত্ৰিপুৰা ৰাষ্ট্ৰীয় স্বেচ্ছাসেৱক)ৰ এটা অংশই  এনএলএফটি গঠন কৰিছিল। উক্ত গোটটো বাওঁপন্থী বিৰোধী বুলি জনা গৈছিল। আনহাতে, এটিটিএফক   "বাওঁপন্থী"ৰ সমৰ্থক  বুলিজনা যায়। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ