--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে  প্ৰথমবাৰৰ বাবে  দুখন আসন বিশিষ্ট  তেজছ বিমান লাভ কৰিলে। বুধবাৰে হিন্দুস্তান এৰোনটিক্স লিমিটেডে অত্যাধুনিক তেজছ বিমানখন ভাৰতীয় বায়ু সেনাক হস্তান্তৰ কৰে। এই দুখ আসন থকা বিমান প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। আজি এই বিমান হস্তান্তৰ কৰাৰ পিছত দেশখনে থলুৱা প্ৰযুক্তিৰে বিমান নিৰ্মাণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ’ল। 

হিন্দুস্তান এৰোনটিক্স লিমিটেডে প্ৰকাশ কৰা মতে  দুখন আসনৰ অত্যাধুনিক তেজছ প্ৰশিক্ষণ বিমানখনৰ বিভিন্ন বৈশিষ্ট্য আছে। এই বিমান বায়ু সেনাক  প্ৰশিক্ষণ দিয়াত সহায় কৰিবলৈ বিশেষভাৱে  প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন হ'লে এই বিমানখন যুঁদ্ধৰ সময়তো  ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে  ভাৰতত একক আসনৰ তেজছ যুঁজাৰু বিমান আছিল। এতিয়া দেশৰ মাটিত দুখন আসন থকা তেজছ বিমান  তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। 

কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটে   বাংগালুৰুৰ হিন্দুস্তান এৰোনটিক্সৰ মুখ্য কাৰ্যালয়ত যুঁজাৰু বিমানখন হস্তান্তৰ কৰা  অনুষ্ঠানত উপস্থিত আছিল। বায়ুসেনাক   তেজছ বিমান হস্তান্তৰ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মেক ইন ইণ্ডিয়া'ৰ উদ্যোগত ইতিবাচক দিশ হিচাবে বিবেচিত হৈছে। 

তেজছ যুঁজাৰু বিমানখন  লাইট কমবেট এয়াৰক্ৰাফ্ট' আৰু সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে  ইয়াক নিৰ্মাণ কৰা হৈছে। তেজছে বায়ুসেনাৰ অন্তৰ্ভুক্ত মিগ-২১ বিমানৰ স্থান ল'ব। বিমানখন ইতিমধ্যে একাধিক পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰিছে । ২০২০  চনত, তেজছ বিমানত প্ৰায় ২০,০০০ ফুট উচ্চতাত ৰাছিয়াত নিৰ্মিত আইএল-৭৮ ইন্ধন বাহক বিমানৰ  পৰা ইন্ধন ভৰোৱা হৈছিল। 

কেন্দ্ৰীয় চৰকাৰে মালয়েছিয়াক স্বদেশী ভাৱে বিকশিত তেজছ যুঁজাৰু বিমান বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। যদিও অতি পাতল ওজনৰ, তেজছ যুঁজাৰু বিমানে অতি শক্তিশালী মিছাইল কঢ়িয়াব পাৰে। শত্ৰুৰ দৃষ্টিৰ বাহিৰত থাকি নিৰ্দিষ্ট লক্ষ্যত মিছাইল নিক্ষেপ কৰিব পাৰি। প্ৰয়োজন হ'লে ই শত্ৰুৰ  যুঁজাৰু বিমানো ধ্বংস কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement