--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে  প্ৰথমবাৰৰ বাবে  দুখন আসন বিশিষ্ট  তেজছ বিমান লাভ কৰিলে। বুধবাৰে হিন্দুস্তান এৰোনটিক্স লিমিটেডে অত্যাধুনিক তেজছ বিমানখন ভাৰতীয় বায়ু সেনাক হস্তান্তৰ কৰে। এই দুখ আসন থকা বিমান প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰা হ’ব। আজি এই বিমান হস্তান্তৰ কৰাৰ পিছত দেশখনে থলুৱা প্ৰযুক্তিৰে বিমান নিৰ্মাণৰ ক্ষেত্ৰত আৰু এখোজ আগুৱাই গ’ল। 

হিন্দুস্তান এৰোনটিক্স লিমিটেডে প্ৰকাশ কৰা মতে  দুখন আসনৰ অত্যাধুনিক তেজছ প্ৰশিক্ষণ বিমানখনৰ বিভিন্ন বৈশিষ্ট্য আছে। এই বিমান বায়ু সেনাক  প্ৰশিক্ষণ দিয়াত সহায় কৰিবলৈ বিশেষভাৱে  প্ৰস্তুত কৰা হৈছে। প্ৰয়োজন হ'লে এই বিমানখন যুঁদ্ধৰ সময়তো  ব্যৱহাৰ কৰিব পৰা যাব। ইয়াৰ পূৰ্বে  ভাৰতত একক আসনৰ তেজছ যুঁজাৰু বিমান আছিল। এতিয়া দেশৰ মাটিত দুখন আসন থকা তেজছ বিমান  তৈয়াৰ কৰা সম্ভৱ হৈ উঠিছে। 

কেন্দ্ৰীয় মন্ত্ৰী অজয় ভাটে   বাংগালুৰুৰ হিন্দুস্তান এৰোনটিক্সৰ মুখ্য কাৰ্যালয়ত যুঁজাৰু বিমানখন হস্তান্তৰ কৰা  অনুষ্ঠানত উপস্থিত আছিল। বায়ুসেনাক   তেজছ বিমান হস্তান্তৰ কৰাটোৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 'মেক ইন ইণ্ডিয়া'ৰ উদ্যোগত ইতিবাচক দিশ হিচাবে বিবেচিত হৈছে। 

তেজছ যুঁজাৰু বিমানখন  লাইট কমবেট এয়াৰক্ৰাফ্ট' আৰু সম্পূৰ্ণৰূপে থলুৱা প্ৰযুক্তিৰে  ইয়াক নিৰ্মাণ কৰা হৈছে। তেজছে বায়ুসেনাৰ অন্তৰ্ভুক্ত মিগ-২১ বিমানৰ স্থান ল'ব। বিমানখন ইতিমধ্যে একাধিক পৰীক্ষাত সফলতা প্ৰদৰ্শন কৰিছে । ২০২০  চনত, তেজছ বিমানত প্ৰায় ২০,০০০ ফুট উচ্চতাত ৰাছিয়াত নিৰ্মিত আইএল-৭৮ ইন্ধন বাহক বিমানৰ  পৰা ইন্ধন ভৰোৱা হৈছিল। 

কেন্দ্ৰীয় চৰকাৰে মালয়েছিয়াক স্বদেশী ভাৱে বিকশিত তেজছ যুঁজাৰু বিমান বিক্ৰী কৰাৰ সিদ্ধান্ত লৈছে। যদিও অতি পাতল ওজনৰ, তেজছ যুঁজাৰু বিমানে অতি শক্তিশালী মিছাইল কঢ়িয়াব পাৰে। শত্ৰুৰ দৃষ্টিৰ বাহিৰত থাকি নিৰ্দিষ্ট লক্ষ্যত মিছাইল নিক্ষেপ কৰিব পাৰি। প্ৰয়োজন হ'লে ই শত্ৰুৰ  যুঁজাৰু বিমানো ধ্বংস কৰিব পাৰে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু