--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। পোন প্ৰথমে বিশ্বৰ প্ৰতিগৰাকী সাংবাদিকলৈ প্ৰাগ ডিজিটেলৰ শুভকামনা।সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পোৱা। লগতে এই দিৱসত মত প্ৰকাশৰ স্বাধীনতা বজাই ৰখা আৰু সন্মান কৰাৰ দায়বদ্ধতাৰ কথা কোৱা হয়। সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে বিশ্ববাসীক  সতৰ্ক কৰি দি এই দিনটোৱে দেখুৱাইছে যে গণতন্ত্ৰৰ মূল্যবোধক সুৰক্ষা আৰু পুনৰুদ্ধাৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত এখন গণতান্ত্ৰিক দেশ। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ-১৯ত ভাৰতীয়ক দিয়া মৌলিক মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ দ্বাৰা সুনিশ্চিত হয়। আজি (বুধবাৰে) ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বহু জ্যেষ্ঠ নেতাই সমূহ সাংবাদিক ভাতৃ-ভগ্নীলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

National Press Day 2020: All you need to know | Newsmobile
কিয় উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস?
এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পোৱা। উল্লেখযোগ্য যে এই দিনটোত মত প্ৰকাশৰ স্বাধীনতা বজাই ৰখা আৰু সন্মান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা কোৱা হৈছে। প্ৰথম প্ৰেছ আয়োগে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু সাংবাদিকতাৰ উচ্চ আদৰ্শ স্থাপনৰ উদ্দেশ্যেৰে এখন প্ৰেছ পৰিষদৰ কল্পনা কৰিছিল। ফলত ১৯৬৬ চনৰ ৪ জুলাই তাৰিখে ভাৰতীয় প্ৰেছ কাউন্সিল গঠন হয় আৰু ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা আনুষ্ঠানিক কাৰ্যক্ষমতা আৰম্ভ হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। একে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে বিশ্ববাসীক সতৰ্ক কৰি দি এই দিনটোৱে কয় যে গণতন্ত্ৰৰ মূল্যবোধক সুৰক্ষা আৰু পুনৰুদ্ধাৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৬ নৱেম্বৰত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস?
ভাৰতীয় প্ৰেছ কাউন্সিলে গেট কিপিং হিচাপে কাম কৰে। ই নিশ্চিত কৰে যে ভাৰতীয় সাংবাদিকসকল যাতে কোনো প্ৰভাৱ বা বাহ্যিক কাৰকৰ দ্বাৰা অনুপ্ৰাণিত নহয় আৰু কোনো ভয় নোহোৱাকৈ মুক্তভাৱে কাম কৰে। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰেছ কাউন্সিলৰ কাম আৰম্ভ হয় ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা। সেই দিনটোৰ পৰা প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু