--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। পোন প্ৰথমে বিশ্বৰ প্ৰতিগৰাকী সাংবাদিকলৈ প্ৰাগ ডিজিটেলৰ শুভকামনা।সাংবাদিকতাক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে গণ্য কৰা হয়। প্ৰতি বছৰে ১৬ নৱেম্বৰত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস পালন কৰা হয়। এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পোৱা। লগতে এই দিৱসত মত প্ৰকাশৰ স্বাধীনতা বজাই ৰখা আৰু সন্মান কৰাৰ দায়বদ্ধতাৰ কথা কোৱা হয়। সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে বিশ্ববাসীক  সতৰ্ক কৰি দি এই দিনটোৱে দেখুৱাইছে যে গণতন্ত্ৰৰ মূল্যবোধক সুৰক্ষা আৰু পুনৰুদ্ধাৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ভাৰত এখন গণতান্ত্ৰিক দেশ। ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা ভাৰতীয় সংবিধানৰ অনুচ্ছেদ-১৯ত ভাৰতীয়ক দিয়া মৌলিক মত প্ৰকাশৰ স্বাধীনতাৰ অধিকাৰৰ দ্বাৰা সুনিশ্চিত হয়। আজি (বুধবাৰে) ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে বহু জ্যেষ্ঠ নেতাই সমূহ সাংবাদিক ভাতৃ-ভগ্নীলৈ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসত আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছে।

National Press Day 2020: All you need to know | Newsmobile
কিয় উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস?
এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্ব সম্পৰ্কে সজাগতা বিয়পোৱা। উল্লেখযোগ্য যে এই দিনটোত মত প্ৰকাশৰ স্বাধীনতা বজাই ৰখা আৰু সন্মান কৰাৰ প্ৰতিশ্ৰুতিৰ কথা কোৱা হৈছে। প্ৰথম প্ৰেছ আয়োগে ভাৰতৰ সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা আৰু সাংবাদিকতাৰ উচ্চ আদৰ্শ স্থাপনৰ উদ্দেশ্যেৰে এখন প্ৰেছ পৰিষদৰ কল্পনা কৰিছিল। ফলত ১৯৬৬ চনৰ ৪ জুলাই তাৰিখে ভাৰতীয় প্ৰেছ কাউন্সিল গঠন হয় আৰু ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা আনুষ্ঠানিক কাৰ্যক্ষমতা আৰম্ভ হয়। তেতিয়াৰ পৰাই প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়। একে সময়তে সংবাদ মাধ্যমৰ স্বাধীনতাৰ গুৰুত্বৰ বিষয়ে বিশ্ববাসীক সতৰ্ক কৰি দি এই দিনটোৱে কয় যে গণতন্ত্ৰৰ মূল্যবোধক সুৰক্ষা আৰু পুনৰুদ্ধাৰত সংবাদ মাধ্যমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

১৬ নৱেম্বৰত কিয় পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস?
ভাৰতীয় প্ৰেছ কাউন্সিলে গেট কিপিং হিচাপে কাম কৰে। ই নিশ্চিত কৰে যে ভাৰতীয় সাংবাদিকসকল যাতে কোনো প্ৰভাৱ বা বাহ্যিক কাৰকৰ দ্বাৰা অনুপ্ৰাণিত নহয় আৰু কোনো ভয় নোহোৱাকৈ মুক্তভাৱে কাম কৰে। ১৯৬৬ চনৰ ৪ জুলাইত ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰেছ কাউন্সিলৰ কাম আৰম্ভ হয় ১৯৬৬ চনৰ ১৬ নৱেম্বৰৰ পৰা। সেই দিনটোৰ পৰা প্ৰতি বছৰে ১৬ নৱেম্বৰ দিনটো ৰাষ্ট্ৰীয় প্ৰেছ দিৱস হিচাপে পালন কৰা হয়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক