--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত।  চাৰিলেনযুক্ত ঘাইপথৰ চাইডিং মেৰামতি কৰি থকা শ্ৰমিকক মহতিয়াই নিলে তীব্ৰবেগী গাড়ীয়ে। অতিমাত্ৰা গতিৰ বলি হোৱা বাবে গাড়ীখন চালকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পোনে পোনে জামুনিয়া গাঁৱৰ প্ৰায় এক ডজন শ্ৰমিকৰ ওপৰত চলি যায়। শ্ৰমিকসকলৰ উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৪ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি ৮ জন আহত শ্ৰমিকক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ফৰলেনত পথ মেৰামতিৰ কাম চলি আছে। মঙলবাৰেও যমুনিয়া গাঁৱৰ সমীপত প্ৰায় এক ডজন শ্ৰমিকে পথৰ চাইডিং মেৰামতি কৰি আছিল। ইয়াৰ সময়ত প্ৰায় ১০০ মিটাৰ আগতে চাৰিলেনযুক্ত ঘাইপথটোত মেৰামতিৰ কামৰ বাবে ইনডিকেটৰো স্থাপন কৰা হৈছিল যদিও ইনডিকেটৰটো দেখি গাড়ীৰ চালকে গাড়ীখনৰ অতি উচ্চ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু ইনডিকেটৰ বৰ্ডখন উৰুৱাই গাড়ীখন পোনে পোনে শ্ৰমিকৰ ওপৰত উঠিল।

বিলপাংক থানা এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাটো ইমানেই প্ৰবল আছিল যে গাড়ীৰ চকাৰ শব্দ আৰু শ্ৰমিকৰ চিঞৰ-বাখৰ দূৰ দূৰণিৰ পৰা শুনা গৈছিল। শব্দ শুনি গাঁওবাসীয়ে সেই স্থানৰ ফালে দৌৰি যায়, য’ত চাৰিজন শ্ৰমিকক চেপি ধৰাৰ লগতে ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ওচৰতে উপস্থিত থকা কৰ্মচাৰীৰ সহায়ত গাঁওবাসীয়ে আহতসকলক লোডিং গাড়ীত লৈ  ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ যায়। এএনআইৰ তথ্য অনুসৰি ৰতলাম আৰক্ষীৰ অধীক্ষক অভিষেক তিৱাৰীয়ে আহতসকলক চিকিৎসা কৰি থকা বুলি জনাইছে, আনহাতে অভিযুক্ত গাড়ী চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু