--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এক শোকাৱহ দুৰ্ঘটনা। এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশৰ ৰাতলাম জিলাত।  চাৰিলেনযুক্ত ঘাইপথৰ চাইডিং মেৰামতি কৰি থকা শ্ৰমিকক মহতিয়াই নিলে তীব্ৰবেগী গাড়ীয়ে। অতিমাত্ৰা গতিৰ বলি হোৱা বাবে গাড়ীখন চালকৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পোনে পোনে জামুনিয়া গাঁৱৰ প্ৰায় এক ডজন শ্ৰমিকৰ ওপৰত চলি যায়। শ্ৰমিকসকলৰ উত্তৰ প্ৰদেশৰ আলিগড় জিলাৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ৪ জন শ্ৰমিকৰ থিতাতে মৃত্যু হয়। আৰক্ষীৰ তথ্য অনুসৰি ৮ জন আহত শ্ৰমিকক জিলা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে, য’ত তেওঁলোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

প্ৰত্যক্ষদৰ্শীৰ মতে, ফৰলেনত পথ মেৰামতিৰ কাম চলি আছে। মঙলবাৰেও যমুনিয়া গাঁৱৰ সমীপত প্ৰায় এক ডজন শ্ৰমিকে পথৰ চাইডিং মেৰামতি কৰি আছিল। ইয়াৰ সময়ত প্ৰায় ১০০ মিটাৰ আগতে চাৰিলেনযুক্ত ঘাইপথটোত মেৰামতিৰ কামৰ বাবে ইনডিকেটৰো স্থাপন কৰা হৈছিল যদিও ইনডিকেটৰটো দেখি গাড়ীৰ চালকে গাড়ীখনৰ অতি উচ্চ গতি নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু ইনডিকেটৰ বৰ্ডখন উৰুৱাই গাড়ীখন পোনে পোনে শ্ৰমিকৰ ওপৰত উঠিল।

বিলপাংক থানা এলেকাত সংঘটিত হোৱা এই দুৰ্ঘটনাটো ইমানেই প্ৰবল আছিল যে গাড়ীৰ চকাৰ শব্দ আৰু শ্ৰমিকৰ চিঞৰ-বাখৰ দূৰ দূৰণিৰ পৰা শুনা গৈছিল। শব্দ শুনি গাঁওবাসীয়ে সেই স্থানৰ ফালে দৌৰি যায়, য’ত চাৰিজন শ্ৰমিকক চেপি ধৰাৰ লগতে ৮ জন শ্ৰমিক গুৰুতৰভাৱে আহত হয়। ওচৰতে উপস্থিত থকা কৰ্মচাৰীৰ সহায়ত গাঁওবাসীয়ে আহতসকলক লোডিং গাড়ীত লৈ  ততাতৈয়াকৈ জিলা চিকিৎসালয়লৈ যায়। এএনআইৰ তথ্য অনুসৰি ৰতলাম আৰক্ষীৰ অধীক্ষক অভিষেক তিৱাৰীয়ে আহতসকলক চিকিৎসা কৰি থকা বুলি জনাইছে, আনহাতে অভিযুক্ত গাড়ী চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক