--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাইক ষ্টণ্ট কৰাৰ ফলত দেশত প্ৰায় প্ৰতিদিনেই নৱ প্ৰজন্মৰ বহুতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। শেহতীয়াকৈ বান্ধৱীৰ সন্মুখত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এজন উঠি অহা যুৱকে। এক্টিভা চলাই থকাৰ সময়তে যুৱকজনে চিগাৰেট এটা জ্বলাবলৈ লৈছিল। তেতিয়াই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।  

যুৱক জনৰ বাহনখনে ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় যুৱক জন। আনহাতে গুৰুতৰ ভাবে আহত হয় যুৱক জনৰ সৈতে এক্টিভা খনত একেলগে উঠি যোৱা তেওঁৰবান্ধৱীগৰাকী। ঘটনাটো ঘটিছে  ইন্দোৰত ।যোৱা নিশা ইন্দোৰত সংঘটিত হয় এই দুৰ্ঘটনাত।জানিব পৰা মতে  যোৱা নিশা যুৱক জনে  এগৰাকী যুৱতীৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। 

এখন হাতেৰে চিগাৰেট জ্বলোৱাৰ সময়ত তেওঁৰ এক্টিভা খনে  নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।  ফলত গাড়ীখনে ডিভাইডাৰত খুন্দামাৰে। বিজয়নগৰ আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱক-যুৱতীহালক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও যুৱক জনৰ মৃত্যু ঘটে।

বিজয়নগৰ আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো ভাণ্ডাৰী চিকিৎসালয়ৰ ওচৰত সংঘটিত হৈছিল। নিহত যুৱক জনক  মহম্মদ চেলিমৰ পুত্ৰ মহম্মদ ৱাকাৰ (২২) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ ইন্দোৰৰ উদাপুৰাত। তেওঁৰ সৈতে থকা  যুৱতী কাজলৰ আঘাতো গুৰুতৰ বুলি জানিব পৰা গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক