--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাইক ষ্টণ্ট কৰাৰ ফলত দেশত প্ৰায় প্ৰতিদিনেই নৱ প্ৰজন্মৰ বহুতে মৃত্যুক সাৱটি ল’বলগীয়া হৈছে। শেহতীয়াকৈ বান্ধৱীৰ সন্মুখত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এজন উঠি অহা যুৱকে। এক্টিভা চলাই থকাৰ সময়তে যুৱকজনে চিগাৰেট এটা জ্বলাবলৈ লৈছিল। তেতিয়াই সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনা।  

যুৱক জনৰ বাহনখনে ডিভাইডাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে। ফলত থিতাতে নিহত হয় যুৱক জন। আনহাতে গুৰুতৰ ভাবে আহত হয় যুৱক জনৰ সৈতে এক্টিভা খনত একেলগে উঠি যোৱা তেওঁৰবান্ধৱীগৰাকী। ঘটনাটো ঘটিছে  ইন্দোৰত ।যোৱা নিশা ইন্দোৰত সংঘটিত হয় এই দুৰ্ঘটনাত।জানিব পৰা মতে  যোৱা নিশা যুৱক জনে  এগৰাকী যুৱতীৰ সৈতে ফুৰিবলৈ ওলাই গৈছিল। 

এখন হাতেৰে চিগাৰেট জ্বলোৱাৰ সময়ত তেওঁৰ এক্টিভা খনে  নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।  ফলত গাড়ীখনে ডিভাইডাৰত খুন্দামাৰে। বিজয়নগৰ আৰক্ষীয়ে লগে লগে ঘটনাস্থলীত উপস্থিত হৈ যুৱক-যুৱতীহালক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও যুৱক জনৰ মৃত্যু ঘটে।

বিজয়নগৰ আৰক্ষীয়ে জনোৱা অনুসৰি ঘটনাটো ভাণ্ডাৰী চিকিৎসালয়ৰ ওচৰত সংঘটিত হৈছিল। নিহত যুৱক জনক  মহম্মদ চেলিমৰ পুত্ৰ মহম্মদ ৱাকাৰ (২২) বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ ঘৰ ইন্দোৰৰ উদাপুৰাত। তেওঁৰ সৈতে থকা  যুৱতী কাজলৰ আঘাতো গুৰুতৰ বুলি জানিব পৰা গৈছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু