--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰৱৰ্তী পাঁচ বছৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি কোন হ’ব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আৰু মাত্ৰ কেইটামা মুহূৰ্তৰ অপেক্ষা৷ বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰেই জয়ৰ সম্ভাৱনা উজ্জ্বল বুলি চৰ্চা চলি থকাৰ সময়তে   সংসদত ভোটগণনা আজি দিনৰ  ১১ বজাত আৰম্ভ হোৱা ভোটগণনাত  গেৰুৱা শিবিৰৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু  বিৰোধী দলসমূহৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ তুলনাত  সাংবিধানিক মুৰব্বীৰ দৌৰত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। 

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই এতিয়া  ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ  গাঁৱত  আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ ওৰিশাৰ ময়ূৰভঞ্জ জিলাৰ উপৰবেদা গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ গাঁৱতে জন্মগ্ৰহণ কৰা মুৰ্মু বিজয়ী হ’ব বুলি প্ৰায় এশ শতাংশ নিশ্চিত হৈছে৷ সেয়ে বিজয়ৰ আনন্দ উদযাপন কৰিবলৈ গাঁওবাসী সাজু হৈ পৰিছে৷ 
 
উল্লেখ্য এই বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰম্ভণিৰে পৰাই দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ আহিছে। প্ৰথমে ভবা হৈছিল যে  বিজেপিয়ে  বিৰোধীৰ সৈতে কথা পাতি প্ৰাৰ্থী বাছনি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিৰোধীৰ সৈতে কথা পতাৰ দায়িত্ব দিয়া হৈছিল। তেওঁ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, শাৰদ পাৱাৰকে ধৰি হেভিৱেট বিৰোধী নেতাসকলে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছিল৷ সেই মতে বহু আলোচনাৰ অন্তত বিৰোধীয়ে যশোৱন্ত সিনহাক সন্মিলিত প্ৰাৰ্থী হিচাবে বাছনি কৰিছিল৷
 দ্ৰৌপদী মুৰ্মুক গেৰুৱা  শিবিৰে প্ৰাৰ্থী হিচাবে  ঘোষণা কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে এই বুলি কৈছিল যে মুৰ্মুক প্ৰাৰ্থিত্ব দিয়া বুলি জনাহেঁতেন তেওঁলোকে বিৰোধীৰ কোনো প্ৰাৰ্থী নিদিলেহেঁতেন৷ যিকিনহওঁক, আজি ৰাষ্ট্ৰপতি পদৰ প্ৰাথীৰ ভাগ্য নিৰ্ধাৰণ হ’ব৷ ভোটগ্ৰহণৰ সময়ত অসম, উৰিষ্যা, গুজৰাট আৰু মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত 'ক্ৰছ-ভোটিং'ৰ অভিযোগ উত্থাপন হৈছিল।

শেহতীয়া তথ্য অনুসৰি  দ্ৰৌপদী মুৰ্মু যুঁজত আগবাঢ়ি আছে৷সেয়ে  তেওঁৰ গাঁৱত ইতিমধ্যে বৰ্ণিল উদযাপন আৰম্ভ হৈছে। গাওঁবাসীয়ে আনকি  শোভাযাত্ৰাও উলিয়াইছে। প্ৰধানমন্ত্ৰী  মোদীয়ে দিল্লীৰ উমা শংকৰ দীক্ষিত মাৰ্গত আজি  দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

দ্ৰৌপদী মুৰ্মুৰ জীয়ৰী  ইতিশ্ৰীয়ে আজি পুনৰ মাতৃৰ বিজয় নিশ্চিত বুলি আশা প্ৰকাশ কৰিছে৷




FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ