--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰৱৰ্তী পাঁচ বছৰৰ বাবে দেশৰ ৰাষ্ট্ৰপতি কোন হ’ব? এই প্ৰশ্নৰ উত্তৰ পাবলৈ আৰু মাত্ৰ কেইটামা মুহূৰ্তৰ অপেক্ষা৷ বিজেপি নেতৃত্বাধীন এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰেই জয়ৰ সম্ভাৱনা উজ্জ্বল বুলি চৰ্চা চলি থকাৰ সময়তে   সংসদত ভোটগণনা আজি দিনৰ  ১১ বজাত আৰম্ভ হোৱা ভোটগণনাত  গেৰুৱা শিবিৰৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু  বিৰোধী দলসমূহৰ প্ৰাৰ্থী যশৱন্ত সিনহাৰ তুলনাত  সাংবিধানিক মুৰব্বীৰ দৌৰত আগবাঢ়ি আছে বুলি জানিব পৰা গৈছে। 

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই এতিয়া  ঝাৰখণ্ডৰ প্ৰাক্তন ৰাজ্যপাল দ্ৰৌপদী মুৰ্মুৰ  গাঁৱত  আনন্দমুখৰ পৰিবেশে বিৰাজ কৰিছে৷ ওৰিশাৰ ময়ূৰভঞ্জ জিলাৰ উপৰবেদা গাঁৱৰ বাসিন্দাসকলে তেওঁলোকৰ গাঁৱতে জন্মগ্ৰহণ কৰা মুৰ্মু বিজয়ী হ’ব বুলি প্ৰায় এশ শতাংশ নিশ্চিত হৈছে৷ সেয়ে বিজয়ৰ আনন্দ উদযাপন কৰিবলৈ গাঁওবাসী সাজু হৈ পৰিছে৷ 
 
উল্লেখ্য এই বছৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন আৰম্ভণিৰে পৰাই দেশৰ ৰাজনীতিৰ কেন্দ্ৰবিন্দু হৈ আহিছে। প্ৰথমে ভবা হৈছিল যে  বিজেপিয়ে  বিৰোধীৰ সৈতে কথা পাতি প্ৰাৰ্থী বাছনি কৰিব। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক বিৰোধীৰ সৈতে কথা পতাৰ দায়িত্ব দিয়া হৈছিল। তেওঁ বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী, শাৰদ পাৱাৰকে ধৰি হেভিৱেট বিৰোধী নেতাসকলে নিজাববীয়াকৈ প্ৰাৰ্থী দিয়াৰ সিদ্ধান্ত লৈছিল৷ সেই মতে বহু আলোচনাৰ অন্তত বিৰোধীয়ে যশোৱন্ত সিনহাক সন্মিলিত প্ৰাৰ্থী হিচাবে বাছনি কৰিছিল৷
 দ্ৰৌপদী মুৰ্মুক গেৰুৱা  শিবিৰে প্ৰাৰ্থী হিচাবে  ঘোষণা কৰাৰ পিছতে মমতা বেনাৰ্জীয়ে এই বুলি কৈছিল যে মুৰ্মুক প্ৰাৰ্থিত্ব দিয়া বুলি জনাহেঁতেন তেওঁলোকে বিৰোধীৰ কোনো প্ৰাৰ্থী নিদিলেহেঁতেন৷ যিকিনহওঁক, আজি ৰাষ্ট্ৰপতি পদৰ প্ৰাথীৰ ভাগ্য নিৰ্ধাৰণ হ’ব৷ ভোটগ্ৰহণৰ সময়ত অসম, উৰিষ্যা, গুজৰাট আৰু মহাৰাষ্ট্ৰকে ধৰি কেইবাখনো ৰাজ্যত 'ক্ৰছ-ভোটিং'ৰ অভিযোগ উত্থাপন হৈছিল।

শেহতীয়া তথ্য অনুসৰি  দ্ৰৌপদী মুৰ্মু যুঁজত আগবাঢ়ি আছে৷সেয়ে  তেওঁৰ গাঁৱত ইতিমধ্যে বৰ্ণিল উদযাপন আৰম্ভ হৈছে। গাওঁবাসীয়ে আনকি  শোভাযাত্ৰাও উলিয়াইছে। প্ৰধানমন্ত্ৰী  মোদীয়ে দিল্লীৰ উমা শংকৰ দীক্ষিত মাৰ্গত আজি  দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে।

দ্ৰৌপদী মুৰ্মুৰ জীয়ৰী  ইতিশ্ৰীয়ে আজি পুনৰ মাতৃৰ বিজয় নিশ্চিত বুলি আশা প্ৰকাশ কৰিছে৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
স্বাভাৱিক হ’ব ৰে’ল সেৱা; শিৱসাগৰত বানত ক্ষতিগ্ৰস্ত ৰে’লপথৰ মেৰামতি সম্পন্ন
ক্ষুদ্ৰ চাহ খেতিয়কৰ উল্লেখনীয় অৱদান; জুনত অসমৰ চাহ উৎপাদন ১৪.০২ মিলিয়ন কেজি বৃদ্ধি
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ