--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সোমবাৰে সমাপ্ত হয় ১৬ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটদান। বৃহস্পতি বাৰে অৰ্থাৎ আজি হৈছে ভোটগণনা। কংগ্ৰেছ, তৃণমূল, বাওঁপন্থীকে ধৰি বিৰোধী শিবিৰৰ যশৱন্ত সিনহা আৰু বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে।

ইতিহাসৰ পাতনি মেলিলে এয়া স্পষ্ট যে বিগত ১৫ বাৰ ভিতৰত ১৪ বাৰ দেশৰ প্ৰথম জন নাগৰিক হিচাপে ৰাষ্ট্ৰপতি নিৰ্বাচনত দুবাৰকৈ প্ৰতিদ্বন্দ্বিতা কৰিছে মাত্ৰ এজনে। মুঠ ১৪ জন ৰাষ্ট্ৰপতিৰ ভিতৰত কেৱল মাত্ৰ এজনহে প্ৰথম ৰাষ্ট্ৰপতি যি দুবাৰকৈ জয়ী হৈ ৰাইচিনালৈ গৈছিল। তেওঁ হৈছে ভাৰতৰ প্ৰথমজন ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদ ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত সৰ্বাধিক ভোট লাভ কৰি জয়লাভ কৰাৰ অভিলেখও আছে ৰাজেন্দ্ৰপ্ৰসাদৰ। আনহাতে, ১৯৬৯ চনত ৰাষ্ট্রপতি নির্বাচনত ভি ভি গিৰিয়েও সর্বাধিক ভোট লাভ কৰি জয়লাভ কৰিবলৈ সক্ষম হৈছিল।১৯৫৭ চনত ৰাজেন্দ্ৰ প্ৰসাদে লাভ কৰিছিল মুঠ ভোটৰ ৯৮.৯৯ শতাংশ। সেই অভিলেখ আজিও অক্ষত আছে। ইয়াৰ পূৰ্বে ১৯৫২ চনত দেশৰ প্ৰথমটো ৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ৮৩.৮১ শতাংশ ভোট লাভ কৰি জয়লাভ কৰিছিল। ১৯৫৭ চনৰ ৬ মে’ত অনুষ্ঠিত দ্বিতীয়টো ৰাষ্ট্ৰপতি নিৰ্বাচনত ৪ লাখ ৬৪ হাজাৰ ভোটৰ ভিতৰত ৰাজেন্দ্ৰ প্ৰসাদে ৪ লাখ ৫৯ হাজাৰতকৈ অধিক ভোট লাভ কৰিছিল। সেই নিৰ্বাচনৰ আন দুজন প্ৰতিদ্বন্দ্বী চৌধুৰী হৰি ৰাম আৰু নাৰায়ণ দাসেও তিনি হাজাৰৰো সীমা অতিক্ৰম কৰা নাছিল।

ইফালে ২০১৭ চনৰ ১৫ সংখ্যক ৰাষ্ট্ৰপতি নিৰ্বাচনত ১০ লাখ ৬৯ হাজাৰ ৩৫৮ টা বৈধ ভোটৰ ভিতৰত ৭ লাখ ২ হাজাৰ ৪৪ টা ভোট লাভ কৰিছিল ৰামনাথ কোবিন্দই। শতাংশ হিচাপে ৬৫.৬৫ শতাংশ। আৰু যোৱা চাৰিটা দশকৰ ইতিহাসত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ বাবে এই ভোটৰ সংখ্যা আছিল আটাইতকৈ সৰ্বনিম্ন।২০১৭ চনৰ নিৰ্বাচনত ৰামনাথৰ প্ৰতিদ্বন্দ্বী তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ মীৰা কুমাৰে লাভ কৰিছিল ৩ লাখ ৬৭ হাজাৰ ৩১৪ টা ভোট। কংগ্ৰেছকে ধৰি কেইবাটাও বিৰোধী দলৰ সমৰ্থিত প্ৰাৰ্থী মীৰাই প্ৰায় ৩৪.৩৫ শতাংশ ভোট লাভ কৰিছিল।

ৰাষ্ট্ৰপতি নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতা বিজয়ৰ একমাত্ৰ উদাহৰণ  নীলাম সঞ্জীৱ ৰেড্ডী। ১৯৭৭ চনত তদানীন্তন শাসকীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে। ৰেডীৰ প্ৰতিদ্বন্দ্বীতাত ৩৬গৰাকীৰ প্ৰতিদ্বন্দ্বিৰ মনোনয়ন বাতিল কৰাও পৰিবেশ হয়তো সকলোৰে বোধগম্য।

কিন্তু ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পৰাজিত হৈছিল কংগ্ৰেছ ৱৰ্কিং কমিটী আৰু সংসদীয় ব’ৰ্ডৰ প্ৰাৰ্থী নীলাম সঞ্জীৱ ৰেড্ডী! ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ইতিহাসত সৰ্বনিম্ন ভোট লাভ কৰিছিল ভি ভি গিৰীয়ে।তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেই নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী ভি ভি গিৰীৰ সমৰ্থনত কংগ্ৰেছ বিধায়কসকলক ‘বিবেক ভোট’ৰ আহ্বান জনাইছিল।

১৯৬৯ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত মুঠ বৈধ ভোটৰ সংখ্যা আছিল ৮লাখ ২৫ শহাজাৰ ৫০৪টা। ইন্দিৰা সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থীয়ে লাভ কৰে ৪লাখ ২০হাজাৰ ৭৭টা ভোট। অৰ্থাৎ প্ৰায় ৫০.৯ শতাংশ। সেইবাৰ গিৰীৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী ৰেড্ডীয়ে লাভ কৰিছিল ৪লাখ ৫হাজাৰ ৪২৭টা ভোট আৰু শতাংশ হিচাপে তাৰ পৰিমাণ আছিল ৪৯.১। সেই নিৰ্বাচনত জনসংঘৰ সমৰ্থিত প্ৰাৰ্থী আছিল নেহৰু যুগৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী চি ডি দেশমুখ।

ৰাষ্ট্ৰপতি নিৰ্বাচনত ভি ভি গিৰীৰ জয়ৰ পিছত ইন্দিৰাক বহিষ্কাৰ কৰিছিল তদানীন্তন কংগ্ৰেছ সভাপতি নিজলিংগপ্পাই। অৱশেষত কংগ্ৰেছ ভাঙি পৰিল। পাছলৈ ইন্দিৰা গান্ধীৰ সমগ্ৰ গোটটোৱে কংগ্ৰেছৰ মূল অংশ হিচাপে প্ৰতিষ্ঠা কৰা হয়।

ৰাষ্ট্ৰপতি নিৰ্বাচনত দ্বিতীয় সৰ্বনিম্ন ভোট পাইছিল ১৯৬৭ চনৰ নিৰ্বাচনত। সেইবাৰ বিজয়ী প্ৰাৰ্থী জাকিৰ হুছেইনে লাভ কৰিছিল ৫৬.২শতাংশ ভোট। মুঠ ৪লাখ ৭১হাজাৰ ২৪৪জন। ১৯৬৭ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত বৈধ ভোটৰ সংখ্যা আছিল ৮ লাখ ৩৮ হাজাৰ ১৭০। জাকিৰৰ মূল প্ৰতিদ্বন্দ্বী উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ কে চুব্বাৰৱে লাভ কৰে ৩ লাখ ৬৩ হাজাৰ ৯৭১ টকা অৰ্থাৎ ৪৩.৪ শতাংশ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ