--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাইজে বিপুল ভোটেৰে নিৰ্বাচিত কৰা দিল্লী-দিছপুৰৰ চৰকাৰে জনতাৰ তেজ শুহি খাই পুনৰ দেশৰ নাগৰিকক পোনপটিয়াকৈ আক্ৰমণ কৰিলে৷ পুঁজিপতিৰ দ্বাৰা পৰিচালিত চৰকাৰে প্ৰতিদিনে নাগৰিকৰ মূৰত মাধমাৰ শোধাই মুখ্য বিষয় মূল্যবৃদ্ধিক গৌণ কৰি ৰাখিছে৷ ধৰ্মৰ নামত একাংশ লোকক এটা দলৰ অন্ধভক্ত কৰা হৈছে৷ হিন্দু, মুছলমান, খ্ৰীষ্টানৰ নামত মানুহক সংঘাতত লিপ্ত কৰাইছে এই বিজেপিৰ চৰকাৰে৷ 

নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ বন্ধ হৈ অহাৰ ফলত ভাৰতৰ ঘৰুৱা উৎপাদন ব্যৱস্থাৰ কঁকাল ভাঙি গৈছে৷ নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ পৰিকল্পনাই ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰাণ সঞ্চাৰ কৰিব নোৱাৰিলে৷ ইয়াৰ মূলতে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰিকল্পনাৰ অভাৱ আৰু সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি৷ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বন্ধ হৈ পৰাত অৰ্থনীত বিধ্বস্ত হৈ পৰিছে৷ আজি ডলাৰৰ তুলনাত সকলো অভিলেখ ভংগ কৰি টকাৰ মূল্য হ্ৰাস হৈছে৷ সকলো বস্তুৰ মূল্যবৃদ্ধিৰ ফলত নাগৰিকে ককবকাই আছে৷ উপাৰ্জনহীন হৈ পৰা নাগৰিকে দুবেলা-দুমুঠি খাবলৈ নোপোৱা হ’ল৷ 

নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ভুল নীতিৰ বাবে আজিৰে পৰা একাধিক নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পালে৷ অমৃতকাল, অচ্ছেদিন, নিউ ইণ্ডিয়াত পেকেজত বিক্ৰী কৰা সামগ্ৰী, দুগ্ধজাত সামগ্ৰীৰ লগতে দৈ, আটা, চাউল, অ’টছ, বাৰ্লি, পাপৰ, লাচ্চি, মাংস, মাছ, পিঠাগুড়ি, চিৰা, মুৰি, গুড়ৰ দাম বাঢ়িল৷ প্ৰতি কেজি চাউলত ৫ টকালৈ বৃদ্ধি হ’ব৷ ড্ৰাই ফুড, মৌ, মাখন, ঘেঁহুত অত্যধিক জিএছটি আৰোপ কৰিলে৷ শিক্ষণ সামগ্ৰী যেনে- পেঞ্চিল, চিয়াঁহী, এল.ই.ডি লেম্পতো ১২-১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ল৷ চামৰাজাতীয় সামগ্ৰীত ৫-১২ শতাংশ জিএছটি বৃদ্ধি কৰা হৈছে। চিকিৎসালয়ৰ কোঠা, হোটেলৰ ভাৰা, ইলেক্ট্ৰ’নিক বাহন, ফলৰ ৰসজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা হ’ল৷ হাস্পতালত থকা ৰোগীৰ পৰিয়ালৰ পৰা ধন শৰাধ কৰিব চৰকাৰে৷ হোটেলৰ কোঠাৰ ভাৰা, ভূচিত্ৰাৱলী, মেপ, ছাৰ্ট আদিত ১০০০ হাজাৰ পৰ্যন্ত অতিৰিক্ত ভৰিব লাগিব৷ এনে সামগ্ৰীত ১২ শতাংশ জিএছটি আৰোপ কৰিছে৷ চেক ইছ্যূ কৰিবলৈ বেংকৰ দ্বাৰা লোৱা মাচুলত ১৮ শতাংশ জিএছটি ল’ব নৰেন্দ্ৰ মোদী চৰকাৰে৷ এয়া বিপদত পৰা নাগৰিকৰ ঘৰত সিন্ধি সান্ধি ধনৰ শৰাধ কৰিছে৷

মোদী ডাঙৰীয়াৰ এয়াই অচ্ছেদিন আছিল নে? সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰি মানুহক জীয়াই থকাৰ পৰিৱেশ দিয়াৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী জনালো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ