--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাইজে বিপুল ভোটেৰে নিৰ্বাচিত কৰা দিল্লী-দিছপুৰৰ চৰকাৰে জনতাৰ তেজ শুহি খাই পুনৰ দেশৰ নাগৰিকক পোনপটিয়াকৈ আক্ৰমণ কৰিলে৷ পুঁজিপতিৰ দ্বাৰা পৰিচালিত চৰকাৰে প্ৰতিদিনে নাগৰিকৰ মূৰত মাধমাৰ শোধাই মুখ্য বিষয় মূল্যবৃদ্ধিক গৌণ কৰি ৰাখিছে৷ ধৰ্মৰ নামত একাংশ লোকক এটা দলৰ অন্ধভক্ত কৰা হৈছে৷ হিন্দু, মুছলমান, খ্ৰীষ্টানৰ নামত মানুহক সংঘাতত লিপ্ত কৰাইছে এই বিজেপিৰ চৰকাৰে৷ 

নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগসমূহ বন্ধ হৈ অহাৰ ফলত ভাৰতৰ ঘৰুৱা উৎপাদন ব্যৱস্থাৰ কঁকাল ভাঙি গৈছে৷ নৰেন্দ্ৰ মোদীৰ ‘আত্মনিৰ্ভৰ ভাৰত’ পৰিকল্পনাই ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগৰ প্ৰাণ সঞ্চাৰ কৰিব নোৱাৰিলে৷ ইয়াৰ মূলতে নৰেন্দ্ৰ মোদী চৰকাৰৰ পৰিকল্পনাৰ অভাৱ আৰু সামগ্ৰীৰ অত্যধিক মূল্যবৃদ্ধি৷ ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ বন্ধ হৈ পৰাত অৰ্থনীত বিধ্বস্ত হৈ পৰিছে৷ আজি ডলাৰৰ তুলনাত সকলো অভিলেখ ভংগ কৰি টকাৰ মূল্য হ্ৰাস হৈছে৷ সকলো বস্তুৰ মূল্যবৃদ্ধিৰ ফলত নাগৰিকে ককবকাই আছে৷ উপাৰ্জনহীন হৈ পৰা নাগৰিকে দুবেলা-দুমুঠি খাবলৈ নোপোৱা হ’ল৷ 

নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ ভুল নীতিৰ বাবে আজিৰে পৰা একাধিক নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম বৃদ্ধি পালে৷ অমৃতকাল, অচ্ছেদিন, নিউ ইণ্ডিয়াত পেকেজত বিক্ৰী কৰা সামগ্ৰী, দুগ্ধজাত সামগ্ৰীৰ লগতে দৈ, আটা, চাউল, অ’টছ, বাৰ্লি, পাপৰ, লাচ্চি, মাংস, মাছ, পিঠাগুড়ি, চিৰা, মুৰি, গুড়ৰ দাম বাঢ়িল৷ প্ৰতি কেজি চাউলত ৫ টকালৈ বৃদ্ধি হ’ব৷ ড্ৰাই ফুড, মৌ, মাখন, ঘেঁহুত অত্যধিক জিএছটি আৰোপ কৰিলে৷ শিক্ষণ সামগ্ৰী যেনে- পেঞ্চিল, চিয়াঁহী, এল.ই.ডি লেম্পতো ১২-১৮ শতাংশ জিএছটি আৰোপ কৰা হ’ল৷ চামৰাজাতীয় সামগ্ৰীত ৫-১২ শতাংশ জিএছটি বৃদ্ধি কৰা হৈছে। চিকিৎসালয়ৰ কোঠা, হোটেলৰ ভাৰা, ইলেক্ট্ৰ’নিক বাহন, ফলৰ ৰসজাতীয় সামগ্ৰীৰ দাম বৃদ্ধি কৰা হ’ল৷ হাস্পতালত থকা ৰোগীৰ পৰিয়ালৰ পৰা ধন শৰাধ কৰিব চৰকাৰে৷ হোটেলৰ কোঠাৰ ভাৰা, ভূচিত্ৰাৱলী, মেপ, ছাৰ্ট আদিত ১০০০ হাজাৰ পৰ্যন্ত অতিৰিক্ত ভৰিব লাগিব৷ এনে সামগ্ৰীত ১২ শতাংশ জিএছটি আৰোপ কৰিছে৷ চেক ইছ্যূ কৰিবলৈ বেংকৰ দ্বাৰা লোৱা মাচুলত ১৮ শতাংশ জিএছটি ল’ব নৰেন্দ্ৰ মোদী চৰকাৰে৷ এয়া বিপদত পৰা নাগৰিকৰ ঘৰত সিন্ধি সান্ধি ধনৰ শৰাধ কৰিছে৷

মোদী ডাঙৰীয়াৰ এয়াই অচ্ছেদিন আছিল নে? সকলো সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰি মানুহক জীয়াই থকাৰ পৰিৱেশ দিয়াৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ দাবী জনালো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু