--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি-২০ নেতা সন্মিলনৰ পূৰ্বে ভাৰতীয় বিষয়াৰ পৰিচয় পত্ৰত এতিয়া ভাৰতীয় বিষয়া(INDIAN OFFICIAL)ৰ বিপৰীতে ‘ভাৰতৰ বিষয়া’ বুলি লিখা থাকিব।


মঙলবাৰে ‘ভাৰতৰ ৰাষ্ট্ৰপতি’ৰ সৈতে জি-২০ শীৰ্ষ সন্মিলনৰ নৈশ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পাছতে এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ উপৰিও সংসদৰ আগন্তুক বিশেষ অধিৱেশনত ইণ্ডিয়া নাম সলনি কৰাৰ চৰকাৰে কৰা পৰিকল্পনা সন্দৰ্ভতো কৰা জল্পনা-কল্পনাৰ ইন্ধন যোগাইছিল।

৬-৭ ছেপ্টেম্বৰত ২০ সংখ্যক আছিয়ান ইণ্ডিয়া সন্মিলন আৰু ১৮ সংখ্যক ইষ্ট এছিয়া সন্মিলনৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ ভ্ৰমণৰ এদিন পূৰ্বে তেওঁৰ ভ্ৰমণৰ ফাংচন নোটত তেওঁক ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’ বুলি উল্লেখ কৰা হৈছিল৷ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ আমন্ত্ৰণত জাকাৰ্টাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী৷শেহতীয়াকৈ ২২-২৫ আগষ্টৰ পৰা দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ সময়ত ফাংচন নোটত তেওঁক ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’ বুলিও উল্লেখ কৰা হৈছে।


ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ জি-২০ৰ নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰৰ পাছতে বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে মোদী চৰকাৰে ইণ্ডিয়াক বাদ দি কেৱল ভাৰতক দেশৰ নাম হিচাপে লৈ থাকিবলৈ পৰিকল্পনা কৰিছে।উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত লিখা আছে- "ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাষ্ট্ৰৰ সংঘ হ'ব।"

ভাৰতৰ সংবিধানত বৰ্তমান দেশখনক "ইণ্ডিয়া, অৰ্থাৎ ভাৰত" বুলি উল্লেখ কৰা হৈছে। কিন্তু ইয়াক কেৱল "ভাৰত" বুলি সংশোধন কৰাৰ আহ্বান ক্ৰমাৎ বৃদ্ধি পাইছে।

উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে এই পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ সংবিধানৰ সংশোধনী প্ৰৱৰ্তন কৰা হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু