--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি-২০ নেতা সন্মিলনৰ পূৰ্বে ভাৰতীয় বিষয়াৰ পৰিচয় পত্ৰত এতিয়া ভাৰতীয় বিষয়া(INDIAN OFFICIAL)ৰ বিপৰীতে ‘ভাৰতৰ বিষয়া’ বুলি লিখা থাকিব।


মঙলবাৰে ‘ভাৰতৰ ৰাষ্ট্ৰপতি’ৰ সৈতে জি-২০ শীৰ্ষ সন্মিলনৰ নৈশ আহাৰ গ্ৰহণৰ বাবে আমন্ত্ৰণ জনোৱাৰ পাছতে এক বৃহৎ বিতৰ্কৰ সৃষ্টি হয়। ইয়াৰ উপৰিও সংসদৰ আগন্তুক বিশেষ অধিৱেশনত ইণ্ডিয়া নাম সলনি কৰাৰ চৰকাৰে কৰা পৰিকল্পনা সন্দৰ্ভতো কৰা জল্পনা-কল্পনাৰ ইন্ধন যোগাইছিল।

৬-৭ ছেপ্টেম্বৰত ২০ সংখ্যক আছিয়ান ইণ্ডিয়া সন্মিলন আৰু ১৮ সংখ্যক ইষ্ট এছিয়া সন্মিলনৰ বাবে ইণ্ডোনেছিয়া ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁৰ ভ্ৰমণৰ এদিন পূৰ্বে তেওঁৰ ভ্ৰমণৰ ফাংচন নোটত তেওঁক ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’ বুলি উল্লেখ কৰা হৈছিল৷ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জোকো উইডোডোৰ আমন্ত্ৰণত জাকাৰ্টাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী মোদী৷শেহতীয়াকৈ ২২-২৫ আগষ্টৰ পৰা দক্ষিণ আফ্ৰিকা আৰু গ্ৰীচ ভ্ৰমণৰ সময়ত ফাংচন নোটত তেওঁক ‘ভাৰতৰ প্ৰধানমন্ত্ৰী’ বুলিও উল্লেখ কৰা হৈছে।


ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূ জি-২০ৰ নৈশ আহাৰ গ্ৰহণৰ নিমন্ত্ৰণী পত্ৰৰ পাছতে বিৰোধীয়ে অভিযোগ উত্থাপন কৰে যে মোদী চৰকাৰে ইণ্ডিয়াক বাদ দি কেৱল ভাৰতক দেশৰ নাম হিচাপে লৈ থাকিবলৈ পৰিকল্পনা কৰিছে।উল্লেখযোগ্য যে ভাৰতীয় সংবিধানৰ ১ নং অনুচ্ছেদত লিখা আছে- "ইণ্ডিয়া অৰ্থাৎ ভাৰত ৰাষ্ট্ৰৰ সংঘ হ'ব।"

ভাৰতৰ সংবিধানত বৰ্তমান দেশখনক "ইণ্ডিয়া, অৰ্থাৎ ভাৰত" বুলি উল্লেখ কৰা হৈছে। কিন্তু ইয়াক কেৱল "ভাৰত" বুলি সংশোধন কৰাৰ আহ্বান ক্ৰমাৎ বৃদ্ধি পাইছে।

উল্লেখ্য যে, ১৮ ছেপ্টেম্বৰৰ পৰা সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ লগে লগে এই পৰিৱৰ্তন কাৰ্যকৰী কৰিবলৈ সংবিধানৰ সংশোধনী প্ৰৱৰ্তন কৰা হ’ব পাৰে বুলি জল্পনা-কল্পনা কৰা হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ