--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা আজিৰ অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । সমাজৰ শিক্ষকসকলে জীৱন গঢ়াৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী হৈ আমাৰ উত্তৰ প্ৰজন্মক বাট দেখুৱাই লৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ শিক্ষকসকলৰ ত্যাগ আৰু মহানতাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে। আনহাতে আজিৰ মোবাইল আৰু ইন্টাৰনেট নিৰ্ভৰ সময়ত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন এক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ছাত্ৰ-ছাত্ৰীৰ মৌলিক আৰু বৌদ্ধিক বিকাশৰ বাবে আজিৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰিবলগাত পৰিছে । 

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী থকা সময়ত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নিকা আৰু মেধাভিত্তিত কৰিবলৈ আৰম্ভ কৰিছিল । বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্ময়নৰ বাবে বহুতো শিক্ষকক নিযুক্তি প্ৰদান কৰা আৰু বিদ্যালয় নিৰ্মাণৰ দৰে কাম হাতত লৈ খৰতকীয়াকৈ সমাপ্ত কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আজিৰ শিক্ষক দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগান মহন আৰু নন্দিতা গাৰ্লোছাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, আৰু জিলা আয়ুক্ত উপস্থিত থাকে ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ