--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অসম চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ আদি বিভাগৰ মন্ত্ৰী পীযূষ হাজৰিকাই আজি হাফলঙত আয়োজিত জিলা ভিত্তিক শিক্ষক দিৱসৰ অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে । ডিমা হাচাও জিলাৰ ১৭ গৰাকী কৃতী শিক্ষকক সম্বৰ্ধনা জনোৱা আজিৰ অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ড° সৰ্বপল্লী ৰাধাকৃষ্ণনক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে । সমাজৰ শিক্ষকসকলে জীৱন গঢ়াৰ দৰে পৱিত্ৰ কৰ্মত ব্ৰতী হৈ আমাৰ উত্তৰ প্ৰজন্মক বাট দেখুৱাই লৈ যায় বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে সমাজৰ শিক্ষকসকলৰ ত্যাগ আৰু মহানতাৰ বিষয়ে মন্তব্য প্ৰকাশ কৰে। আনহাতে আজিৰ মোবাইল আৰু ইন্টাৰনেট নিৰ্ভৰ সময়ত শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীৰ বাবে নতুন এক প্ৰত্যাহ্বানৰ মুখামুখি হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰীকাই কয় যে ছাত্ৰ-ছাত্ৰীৰ মৌলিক আৰু বৌদ্ধিক বিকাশৰ বাবে আজিৰ শিক্ষাগুৰুসকলে যথেষ্ট কষ্ট কৰিবলগাত পৰিছে । 

মন্ত্ৰীগৰাকীয়ে আৰু কয় যে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ৰাজ্যখনৰ শিক্ষামন্ত্ৰী থকা সময়ত প্ৰথমবাৰৰ বাবে ৰাজ্যখনত টেট পৰীক্ষা অনুষ্ঠিত কৰি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো নিকা আৰু মেধাভিত্তিত কৰিবলৈ আৰম্ভ কৰিছিল । বৰ্তমানৰ চৰকাৰখনে ৰাজ্যখনৰ শিক্ষা ব্যৱস্থাৰ উন্ময়নৰ বাবে বহুতো শিক্ষকক নিযুক্তি প্ৰদান কৰা আৰু বিদ্যালয় নিৰ্মাণৰ দৰে কাম হাতত লৈ খৰতকীয়াকৈ সমাপ্ত কৰা বুলি মন্ত্ৰীগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ।

আজিৰ শিক্ষক দিৱসৰ অনুষ্ঠানত অসম চৰকাৰৰ মন্ত্ৰীদ্বয় যোগান মহন আৰু নন্দিতা গাৰ্লোছাৰ লগতে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবলাল গাৰ্লোছা, পৰিষদৰ কেইবাগৰাকীও কাৰ্যবাহী সদস্য, আৰু জিলা আয়ুক্ত উপস্থিত থাকে ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু