--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশত এতিয়া আলোচ্য এক বিতৰ্ক হ’ল ভাৰত বনাম ইণ্ডিয়া৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ জি-২০ সন্মিলনৰ নৈশ আহাৰ গ্ৰহণৰ বাবে অতিথিসকলক কৰা আমন্ত্ৰণে দেশৰ নামক লৈ ৰাজনৈতিক বিবাদৰ সূচনা কৰিছে।

মঙলবাৰে বিৰোধী INDIA ব্লকে “ভাৰতৰ ৰাষ্ট্ৰপতি”ক লৈ শাসকীয় ভাৰতীয় জনতা পাৰ্টিক তীব্ৰ সমালোচনা কৰি কয় যে এয়া “মানুহক বিভাজিত” আৰু “ইতিহাস বিকৃত” কৰাৰ প্ৰয়াস।

কিন্তু ‘ভাৰত’ আৰু ‘ইণ্ডিয়া’ৰ বিতৰ্কত ‘হিন্দুস্তান’ শব্দটোৰ ইতিহাস আৰু প্ৰসংগ অনুপস্থিত। দক্ষিণ এছিয়াৰ এক বৃহৎ অংশক বুজাবলৈ ‘হিন্দুস্তান’ শব্দটোৰ ব্যৱহাৰে পঞ্জাবীসকলৰ সামূহিক স্মৃতিত বহু জনপ্ৰিয় উল্লেখ বহন কৰি ৰাখিছে।শিখ ধৰ্মৰ প্ৰতিষ্ঠাপক গুৰু নানক  দেৱে গুৰবাণীত হিন্দুস্তান শব্দৰ কথা উল্লেখ কৰিছিল, যিটো শিখসকলে সৰ্বশক্তিমানৰ বাক্য বুলি বিশ্বাস কৰে। শিখৰ পবিত্ৰ গ্ৰন্থ গুৰু গ্ৰন্থ চাহাবৰ ৩৬০ নং পৃষ্ঠাত বাবৰৰ আক্ৰমণৰ সময়ত সংঘটিত হোৱা লুটপাত আৰু হত্যাকাণ্ডৰ নথিভুক্ত কৰা হৈছে।

গুৰু নানক তেওঁৰ এটা বিখ্যাত শ্লোকত কৈছে, “খুৰাছান খাছামনা কীয়া হিন্দুসাথান দ্দাৰাইয়া || আপাই ধোছ ন ধেই কৰাঠা জাম কাৰ মুগল চৰাইয়া || ই এথী মাৰ পি কৰালানাই থাইন কী ধৰাধ এন আয়েইয়া”।

শিখৰ নৱম গুৰু  টেগ বাহাদুৰে কাশ্মীৰী পণ্ডিতৰ অধিকাৰ ৰক্ষা কৰি প্ৰাণ আহুতি দিছিল। পঞ্জাৱত তেওঁক ‘গুৰু টেগ বাহাদুৰ, হিন্দ দি চাদৰ’ আৰু ‘গুৰু টেগ বাহাদুৰ, ধৰম দি চাদৰ’ বা হিন্দ আৰু ধৰ্মৰ ৰক্ষক গুৰু টেগ বাহাদুৰ নামেৰে জনপ্ৰিয়।মুছলমান কবি শ্বাহ মহম্মদ (১৭৮০-১৮৬২) জংগনামা-সিংহান তে ফিৰিংগিয়ান নামৰ বিখ্যাত ৰচনাখনৰ বাবে পৰিচিত আছিল, য’ত তেওঁ ব্ৰিটিছ সেনা আৰু শিখৰ মাজত হোৱা সংঘাত আৰু যুদ্ধৰ নথিভুক্ত কৰিছিল আৰু শিখ শাসনৰ অন্ত পৰাৰ ফলত হোৱা পৰিঘটনাসমূহৰ কথা উল্লেখ কৰিছিল৷

বিংশ শতিকাৰ আৰম্ভণিতে স্বাধীনতা সংগ্ৰামৰ সময়ত ঘাদাৰ পাৰ্টিৰ কৰ্মীসকলৰ মাজতো হিন্দুস্তান শব্দটো বিখ্যাত আছিল। যিসকলে ইংৰাজৰ বিৰুদ্ধে বিদ্ৰোহ উত্থাপন কৰিছিল আৰু ইয়াক ঘাদাৰ বুলি অভিহিত কৰিছিল তেওঁলোক বেছিভাগেই পঞ্জাবৰ আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু