--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰসংঘই ভাৰত সন্দৰ্ভত সকীয়াই দি কয় যে যদিহে গোলকীয় উষ্ণতা বৃদ্ধি নিয়ন্ত্ৰিত নহয়, তেন্তে দেশত ভয়াৱহ খাদ্য সংকটৰ সৃষ্টি হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ বিশেষজ্ঞৰ এটা পেনেলে সকীয়াই দিছে যে গোলকীয় উষ্ণতাৰ বাবে ভাৰতৰ খাদ্য উৎপাদন ব্যাপক হ্ৰাস হ’ব পাৰে। ৰাষ্ট্ৰসংঘৰ সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে কয়, ‘জি-২০ক উষ্ণতা ১.৫ ডিগ্ৰী চেণ্টিগ্ৰেডলৈ সীমিত কৰাৰ বাবে এক চুক্তিত উপনীত হ’বলৈ আহ্বান জনায়’। 

ধানৰ উৎপাদন ১০-৩০ শতাংশপৰ্যন্ত হ্ৰাস পাব পাৰে-

জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় চৰকাৰী পেনেলে এক প্ৰতিবেদনত কয় যে ভাৰতত তাপমাত্ৰা ১ৰ পৰা ৪ ডিগ্ৰী চেণ্টিগ্ৰেড বৃদ্ধি পালে ১০-৩০ শতাংশ ধানৰ উৎপাদন হ্ৰাস পাব পাৰে। একে সময়তে কুঁহিয়াৰৰ উৎপাদন ২৫ৰ পৰা ৭০ শতাংশ হ্ৰাস পাব পাৰে।

 সচিবপ্ৰধান এণ্টনিঅ’ গুটেৰেছে লগতে কয় যে ২০২৫ চনৰ ভিতৰত পানীৰ চাহিদা ৩০-৪০ শতাংশ বৃদ্ধি পাব পাৰে। জলবায়ু পৰিৱৰ্তনে সমগ্ৰ বিশ্বৰ মানুহক বিপজ্জনকভাৱে প্ৰভাৱিত কৰিছে। প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দক্ষিণ এছিয়াৰ শস্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতে আটাইতকৈ দুৰ্বল দেশ হিচাপে আত্মপ্ৰকাশ কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে ২০১০ চনৰ তুলনাত ২০৫০ চনৰ আশে-পাশে দক্ষিণ এছিয়াত জলসিঞ্চন, উদ্যোগ আৰু পৰিয়ালৰ দৰে খণ্ডত পানীৰ চাহিদা ৩০ৰ পৰা ৪০ শতাংশ বৃদ্ধি পাব। উল্লেখ্য যে জনসংখ্যা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ দৰে কাৰকৰ বাবে ভাৰত আৰু চীনত পানীৰ অভাৱ হোৱাৰ লগতে ভাৰতৰ দৰে জনসংখ্যাবহুল ৰাষ্ট্ৰত তীব্ৰ খাদ্য সংকটে দেখা দিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ