--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযুদ্ধৰ দামামা বাজিছে৷ টাইৱানক প্ৰত্যক্ষভাবে আক্ৰমণ কৰিলে চীনে৷ ১৫ টাকৈ বেলিষ্টিক মিছাইলেৰে টাইৱানৰ দৰে সৰু দেশ এখনক আক্ৰমণ কৰিছে ক্ৰমাঞ শক্তিধৰ হৈ উঠা চীন৷ এনে সময়তে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘৰ জন্ম যি উদ্দেশ্যলৈ হৈছিল সেই উদ্দেশ্যৰ পৰা এতিয়া সংস্থাটো বিচলিত হৈছে৷ 

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ বুলি দম্ভ মাৰি থকা আমেৰিকাও এতিয়া জন্তহীন হৈ পৰিছে৷ ইয়াৰ বিপৰীতে শক্তিশালী হৈ উঠিছে দুই কমিউনিষ্ট দেশ ৰাছিয়া আৰু চীন৷ এই দুই দেশেই এতিয়া বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ পৰিবেশ সৃষ্টি কৰিছে৷ অসহায় হৈ চাই ৰৈছে ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাই৷  ক্ৰমাৎ টাইৱানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চীন। আমেৰিকাৰ হস্তক্ষেপৰ বাবেই টাইৱানত সামৰিক অভিযান আৰম্ভ কৰিবলৈ সাহস গোটাব নোৱাৰা চীনে এইবাৰ টাইৱানৰ বিৰুদ্ধে আৰোপ কৰিছে একাধিক নিষেধাজ্ঞা। 

কেৱল সেয়াই নহয় নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ সময়তে চীনৰ চৰকাৰে বেইজিঙত থকা মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীকো তলব কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক মাতি নি  পেলোচিৰ টাইৱান  ভ্ৰমণৰ বিষয়ে নানান প্রশ্ন সোধা হৈছে। বেইজিঙে টাইৱানৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত   নিষেধাজ্ঞা আৰোপ কৰিছে।  চীনে আনকি  টাইৱানলৈ বালিৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। চীনৰ উপ বৈদেশিক মন্ত্ৰী জি ফেঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতলৈ জৰুৰী  চমন জাৰি কৰিছিল।

 ফেঙে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীৰ ওচৰত  পেলোচিৰ ভ্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। যদি প্ৰয়োজন হয়  চীনে টাইৱানত সামৰিক আক্ৰমণ চলোৱাৰ ইংগিত দিছে বেইজিঙে। ইতিমধ্যে  চীনা যুঁজাৰু বিমানে টাইৱানৰ আকাশী সীমাত প্ৰৱেশ কৰিছে।  খবৰ পোৱা গৈছে যে বেইজিঙে টাইৱান ষ্ট্ৰেইটৰ ওচৰত মিছাইল উৎক্ষেপণ কৰিছে। চীনৰ বাণিজ্য মন্ত্ৰালয়ে  এটা বিবৃতি জাৰি কৰিছে। টাইৱানৰ পৰা মাছ আৰু ফলৰ আমদানি বন্ধ কৰা হৈছে বুলি চীনৰ বিবৃতিটোত কোৱা হৈছে। এনে নিষেধাজ্ঞাৰ  কাৰণ হিচাপে উল্লেখ কৰা হৈছে যে টাইৱানৰ খাদ্য সামগ্ৰীত অত্যাধিক পৰিমাণৰ কীটনাশক পোৱা গৈছে।

উল্লেখ্য চীনে টাইৱানৰ পৰা প্ৰচুৰ মাত্ৰাত সাগৰীয় মাছ আমদানি কৰি আহিছিল। একেদৰে টাইৱানৰ ফল-মূলো চীনত বেছ জনপ্ৰিয়।টাইৱানৰ বিস্কুট আৰু পেষ্ট্ৰী আমদানিৰ ক্ষেত্ৰতো চীনে নিষেধাজ্ঞা জাৰি কৰিছে। দুয়োপক্ষই যুদ্ধৰ বাবে যেন সাজু হৈছে। পেলোচীৰ ভ্ৰমণৰ পিছতে টাইৱানৰ  নৌসেনাই  টাইৱানৰ সাগৰত অনুশীলন কৰিব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু