--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃযুদ্ধৰ দামামা বাজিছে৷ টাইৱানক প্ৰত্যক্ষভাবে আক্ৰমণ কৰিলে চীনে৷ ১৫ টাকৈ বেলিষ্টিক মিছাইলেৰে টাইৱানৰ দৰে সৰু দেশ এখনক আক্ৰমণ কৰিছে ক্ৰমাঞ শক্তিধৰ হৈ উঠা চীন৷ এনে সময়তে নীৰৱ দৰ্শকৰ ভূমিকা পালন কৰিছে ৰাষ্ট্ৰসংঘই৷ ৰাষ্ট্ৰসংঘৰ জন্ম যি উদ্দেশ্যলৈ হৈছিল সেই উদ্দেশ্যৰ পৰা এতিয়া সংস্থাটো বিচলিত হৈছে৷ 

বিশ্বৰ আটাইতকৈ শক্তিশালী দেশ বুলি দম্ভ মাৰি থকা আমেৰিকাও এতিয়া জন্তহীন হৈ পৰিছে৷ ইয়াৰ বিপৰীতে শক্তিশালী হৈ উঠিছে দুই কমিউনিষ্ট দেশ ৰাছিয়া আৰু চীন৷ এই দুই দেশেই এতিয়া বিশ্বত তৃতীয় বিশ্বযুদ্ধৰ পৰিবেশ সৃষ্টি কৰিছে৷ অসহায় হৈ চাই ৰৈছে ৰাষ্ট্ৰসংঘ আৰু আমেৰিকাই৷  ক্ৰমাৎ টাইৱানৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চীন। আমেৰিকাৰ হস্তক্ষেপৰ বাবেই টাইৱানত সামৰিক অভিযান আৰম্ভ কৰিবলৈ সাহস গোটাব নোৱাৰা চীনে এইবাৰ টাইৱানৰ বিৰুদ্ধে আৰোপ কৰিছে একাধিক নিষেধাজ্ঞা। 

কেৱল সেয়াই নহয় নেন্সি পেলোচিৰ টাইৱান ভ্ৰমণৰ সময়তে চীনৰ চৰকাৰে বেইজিঙত থকা মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীকো তলব কৰিছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতক মাতি নি  পেলোচিৰ টাইৱান  ভ্ৰমণৰ বিষয়ে নানান প্রশ্ন সোধা হৈছে। বেইজিঙে টাইৱানৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সামগ্ৰী আমদানিৰ ক্ষেত্ৰত   নিষেধাজ্ঞা আৰোপ কৰিছে।  চীনে আনকি  টাইৱানলৈ বালিৰ ৰপ্তানি বন্ধ কৰাৰ সিদ্ধান্ত লৈছে। চীনৰ উপ বৈদেশিক মন্ত্ৰী জি ফেঙে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতলৈ জৰুৰী  চমন জাৰি কৰিছিল।

 ফেঙে মাৰ্কিন ৰাষ্ট্ৰদূতগৰাকীৰ ওচৰত  পেলোচিৰ ভ্ৰমণৰ তীব্ৰ প্ৰতিবাদ কৰিছিল। যদি প্ৰয়োজন হয়  চীনে টাইৱানত সামৰিক আক্ৰমণ চলোৱাৰ ইংগিত দিছে বেইজিঙে। ইতিমধ্যে  চীনা যুঁজাৰু বিমানে টাইৱানৰ আকাশী সীমাত প্ৰৱেশ কৰিছে।  খবৰ পোৱা গৈছে যে বেইজিঙে টাইৱান ষ্ট্ৰেইটৰ ওচৰত মিছাইল উৎক্ষেপণ কৰিছে। চীনৰ বাণিজ্য মন্ত্ৰালয়ে  এটা বিবৃতি জাৰি কৰিছে। টাইৱানৰ পৰা মাছ আৰু ফলৰ আমদানি বন্ধ কৰা হৈছে বুলি চীনৰ বিবৃতিটোত কোৱা হৈছে। এনে নিষেধাজ্ঞাৰ  কাৰণ হিচাপে উল্লেখ কৰা হৈছে যে টাইৱানৰ খাদ্য সামগ্ৰীত অত্যাধিক পৰিমাণৰ কীটনাশক পোৱা গৈছে।

উল্লেখ্য চীনে টাইৱানৰ পৰা প্ৰচুৰ মাত্ৰাত সাগৰীয় মাছ আমদানি কৰি আহিছিল। একেদৰে টাইৱানৰ ফল-মূলো চীনত বেছ জনপ্ৰিয়।টাইৱানৰ বিস্কুট আৰু পেষ্ট্ৰী আমদানিৰ ক্ষেত্ৰতো চীনে নিষেধাজ্ঞা জাৰি কৰিছে। দুয়োপক্ষই যুদ্ধৰ বাবে যেন সাজু হৈছে। পেলোচীৰ ভ্ৰমণৰ পিছতে টাইৱানৰ  নৌসেনাই  টাইৱানৰ সাগৰত অনুশীলন কৰিব বুলি জানিব পৰা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ