--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন- ৰাছিয়াৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধ, চীনৰ টাইৱান আক্ৰমণৰ ভাবুকিৰ মাজতে আজি যুদ্ধৰ দামামা বাজি উঠিছে আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত। ২০২০ চনত হোৱা আৰ্মেনিয়া-আজাৰবাইজানৰ যুদ্ধত  ১০ হাজাৰৰো অধিক লোক নিহত হৈছিল। প্ৰায় দুবছৰ ধৰি শান্ত হৈ থকা  নাগৰ্নো-কাৰবাখত পুনৰ  সংঘৰ্ষৰ দানল জ্বলি উঠিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োখন দেশৰ সৈন্যবাহিনীয়ে বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চল দখলক লৈ পুনৰ যুঁজত লিপ্ত হৈছে । জানিব পৰা মতে  আজাৰবাইজানৰ সেনাই শেহতীয়াকৈ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলৰ কেইবাটাও  গুৰুত্বপূৰ্ণ  স্থান দখল কৰিছে। আৰ্মেনিয়াৰ সেনাই ইয়াৰ প্ৰত্যুত্তৰতে আজাৰবাইজানক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে। শেহতীয়া যুদ্ধত দুয়োপক্ষৰ  কেইবাজনো সৈনিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। 

 আমেৰিকাই আজাৰবাইজানৰ শেহতীয়া যুদ্ধত উদ্বেগ প্ৰকাশ কৰিছে। ২০২০ চনত আমেৰিকাৰ মধ্যস্থতাতে  আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ বিৰতি হৈছিল।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক দপ্তৰে দুয়োপক্ষকে যুঁজ বন্ধ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য  আৰ্মেনিয়াক  ৰাছিয়াই সমৰ্থন কৰি আহিছে। কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ  বাবে এইবাৰ হয়তো আৰ্মেনিয়া-আজাৰবাইজানৰ যুদ্ধত ৰাছিয়া জৰিত নহ’ব।ৰাছিয়াৰ অনুপস্থিতিৰ সম্পূৰ্ণ সুযোগ   আজাৰবাইজানে গ্ৰহণ কৰা বুলি বিশেষজ্ঞ মহলে দাবী কৰিছে।

 এটা সময়ত আজাৰবাইজান আৰু আৰ্মেনিয়া ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৯০ ৰ দশকত ছোভিয়েটৰ পতনৰ পিছত আজাৰবাইজান আৰু আৰ্মেনিয়াৰ  সীমান্তত সংঘৰ্ষ আৰম্ভ হয়। সেই সময়ত আৰ্মেনিয়াৰ সহায়ত নাগৰ্নো-কাৰবাখ অঞ্চল আজাৰবাইজানৰ পৰা মুক্ত  কৰা হৈছিল। ২০২০ চনত আৰ্মেনিয়া আৰু আজাৰবাইজানে  বিতৰ্কিত অঞ্চলক লৈ যুদ্ধত লিপ্ত হয়। ২০২০ চনত হোৱা শান্তিচুক্তি অনুসৰি ৰাছিয়াৰ শান্তিৰক্ষী বাহিনী বৰ্তমান বিতৰ্কিত অঞ্চলত নিয়োজিত হৈ আছে। মন কৰিবলগীয়া যে ৪,৪০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলটো আজাৰবাইজানৰ ভৌগোলিক সীমাৰ ভিতৰতে আছে, কিন্তু  সেই স্থান এতিয়াও আৰ্মেনিয়াৰ বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণত আছে। অঞ্চলটোৰ দখলক লৈ ১৯৮৮ চনত প্ৰথমে আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত  সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। 

১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত দুয়োখন নতুনকৈ স্বাধীন  হোৱা দেশে যুদ্ধত লিপ্ত হৈ আহিছে। নাগৰ্নো-কাৰবাখ অঞ্চলটোৰ প্ৰায় ১,৫০,০০০ বাসিন্দাৰ বেছিভাগেই আৰ্মেনিয়ান খ্ৰীষ্টান। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ  ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল।সেইমতে যুদ্ধ বিৰতিৰ চুক্তি হৈছিল যদিও শেহতীয়া যুদ্ধই সেই চুক্তিক অৰ্থহীন কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ