--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইউক্ৰেইন- ৰাছিয়াৰ মাজৰ ৰক্তক্ষয়ী যুদ্ধ, চীনৰ টাইৱান আক্ৰমণৰ ভাবুকিৰ মাজতে আজি যুদ্ধৰ দামামা বাজি উঠিছে আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত। ২০২০ চনত হোৱা আৰ্মেনিয়া-আজাৰবাইজানৰ যুদ্ধত  ১০ হাজাৰৰো অধিক লোক নিহত হৈছিল। প্ৰায় দুবছৰ ধৰি শান্ত হৈ থকা  নাগৰ্নো-কাৰবাখত পুনৰ  সংঘৰ্ষৰ দানল জ্বলি উঠিছে।

আন্তৰ্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি দুয়োখন দেশৰ সৈন্যবাহিনীয়ে বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চল দখলক লৈ পুনৰ যুঁজত লিপ্ত হৈছে । জানিব পৰা মতে  আজাৰবাইজানৰ সেনাই শেহতীয়াকৈ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলৰ কেইবাটাও  গুৰুত্বপূৰ্ণ  স্থান দখল কৰিছে। আৰ্মেনিয়াৰ সেনাই ইয়াৰ প্ৰত্যুত্তৰতে আজাৰবাইজানক আক্ৰমণ কৰাৰ সন্দেহ কৰা হৈছে। শেহতীয়া যুদ্ধত দুয়োপক্ষৰ  কেইবাজনো সৈনিক নিহত হোৱাৰ খবৰ পোৱা গৈছে। 

 আমেৰিকাই আজাৰবাইজানৰ শেহতীয়া যুদ্ধত উদ্বেগ প্ৰকাশ কৰিছে। ২০২০ চনত আমেৰিকাৰ মধ্যস্থতাতে  আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত যুদ্ধ বিৰতি হৈছিল।  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৈদেশিক দপ্তৰে দুয়োপক্ষকে যুঁজ বন্ধ কৰিবলৈ আৰু আলোচনাৰ জৰিয়তে সমস্যাটোৰ সমাধান কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য  আৰ্মেনিয়াক  ৰাছিয়াই সমৰ্থন কৰি আহিছে। কিন্তু ইউক্ৰেইনৰ যুদ্ধৰ  বাবে এইবাৰ হয়তো আৰ্মেনিয়া-আজাৰবাইজানৰ যুদ্ধত ৰাছিয়া জৰিত নহ’ব।ৰাছিয়াৰ অনুপস্থিতিৰ সম্পূৰ্ণ সুযোগ   আজাৰবাইজানে গ্ৰহণ কৰা বুলি বিশেষজ্ঞ মহলে দাবী কৰিছে।

 এটা সময়ত আজাৰবাইজান আৰু আৰ্মেনিয়া ছোভিয়েট ইউনিয়নৰ অংশ আছিল। ১৯৯০ ৰ দশকত ছোভিয়েটৰ পতনৰ পিছত আজাৰবাইজান আৰু আৰ্মেনিয়াৰ  সীমান্তত সংঘৰ্ষ আৰম্ভ হয়। সেই সময়ত আৰ্মেনিয়াৰ সহায়ত নাগৰ্নো-কাৰবাখ অঞ্চল আজাৰবাইজানৰ পৰা মুক্ত  কৰা হৈছিল। ২০২০ চনত আৰ্মেনিয়া আৰু আজাৰবাইজানে  বিতৰ্কিত অঞ্চলক লৈ যুদ্ধত লিপ্ত হয়। ২০২০ চনত হোৱা শান্তিচুক্তি অনুসৰি ৰাছিয়াৰ শান্তিৰক্ষী বাহিনী বৰ্তমান বিতৰ্কিত অঞ্চলত নিয়োজিত হৈ আছে। মন কৰিবলগীয়া যে ৪,৪০০ বৰ্গ কিলোমিটাৰ দৈৰ্ঘ্যৰ বিতৰ্কিত নাগৰ্নো-কাৰবাখ অঞ্চলটো আজাৰবাইজানৰ ভৌগোলিক সীমাৰ ভিতৰতে আছে, কিন্তু  সেই স্থান এতিয়াও আৰ্মেনিয়াৰ বিদ্ৰোহীসকলৰ নিয়ন্ত্ৰণত আছে। অঞ্চলটোৰ দখলক লৈ ১৯৮৮ চনত প্ৰথমে আৰ্মেনিয়া-আজাৰবাইজানৰ মাজত  সংঘৰ্ষৰ সূত্ৰপাত ঘটিছিল। 

১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ পতনৰ পিছত দুয়োখন নতুনকৈ স্বাধীন  হোৱা দেশে যুদ্ধত লিপ্ত হৈ আহিছে। নাগৰ্নো-কাৰবাখ অঞ্চলটোৰ প্ৰায় ১,৫০,০০০ বাসিন্দাৰ বেছিভাগেই আৰ্মেনিয়ান খ্ৰীষ্টান। নাগৰ্নো-কাৰবাখ অঞ্চলকলৈ ২০২০ চনৰ  ২৭ ছেপ্তেম্বৰৰ পৰা ভয়ংকৰ যুদ্ধত লিপ্ত হোৱা আজাৰবাইজান আৰু আৰ্মেনিয়াই যুদ্ধবিৰতি ঘোষণা কৰিবলৈ সন্মত হৈছিল।সেইমতে যুদ্ধ বিৰতিৰ চুক্তি হৈছিল যদিও শেহতীয়া যুদ্ধই সেই চুক্তিক অৰ্থহীন কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ