--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰসংঘত অশান্তজৰ্জৰ গাজাৰ যুদ্ধবিৰতি প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়৷এই আলোচনাত ইজৰাইল-হামাছ যুদ্ধৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটা প্ৰস্তাৱ আনি ভোটগ্ৰহণ কৰা হয়।কিন্তু ভাৰত এই ভোটদানৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক লক্ষ্য কৰি চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰে শনিবাৰে (২৮ অক্টোবৰ) কয় যে পেলেষ্টাইনৰ বিষয়ক লৈ ভাৰত চৰকাৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। পূৰ্বৰ চৰকাৰসমূহত এনে বিভ্ৰান্তি কেতিয়াও দেখা পোৱা নাছিল আৰু ভাৰতৰ নীতি সদায় ইজৰাইলক নহয়, পেলেষ্টাইনক সমৰ্থন কৰাহে আছিল।পেলেষ্টাইন সমস্যা সন্দৰ্ভত ভাৰতৰ নীতিৰ পৰিৱৰ্তনক সমালোচনা কৰি শাৰদ পাৱাৰে কয় যে তাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। 

একে সময়তে AIMIMৰ মুৰব্বী আছাদুদ্দিন অৱেইছিয়েও চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ যুদ্ধবিৰতি আৰু অসামৰিক জীৱন সুৰক্ষাৰ প্ৰস্তাৱত মোদী চৰকাৰে ভোটদানৰ পৰা বিৰত থকাটো আচৰিত কথা।অৱেইচিয়ে এক্সত লিখিছে যে ইজৰাইলে গাজাত ৭০২৮ জন লোকক হত্যা কৰিছে। ইয়াৰে ৩০০০ তকৈ অধিক শিশু আৰু ১৭০০ গৰাকী মহিলাৰ প্ৰাণ হানি হৈছে। গাজাৰ কমেও ৪৫ শতাংশ ঘৰ ধ্বংস হৈছে। ১৪ লাখৰো অধিক লোকে ঘৰ এৰি থৈ গৈছে। তেওঁ আৰু কয় যে এইটো কোনো ৰাজনৈতিক বিষয় নহয়, বৰঞ্চ মানৱীয় বিষয়। মানুহৰ জীৱনৰ লগত জড়িত বিষয়ত ভোটদানৰ পৰা কিয় বিৰত থাকিল ভাৰতে? গাজালৈ সাহায্য প্ৰেৰণ কৰাৰ পাছতো কিয় বিৰত থাকিল? বিশ্ব গুৰুৰ এক বিশ্ব এক পৰিয়ালৰ ধাৰণা কি হ’ল?

ইয়াৰ উপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক লক্ষ্য কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে যে, ‘গাজা যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰত চৰকাৰে ভোট নিদিয়াটো লজ্জাজনক। তেওঁ কয় যে আমাৰ দেশখন অহিংসা আৰু সত্যৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যি সময়ত মানৱতাৰ প্ৰতিখন আইন ধ্বংস হৈছে, সেই সময়ত লাখ লাখ লোকৰ খাদ্য, পানী, চিকিৎসা সামগ্ৰী, বিদ্যুৎ বিচ্ছিন্ন হৈছে, আৰু পেলেষ্টাইনত হাজাৰ হাজাৰ পুৰুষ, মহিলা, শিশুক হত্যা কৰা হৈছে এনে পৰিস্থিতিত চৰকাৰে ইয়াৰ বিৰুদ্ধে স্থিতি ল’বলৈ অস্বীকাৰ কৰি মৌন হৈ থকাটো ভুল।ইফালে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীক প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে ভাৰত পেলেষ্টাইনৰ সৈতে থিয় দিছে, কিন্তু প্ৰিয়ংকা গান্ধীয়ে ভোটৰ বাবে সন্ত্ৰাসবাদী হামাছৰ সৈতে থিয় দিছে। তেওঁ কয় যে হামাছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পক্ষ ল’ব পাৰে কেৱল কংগ্ৰেছৰ দৰে দলেহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক