--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি ৰাষ্ট্ৰসংঘত অশান্তজৰ্জৰ গাজাৰ যুদ্ধবিৰতি প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়৷এই আলোচনাত ইজৰাইল-হামাছ যুদ্ধৰ মাজত তাৎক্ষণিক যুদ্ধবিৰতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত এটা প্ৰস্তাৱ আনি ভোটগ্ৰহণ কৰা হয়।কিন্তু ভাৰত এই ভোটদানৰ পৰা বিৰত থাকে। এই সন্দৰ্ভত বিৰোধীয়ে চৰকাৰক লক্ষ্য কৰি চৰকাৰৰ বৈদেশিক নীতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

ইণ্ডিয়া টুডেৰ প্ৰতিবেদন অনুসৰি নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ সভাপতি শাৰদ পাৱাৰে শনিবাৰে (২৮ অক্টোবৰ) কয় যে পেলেষ্টাইনৰ বিষয়ক লৈ ভাৰত চৰকাৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছে। পূৰ্বৰ চৰকাৰসমূহত এনে বিভ্ৰান্তি কেতিয়াও দেখা পোৱা নাছিল আৰু ভাৰতৰ নীতি সদায় ইজৰাইলক নহয়, পেলেষ্টাইনক সমৰ্থন কৰাহে আছিল।পেলেষ্টাইন সমস্যা সন্দৰ্ভত ভাৰতৰ নীতিৰ পৰিৱৰ্তনক সমালোচনা কৰি শাৰদ পাৱাৰে কয় যে তাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হৈছে। 

একে সময়তে AIMIMৰ মুৰব্বী আছাদুদ্দিন অৱেইছিয়েও চৰকাৰক তীব্ৰ সমালোচনা কৰে। তেওঁ কয় যে ৰাষ্ট্ৰসংঘৰ যুদ্ধবিৰতি আৰু অসামৰিক জীৱন সুৰক্ষাৰ প্ৰস্তাৱত মোদী চৰকাৰে ভোটদানৰ পৰা বিৰত থকাটো আচৰিত কথা।অৱেইচিয়ে এক্সত লিখিছে যে ইজৰাইলে গাজাত ৭০২৮ জন লোকক হত্যা কৰিছে। ইয়াৰে ৩০০০ তকৈ অধিক শিশু আৰু ১৭০০ গৰাকী মহিলাৰ প্ৰাণ হানি হৈছে। গাজাৰ কমেও ৪৫ শতাংশ ঘৰ ধ্বংস হৈছে। ১৪ লাখৰো অধিক লোকে ঘৰ এৰি থৈ গৈছে। তেওঁ আৰু কয় যে এইটো কোনো ৰাজনৈতিক বিষয় নহয়, বৰঞ্চ মানৱীয় বিষয়। মানুহৰ জীৱনৰ লগত জড়িত বিষয়ত ভোটদানৰ পৰা কিয় বিৰত থাকিল ভাৰতে? গাজালৈ সাহায্য প্ৰেৰণ কৰাৰ পাছতো কিয় বিৰত থাকিল? বিশ্ব গুৰুৰ এক বিশ্ব এক পৰিয়ালৰ ধাৰণা কি হ’ল?

ইয়াৰ উপৰিও কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে চৰকাৰক লক্ষ্য কৰি ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত লিখে যে, ‘গাজা যুদ্ধবিৰতিৰ প্ৰস্তাৱত ভাৰত চৰকাৰে ভোট নিদিয়াটো লজ্জাজনক। তেওঁ কয় যে আমাৰ দেশখন অহিংসা আৰু সত্যৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত।

কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে যি সময়ত মানৱতাৰ প্ৰতিখন আইন ধ্বংস হৈছে, সেই সময়ত লাখ লাখ লোকৰ খাদ্য, পানী, চিকিৎসা সামগ্ৰী, বিদ্যুৎ বিচ্ছিন্ন হৈছে, আৰু পেলেষ্টাইনত হাজাৰ হাজাৰ পুৰুষ, মহিলা, শিশুক হত্যা কৰা হৈছে এনে পৰিস্থিতিত চৰকাৰে ইয়াৰ বিৰুদ্ধে স্থিতি ল’বলৈ অস্বীকাৰ কৰি মৌন হৈ থকাটো ভুল।ইফালে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিঙে এই সন্দৰ্ভত প্ৰিয়ংকা গান্ধীক প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে ভাৰত পেলেষ্টাইনৰ সৈতে থিয় দিছে, কিন্তু প্ৰিয়ংকা গান্ধীয়ে ভোটৰ বাবে সন্ত্ৰাসবাদী হামাছৰ সৈতে থিয় দিছে। তেওঁ কয় যে হামাছৰ দৰে সন্ত্ৰাসবাদী সংগঠনৰ পক্ষ ল’ব পাৰে কেৱল কংগ্ৰেছৰ দৰে দলেহে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা