--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰ লগে লগে গাজাৰ পৰিবেশ অধিক ভয়াৱহ হৈ পৰিছে। ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ গাজাত যুদ্ধ বিৰতিৰ সপক্ষে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। কিন্তু ইমাৰ পিছতো ক্ষান্ত হোৱা নাই কোনো এটা পক্ষ।  ইজৰাইলে যিকোনো সময়তে গাজাত স্থলপথেৰে এক সম্পূৰ্ণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি খবৰ আহিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) শুকুৰবাৰে নিশা  গাজাত এক নিয়ন্ত্ৰিত অভিযান চলায়। ইজৰাইলে গাজালৈ টেংক, পদাতিক আৰু নৌ সেনাৰ কমাণ্ডো প্ৰেৰণ কৰি আছে। আই.ডি.এফ.-এ কৈছে  যে নিয়ন্ত্ৰিত আক্ৰমণটো স্থলপথেৰে কৰিবলগীয়া  অভিযানৰ আগতে কৰা হৈছে। 

হামাছে  দাবী কৰিছে যে সংগঠনটোৱে  দক্ষিণ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ চলাইছে। হামাছৰ সামৰিক বাহিনীয়ে কৈছে যে  ষ্ট্ৰাউড আৰু আশ্দোদ চহৰক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰা হৈছে। হামাছে আশ্কেলন চহৰত মিছাইল আক্ৰমণৰ খবৰ আহিছে। 
 
আইডিএফে গাজা অঞ্চলত স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰাৰ আগতে হামাছে নিৰ্মাণ কৰা সুৰংগসমূহক প্ৰথমে  লক্ষ্য কৰি লৈছে। মাটিৰ প্ৰায় ৪০ মিটাৰ গভীৰত  নিৰ্মাণ কৰা  শ শ কিলোমিটাৰ জোৰা  সুৰংগবোৰ মকৰা জালৰ দৰে প্ৰসাৰিত হৈ থকা বুলি জানিব পৰা গৈছে। 

উপকূলীয় গাজা ষ্ট্ৰিপ আৰু ইয়াৰ সীমান্ত অঞ্চলত এনে ধৰণৰ অসংখ্য সুৰংগ আছে। আক্ৰমণৰ বাবে কিছুমান সুৰংগ নিৰ্মাণ কৰা হৈছে, কিছুমান চোৰাং ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা হৈছে, কিছুমান সুৰংগত অস্ত্ৰ  সংৰক্ষণ কৰা হৈছে, কিছুমান হামাছৰ গোপন ঘাটি হিচাবে ব্যৱহাৰ হৈ আছে।

এই সুৰংগবোৰ মাটিৰ ইমান তলত আছে যে ইজৰাইলৰ নিৰন্তৰ বোমাবর্ষণৰ ফলত সেইবোৰৰ সামান্য ক্ষতিও হোৱা নাই বুলি বহুতে কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কৈছে যে মছুলক আইছিছ সন্ত্ৰাসবাদীৰ  পৰা মুক্ত কৰিবলৈ ইৰাকে ন মাহ যুঁজ দিব লগা হৈছিল। হামাছক উৎখাত কৰিবলৈ ইজৰাইলে তাতোকৈও দ্ৰুতগতিত যুদ্ধ কৰি যাব লাগিব পাৰে। অষ্টিনে আশংকা কৰিছে যে হামাছে  মানৱ বোমাও ব্যৱহাৰ কৰিব  পাৰে। ইপিনে ইজৰাইলে আধুনিক প্ৰযুক্তিৰ সহায়ত কিছুমান সুৰংগ বিচাৰি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক