--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিন বাগৰাৰ লগে লগে গাজাৰ পৰিবেশ অধিক ভয়াৱহ হৈ পৰিছে। ৰাষ্ট্ৰসংঘই শেহতীয়াকৈ গাজাত যুদ্ধ বিৰতিৰ সপক্ষে এক প্ৰস্তাৱ গ্ৰহণ কৰিছে। কিন্তু ইমাৰ পিছতো ক্ষান্ত হোৱা নাই কোনো এটা পক্ষ।  ইজৰাইলে যিকোনো সময়তে গাজাত স্থলপথেৰে এক সম্পূৰ্ণ অভিযান আৰম্ভ কৰিবলৈ সাজু হৈছে বুলি খবৰ আহিছে। ইজৰাইলী প্ৰতিৰক্ষা বাহিনীয়ে (আইডিএফ) শুকুৰবাৰে নিশা  গাজাত এক নিয়ন্ত্ৰিত অভিযান চলায়। ইজৰাইলে গাজালৈ টেংক, পদাতিক আৰু নৌ সেনাৰ কমাণ্ডো প্ৰেৰণ কৰি আছে। আই.ডি.এফ.-এ কৈছে  যে নিয়ন্ত্ৰিত আক্ৰমণটো স্থলপথেৰে কৰিবলগীয়া  অভিযানৰ আগতে কৰা হৈছে। 

হামাছে  দাবী কৰিছে যে সংগঠনটোৱে  দক্ষিণ ইজৰাইলৰ ওপৰত মিছাইল আক্ৰমণ চলাইছে। হামাছৰ সামৰিক বাহিনীয়ে কৈছে যে  ষ্ট্ৰাউড আৰু আশ্দোদ চহৰক লক্ষ্য কৰি মিছাইল নিক্ষেপ কৰা হৈছে। হামাছে আশ্কেলন চহৰত মিছাইল আক্ৰমণৰ খবৰ আহিছে। 
 
আইডিএফে গাজা অঞ্চলত স্থলপথেৰে আক্ৰমণ আৰম্ভ কৰাৰ আগতে হামাছে নিৰ্মাণ কৰা সুৰংগসমূহক প্ৰথমে  লক্ষ্য কৰি লৈছে। মাটিৰ প্ৰায় ৪০ মিটাৰ গভীৰত  নিৰ্মাণ কৰা  শ শ কিলোমিটাৰ জোৰা  সুৰংগবোৰ মকৰা জালৰ দৰে প্ৰসাৰিত হৈ থকা বুলি জানিব পৰা গৈছে। 

উপকূলীয় গাজা ষ্ট্ৰিপ আৰু ইয়াৰ সীমান্ত অঞ্চলত এনে ধৰণৰ অসংখ্য সুৰংগ আছে। আক্ৰমণৰ বাবে কিছুমান সুৰংগ নিৰ্মাণ কৰা হৈছে, কিছুমান চোৰাং ব্যৱসায়ৰ বাবে নিৰ্মাণ কৰা হৈছে, কিছুমান সুৰংগত অস্ত্ৰ  সংৰক্ষণ কৰা হৈছে, কিছুমান হামাছৰ গোপন ঘাটি হিচাবে ব্যৱহাৰ হৈ আছে।

এই সুৰংগবোৰ মাটিৰ ইমান তলত আছে যে ইজৰাইলৰ নিৰন্তৰ বোমাবর্ষণৰ ফলত সেইবোৰৰ সামান্য ক্ষতিও হোৱা নাই বুলি বহুতে কৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিৰক্ষা সচিব লয়ড অষ্টিনে কৈছে যে মছুলক আইছিছ সন্ত্ৰাসবাদীৰ  পৰা মুক্ত কৰিবলৈ ইৰাকে ন মাহ যুঁজ দিব লগা হৈছিল। হামাছক উৎখাত কৰিবলৈ ইজৰাইলে তাতোকৈও দ্ৰুতগতিত যুদ্ধ কৰি যাব লাগিব পাৰে। অষ্টিনে আশংকা কৰিছে যে হামাছে  মানৱ বোমাও ব্যৱহাৰ কৰিব  পাৰে। ইপিনে ইজৰাইলে আধুনিক প্ৰযুক্তিৰ সহায়ত কিছুমান সুৰংগ বিচাৰি পাইছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা