--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘত পুনৰ কৌশলী স্থিতি গ্ৰহণ কৰিলে ভাৰতে৷এনে স্থিতি বজাই ৰাখিয়েই  ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ৰাষ্ট্ৰসংঘত ভোটদানৰ পৰা বিৰত ভাৰতকে ধৰি ৩২ খন দেশ৷  ৰাছিয়াক ইউক্ৰেইনত  আক্ৰমণ বন্ধ কৰিবলৈ  আহ্বান জনাই উত্থাপন কৰা  প্ৰস্তাৱত ভাৰতে ভোটদানৰ পৰা  বিৰত থাকে৷ ভাৰতকে ধৰি আন ৩২ খন দেশেও ভোটদানৰ পৰা বিৰত থাকে৷ 

 ইউক্ৰেইন আৰু ৬৫ খন দেশৰ প্ৰতিনিধিয়ে উত্থাপন কৰা  প্ৰস্তাৱটোকলৈ বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷ কিন্তু ভাৰতে কৌশলপূৰ্ণভাবে প্ৰস্তাৱটোৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত থাকে৷ উল্লেখ্য ইয়াৰ পূৰ্বেও ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ৰাছিয়াক গৰিহণা দি গ্ৰহণ কৰা প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল ভাৰত৷ 

ভাৰতে ভোটদানৰ পৰা বিৰত থকাৰ   বিষয়ে ব্যাখ্যা কৰি ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে কয়   "আমি সদায় আলোচনা আৰু কূটনীতিক একমাত্ৰ কাৰ্যকৰী উপায় হিচাপে গণ্য কৰি আহিছো"।
প্ৰস্তাৱটোত সংঘৰ্ষৰ সমাপ্তিৰ বাবে আলোচনাৰ কথা উল্লেখ কৰা হোৱা নাছিল, কিন্তু "চাৰ্টাৰৰ সৈতে সামঞ্জস্য ৰাখি ইউক্ৰেইনত এক ব্যাপক, ন্যায়সঙ্গত আৰু স্থায়ী শান্তি প্ৰাপ্ত কৰাৰ বাবে কূটনৈতিক প্ৰচেষ্টা"ৰ আহ্বান জনোৱা হৈছিল বুলিও তেওঁ কয়৷ 

কম্বোজে প্ৰশ্ন কৰে, "যি প্ৰক্ৰিয়াত দুয়োপক্ষৰ কোনোটোৱেই অংশগ্ৰহণ  নকৰে, সেই ক্ষেত্ৰত কেতিয়াবা এক বিশ্বাসযোগ্য আৰু অৰ্থপূৰ্ণ সমাধানলৈ লৈ যাব পাৰে নেকি?"

তেওঁ কয়, "যদিও আমি আজিৰ প্ৰস্তাৱৰ উল্লেখিত উদ্দেশ্যবোৰৰ প্ৰতি লক্ষ্য ৰাখিছো, স্থায়ী শান্তি সুৰক্ষিত কৰাৰ আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ অন্তৰ্নিহিত সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত আমি ভোটদানৰ পৰা  বিৰত থাকিবলৈ বাধ্য হৈছোঁ।"

কম্বোজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰায়ে উদ্ধৃত কৰা মন্তব্যৰে  আহ্বান জনাই কয়  "এয়া যুদ্ধৰ যুগ হ'ব নোৱাৰে" আৰু কয়, "শত্ৰুতা আৰু হিংসাবৃদ্ধিয়ে  কাৰো স্বাৰ্থত পূৰণ নকৰে। ইয়াৰ পৰিৱৰ্তে, আলোচনা আৰু কূটনীতিৰ পথলৈ জৰুৰীভাৱে ঘূৰি অহাটো প্ৰয়োজনীয় কথা।"প্ৰস্তাৱটোৱে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিয়ে আৰু "ব্যাপক, ন্যায়সঙ্গত আৰু স্থায়ী শান্তি"ৰ বাবে তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ দাবী জনায়। প্ৰস্তাৱটোৱে  ভুক্তভোগীসকলৰ বাবে অপৰাধ আৰু ন্যায়ৰ গোচৰ তৰাৰো  দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন