--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰসংঘত পুনৰ কৌশলী স্থিতি গ্ৰহণ কৰিলে ভাৰতে৷এনে স্থিতি বজাই ৰাখিয়েই  ইউক্ৰেইন সম্পৰ্কীয় প্ৰস্তাৱত ৰাষ্ট্ৰসংঘত ভোটদানৰ পৰা বিৰত ভাৰতকে ধৰি ৩২ খন দেশ৷  ৰাছিয়াক ইউক্ৰেইনত  আক্ৰমণ বন্ধ কৰিবলৈ  আহ্বান জনাই উত্থাপন কৰা  প্ৰস্তাৱত ভাৰতে ভোটদানৰ পৰা  বিৰত থাকে৷ ভাৰতকে ধৰি আন ৩২ খন দেশেও ভোটদানৰ পৰা বিৰত থাকে৷ 

 ইউক্ৰেইন আৰু ৬৫ খন দেশৰ প্ৰতিনিধিয়ে উত্থাপন কৰা  প্ৰস্তাৱটোকলৈ বৃহস্পতিবাৰে ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল৷ কিন্তু ভাৰতে কৌশলপূৰ্ণভাবে প্ৰস্তাৱটোৰ সপক্ষে অথবা বিপক্ষে ভোটদানৰ পৰা বিৰত থাকে৷ উল্লেখ্য ইয়াৰ পূৰ্বেও ইউক্ৰেইন আক্ৰমণ কৰাৰ বাবে ৰাছিয়াক গৰিহণা দি গ্ৰহণ কৰা প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত আছিল ভাৰত৷ 

ভাৰতে ভোটদানৰ পৰা বিৰত থকাৰ   বিষয়ে ব্যাখ্যা কৰি ৰাষ্ট্ৰসংঘত থকা ভাৰতৰ স্থায়ী প্ৰতিনিধি ৰুচিৰা কম্বোজে কয়   "আমি সদায় আলোচনা আৰু কূটনীতিক একমাত্ৰ কাৰ্যকৰী উপায় হিচাপে গণ্য কৰি আহিছো"।
প্ৰস্তাৱটোত সংঘৰ্ষৰ সমাপ্তিৰ বাবে আলোচনাৰ কথা উল্লেখ কৰা হোৱা নাছিল, কিন্তু "চাৰ্টাৰৰ সৈতে সামঞ্জস্য ৰাখি ইউক্ৰেইনত এক ব্যাপক, ন্যায়সঙ্গত আৰু স্থায়ী শান্তি প্ৰাপ্ত কৰাৰ বাবে কূটনৈতিক প্ৰচেষ্টা"ৰ আহ্বান জনোৱা হৈছিল বুলিও তেওঁ কয়৷ 

কম্বোজে প্ৰশ্ন কৰে, "যি প্ৰক্ৰিয়াত দুয়োপক্ষৰ কোনোটোৱেই অংশগ্ৰহণ  নকৰে, সেই ক্ষেত্ৰত কেতিয়াবা এক বিশ্বাসযোগ্য আৰু অৰ্থপূৰ্ণ সমাধানলৈ লৈ যাব পাৰে নেকি?"

তেওঁ কয়, "যদিও আমি আজিৰ প্ৰস্তাৱৰ উল্লেখিত উদ্দেশ্যবোৰৰ প্ৰতি লক্ষ্য ৰাখিছো, স্থায়ী শান্তি সুৰক্ষিত কৰাৰ আমাৰ আকাংক্ষিত লক্ষ্যত উপনীত হোৱাৰ অন্তৰ্নিহিত সীমাবদ্ধতাৰ পৰিপ্ৰেক্ষিতত আমি ভোটদানৰ পৰা  বিৰত থাকিবলৈ বাধ্য হৈছোঁ।"

কম্বোজে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰায়ে উদ্ধৃত কৰা মন্তব্যৰে  আহ্বান জনাই কয়  "এয়া যুদ্ধৰ যুগ হ'ব নোৱাৰে" আৰু কয়, "শত্ৰুতা আৰু হিংসাবৃদ্ধিয়ে  কাৰো স্বাৰ্থত পূৰণ নকৰে। ইয়াৰ পৰিৱৰ্তে, আলোচনা আৰু কূটনীতিৰ পথলৈ জৰুৰীভাৱে ঘূৰি অহাটো প্ৰয়োজনীয় কথা।"প্ৰস্তাৱটোৱে ৰাছিয়াৰ আক্ৰমণক গৰিহণা দিয়ে আৰু "ব্যাপক, ন্যায়সঙ্গত আৰু স্থায়ী শান্তি"ৰ বাবে তাৎক্ষণিকভাৱে প্ৰত্যাহাৰৰ দাবী জনায়। প্ৰস্তাৱটোৱে  ভুক্তভোগীসকলৰ বাবে অপৰাধ আৰু ন্যায়ৰ গোচৰ তৰাৰো  দাবী জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন