--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বয়সৰ ক্ৰমবৰ্ধমান গতিত বৎসলাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল যাৰ ফলত চলা-ফিৰা কৰিব নোৱাৰা হৈ পৰিছিল।

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ অন্তৰ্গত পান্না টাইগাৰ ৰিজাৰ্ভত বাস কৰা বৎসলা নামৰ হাতীজনীয়ে ৮ জুলাই মঙলবাৰে ১০০ বছৰৰো অধিক বয়সত মৃত্যুক সাবটি ললে।দূৰদূৰনিৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বৎসলা।বৎসলাক এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল।


সকলোৰে মৰমৰ বৎসলা সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত আটাইতকৈ ডাঙৰ হোৱা হেতুকে মাক বা বায়েকৰ দৰে সকলো সৰু হাতীকে নেতৃত্ব দিছিল। বয়সৰ ক্ৰমবৰ্ধমান গতিত তাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল যাৰ ফলত চলা-ফিৰা কৰিব নোৱাৰা হৈ পৰিছিল। ৮ জুলাইৰ দুপৰীয়া বৎসলাৰ আগৰ ভৰি এটাৰ নখ ভাগি যোৱাত থিতাতে বহি পৰে আৰু মৃত্যুক সাৱটি লয়।


পান্না টাইগাৰ ৰিজাৰ্ভৰ বন্য প্ৰাণী চিকিৎসকৰ দ্বাৰা সময়ে সময়ে বৎসলাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল । যাৰ বাবে পন্না টাইগাৰ ৰিজাৰ্ভ নামৰ এই বিশাল ক্ষেত্ৰখনত বহু দিন জীয়াই থাকিল বৎসলা।


বৎসলাক কেৰেলাৰ পৰা নৰ্মদাপুৰ লৈ অনা হৈছিল,পাছত টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল আৰু তাতেই বৎসলাই অন্তিম নিঃশ্বাস ত্যাগ কৰে। টাইগাৰ ৰিজাৰ্ভৰ কৰ্মচাৰীসকলে হাতীজনীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।


মধ্যপ্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ,মুখ্যমন্ত্ৰী লৈকে সকলো ৰাইজে বৎসলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বৎসলাৰ মৃত্যু পন্না টাইগাৰ ৰিজাৰ্ভৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক