--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বয়সৰ ক্ৰমবৰ্ধমান গতিত বৎসলাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল যাৰ ফলত চলা-ফিৰা কৰিব নোৱাৰা হৈ পৰিছিল।

ডিজিটেল ডেস্ক : মধ্যপ্ৰদেশৰ অন্তৰ্গত পান্না টাইগাৰ ৰিজাৰ্ভত বাস কৰা বৎসলা নামৰ হাতীজনীয়ে ৮ জুলাই মঙলবাৰে ১০০ বছৰৰো অধিক বয়সত মৃত্যুক সাবটি ললে।দূৰদূৰনিৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল বৎসলা।বৎসলাক এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতীৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হৈছিল।


সকলোৰে মৰমৰ বৎসলা সংৰক্ষিত বনাঞ্চলখনৰ ভিতৰত আটাইতকৈ ডাঙৰ হোৱা হেতুকে মাক বা বায়েকৰ দৰে সকলো সৰু হাতীকে নেতৃত্ব দিছিল। বয়সৰ ক্ৰমবৰ্ধমান গতিত তাই দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল যাৰ ফলত চলা-ফিৰা কৰিব নোৱাৰা হৈ পৰিছিল। ৮ জুলাইৰ দুপৰীয়া বৎসলাৰ আগৰ ভৰি এটাৰ নখ ভাগি যোৱাত থিতাতে বহি পৰে আৰু মৃত্যুক সাৱটি লয়।


পান্না টাইগাৰ ৰিজাৰ্ভৰ বন্য প্ৰাণী চিকিৎসকৰ দ্বাৰা সময়ে সময়ে বৎসলাৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছিল । যাৰ বাবে পন্না টাইগাৰ ৰিজাৰ্ভ নামৰ এই বিশাল ক্ষেত্ৰখনত বহু দিন জীয়াই থাকিল বৎসলা।


বৎসলাক কেৰেলাৰ পৰা নৰ্মদাপুৰ লৈ অনা হৈছিল,পাছত টাইগাৰ ৰিজাৰ্ভলৈ স্থানান্তৰিত কৰা হৈছিল আৰু তাতেই বৎসলাই অন্তিম নিঃশ্বাস ত্যাগ কৰে। টাইগাৰ ৰিজাৰ্ভৰ কৰ্মচাৰীসকলে হাতীজনীৰ অন্তিম সংস্কাৰ সম্পন্ন কৰে।


মধ্যপ্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰীৰ পৰা ,মুখ্যমন্ত্ৰী লৈকে সকলো ৰাইজে বৎসলাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বৎসলাৰ মৃত্যু পন্না টাইগাৰ ৰিজাৰ্ভৰ বাবে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ