--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই চৰকাৰ সলনি, ভূ-ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে ভাৰতলৈ অশনি সংকেত আনিছে বুলি জেনেৰেল চৌহানে মন্তব্য কৰে।

ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিখন চুবুৰীয়া দেশ আৰু শেহতীয়াকৈ প্রতিপক্ষ হিচাপে থিয় দিয়া চীন, পাকিস্তান আৰু বাংলাদেশৰ বৰ্ধিত ঘনিষ্ঠ সম্পর্কই ভাৰতৰ অভ্যন্তৰীণ সুস্থিৰতা আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি আনিছে। এই বিষয়ত সতর্কবাণী দি দেশৰ চীফ অব দ্য ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল অনিল চৌহানে মঙলবাৰে অৰ্জাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত এই আশংকা ব্যক্ত কৰে।


চি ডি এছ চৌহানে কয় যে ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি তিনিওখন প্রতিপক্ষ চুবুৰীয়া দেশৰ ঘনিষ্ঠ মিতিৰালিয়ে ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ চুবুৰীয়া বাংলাদেশৰ সৈতে ভাৰতৰ সম্পর্ক অধিক অৱনতি হোৱাৰ মাজতে চি ডি এছ চৌহানৰ এই মন্তব্য অতি লক্ষণীয় হৈ পৰিছে।


চি ডি এছ চৌহানে ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ' আৰ) কেনেকৈ অর্থনৈতিক প্রত্যাহবান আহিছে সেই বিষয়ত আলোকপাত কৰি কয় যে আই অ' আৰত বহিঃৰাষ্ট্ৰৰ প্ৰভাৱ বিস্তাৰৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হৈছে। এই বহিঃশক্তিয়ে ঋণ দিয়াৰ মাধ্যমেৰে কূটনৈতিক কাৰ্যকলাপৰ আই অ' আৰৰ দেশসমূহক বহতীয়া কৰি ভাৰতৰ বিৰুদ্ধে গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছে।


তদুপৰি, দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই চৰকাৰ সলনি, ভূ-ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে ভাৰতলৈ অশনি সংকেত আনিছে বুলি জেনেৰেল চৌহানে মন্তব্য কৰে।


৭-১০ মে'ত হোৱা ভাৰত-পাকিস্তানৰ ভয়ংকৰ সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰি জেনেৰেল চৌহানে কয় যে পাকিস্তানে দিয়া পাৰমাণৱিক বোমাৰে আক্ৰমণৰ ভাবুকিক ভাৰতে কেৰেপ নকৰে। তেওঁ কয় যে 'অপাৰেশ্যন সেন্দূৰ' দক্ষিণ এছিয়াকে নহয়, সমগ্ৰ বিশ্বৰ বাবে এক শিক্ষা স্বৰূপ হৈ পৰিল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ