--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই চৰকাৰ সলনি, ভূ-ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে ভাৰতলৈ অশনি সংকেত আনিছে বুলি জেনেৰেল চৌহানে মন্তব্য কৰে।

ডিজিটেল ডেস্কঃ ভাৰতৰ তিনিখন চুবুৰীয়া দেশ আৰু শেহতীয়াকৈ প্রতিপক্ষ হিচাপে থিয় দিয়া চীন, পাকিস্তান আৰু বাংলাদেশৰ বৰ্ধিত ঘনিষ্ঠ সম্পর্কই ভাৰতৰ অভ্যন্তৰীণ সুস্থিৰতা আৰু নিৰাপত্তাৰ প্ৰতি গুৰুতৰ ভাবুকি আনিছে। এই বিষয়ত সতর্কবাণী দি দেশৰ চীফ অব দ্য ডিফেন্স ষ্টাফ (চি ডি এছ) জেনেৰেল অনিল চৌহানে মঙলবাৰে অৰ্জাৰভাৰ ৰিছাৰ্চ ফাউণ্ডেশ্যনৰ দ্বাৰা আয়োজিত এটা অনুষ্ঠানত এই আশংকা ব্যক্ত কৰে।


চি ডি এছ চৌহানে কয় যে ভাৰতৰ অভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি তিনিওখন প্রতিপক্ষ চুবুৰীয়া দেশৰ ঘনিষ্ঠ মিতিৰালিয়ে ভাবুকি কঢ়িয়াই আনিছে। শেহতীয়াকৈ চুবুৰীয়া বাংলাদেশৰ সৈতে ভাৰতৰ সম্পর্ক অধিক অৱনতি হোৱাৰ মাজতে চি ডি এছ চৌহানৰ এই মন্তব্য অতি লক্ষণীয় হৈ পৰিছে।


চি ডি এছ চৌহানে ভাৰত মহাসাগৰীয় অঞ্চলত (আই অ' আৰ) কেনেকৈ অর্থনৈতিক প্রত্যাহবান আহিছে সেই বিষয়ত আলোকপাত কৰি কয় যে আই অ' আৰত বহিঃৰাষ্ট্ৰৰ প্ৰভাৱ বিস্তাৰৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হৈছে। এই বহিঃশক্তিয়ে ঋণ দিয়াৰ মাধ্যমেৰে কূটনৈতিক কাৰ্যকলাপৰ আই অ' আৰৰ দেশসমূহক বহতীয়া কৰি ভাৰতৰ বিৰুদ্ধে গুৰুতৰ নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছে।


তদুপৰি, দক্ষিণ এছিয়াৰ দেশসমূহত সঘনাই চৰকাৰ সলনি, ভূ-ৰাজনৈতিক পট পৰিৱৰ্তন আদিয়ে ভাৰতলৈ অশনি সংকেত আনিছে বুলি জেনেৰেল চৌহানে মন্তব্য কৰে।


৭-১০ মে'ত হোৱা ভাৰত-পাকিস্তানৰ ভয়ংকৰ সংঘৰ্ষৰ বিষয়ে মন্তব্য কৰি জেনেৰেল চৌহানে কয় যে পাকিস্তানে দিয়া পাৰমাণৱিক বোমাৰে আক্ৰমণৰ ভাবুকিক ভাৰতে কেৰেপ নকৰে। তেওঁ কয় যে 'অপাৰেশ্যন সেন্দূৰ' দক্ষিণ এছিয়াকে নহয়, সমগ্ৰ বিশ্বৰ বাবে এক শিক্ষা স্বৰূপ হৈ পৰিল।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক