--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযোগ উঠিছে যে দলংখনৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও মেৰামতি কৰা নহ’ল। দলঙৰ কাষতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্কঃ  এক কৰুণ ঘটনাই জোঁকাৰি গল গুজৰাট।  মহীসাগৰ নদীৰ ওপৰত অৱস্থিত গম্ভীৰা দলংখন হঠাতে মাজভাগত ভাঙি পৰে। ইয়াৰ ফলত চাৰিখন বাহন নদীত বাগৰি পৰে। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। ঘটনাৰ পাছত উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত প্ৰায় ৫ জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।


এই দুৰ্ঘটনাত এখন টেংকাৰ ভাগ্যক্ৰমে তলত পৰাৰ পৰা অলপতে ৰক্ষা পৰে। দলঙৰ মাজত ওলমি আছে টেংকাৰখন। নদীত আবদ্ধ হৈ থকা যান-বাহন আৰু লোকক আঁতৰাই নিবলৈ অব্যাহত আছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল । নদীত পৰি যোৱা লোকসকলক ডুবাৰুৰ সহায়ত অনুসন্ধান চলোৱা হৈছে। পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে কয়, “পুৱা প্ৰায় ৭.৩০ বজাত মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলঙৰ এটা অংশ ভাঙি বহু বাহন নদীত পৰি যায়। দুখন ট্ৰাক আৰু দুখন ভ্যানকে ধৰি বহু বাহন নদীত বাগৰি পৰে। আমি এই পৰ্যন্ত চাৰিজন লোকক উদ্ধাৰ কৰিছো।”


উল্লেখ্য যে ডুবাৰুৰ সহায়ত নদীত পৰা চালকসকল আৰু অন্যান্য সম্ভাৱ্য আহতসকলৰ সন্ধান চলি আছে। গুজৰাটত বিগত কেইবাদিন ধৰি বৰষুণ অব্যাহত আছে। গম্ভীৰা দলং মধ্য গুজৰাটৰ অন্যতম গুৰুত্বপূর্ণ দলং। এই দলংখনে মধ্য গুজৰাটক সৌৰাষ্ট্ৰৰ সৈতে সংযোগ কৰিছে। তথ্য অনুসৰি, এই দলংখন ৪৫ বছৰৰ পুৰণি। দলংখন ভাগি পৰাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ডুবাৰুসকলে নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰে।


অভিযোগ উঠিছে যে দলংখনৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও মেৰামতি কৰা নহ’ল। দলঙৰ কাষতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। দীৰ্ঘদিন ধৰি দলংখন কঁপি থকা বুলি অভিযোগ উত্থাপন হৈ আছিল। কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা লোৱা নহ’ল । দলংখনেৰে যাতায়ত বন্ধ কৰা নহ’ল। যাৰবাবে প্ৰাণ হেৰুৱালে ৯ জনকৈ লোকে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে।ইয়াৰ বাবে নিশ্চয়কৈ দায়ী চৰকাৰ। চৰকাৰৰ অৱহেলাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক