--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অভিযোগ উঠিছে যে দলংখনৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও মেৰামতি কৰা নহ’ল। দলঙৰ কাষতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।

ডিজিটেল ডেস্কঃ  এক কৰুণ ঘটনাই জোঁকাৰি গল গুজৰাট।  মহীসাগৰ নদীৰ ওপৰত অৱস্থিত গম্ভীৰা দলংখন হঠাতে মাজভাগত ভাঙি পৰে। ইয়াৰ ফলত চাৰিখন বাহন নদীত বাগৰি পৰে। এই ঘটনাত ৯ জন লোকৰ মৃত্যু হৈছে। ঘটনাৰ পাছত উদ্ধাৰ অভিযান অব্যাহত আছে। এই ঘটনাত প্ৰায় ৫ জন লোক গুৰুতৰভাৱে আহত হৈছে বুলি জানিব পৰা গৈছে।


এই দুৰ্ঘটনাত এখন টেংকাৰ ভাগ্যক্ৰমে তলত পৰাৰ পৰা অলপতে ৰক্ষা পৰে। দলঙৰ মাজত ওলমি আছে টেংকাৰখন। নদীত আবদ্ধ হৈ থকা যান-বাহন আৰু লোকক আঁতৰাই নিবলৈ অব্যাহত আছে উদ্ধাৰ অভিযান। ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনীৰ এটা দল । নদীত পৰি যোৱা লোকসকলক ডুবাৰুৰ সহায়ত অনুসন্ধান চলোৱা হৈছে। পাদ্ৰা আৰক্ষী পৰিদৰ্শক বিজয় চৰণে কয়, “পুৱা প্ৰায় ৭.৩০ বজাত মহিসাগৰ নদীৰ ওপৰত নিৰ্মিত দলঙৰ এটা অংশ ভাঙি বহু বাহন নদীত পৰি যায়। দুখন ট্ৰাক আৰু দুখন ভ্যানকে ধৰি বহু বাহন নদীত বাগৰি পৰে। আমি এই পৰ্যন্ত চাৰিজন লোকক উদ্ধাৰ কৰিছো।”


উল্লেখ্য যে ডুবাৰুৰ সহায়ত নদীত পৰা চালকসকল আৰু অন্যান্য সম্ভাৱ্য আহতসকলৰ সন্ধান চলি আছে। গুজৰাটত বিগত কেইবাদিন ধৰি বৰষুণ অব্যাহত আছে। গম্ভীৰা দলং মধ্য গুজৰাটৰ অন্যতম গুৰুত্বপূর্ণ দলং। এই দলংখনে মধ্য গুজৰাটক সৌৰাষ্ট্ৰৰ সৈতে সংযোগ কৰিছে। তথ্য অনুসৰি, এই দলংখন ৪৫ বছৰৰ পুৰণি। দলংখন ভাগি পৰাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলত উপস্থিত হোৱা আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী আৰু ডুবাৰুসকলে নদীত উদ্ধাৰ অভিযান আৰম্ভ কৰে।


অভিযোগ উঠিছে যে দলংখনৰ মেৰামতিৰ প্ৰয়োজন আছিল যদিও মেৰামতি কৰা নহ’ল। দলঙৰ কাষতে নতুন দলং নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। দীৰ্ঘদিন ধৰি দলংখন কঁপি থকা বুলি অভিযোগ উত্থাপন হৈ আছিল। কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা লোৱা নহ’ল । দলংখনেৰে যাতায়ত বন্ধ কৰা নহ’ল। যাৰবাবে প্ৰাণ হেৰুৱালে ৯ জনকৈ লোকে। মৃতকৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলিও আশংকা কৰা হৈছে।ইয়াৰ বাবে নিশ্চয়কৈ দায়ী চৰকাৰ। চৰকাৰৰ অৱহেলাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হোৱা বুলি অভিযোগ কৰিছে ৰাইজে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমীয়া ভাষাৰ শ্রেষ্ঠ ছবি আদিত্যম শইকীয়াৰ 'ৰঙা টাপু ১৯৮২'
৮ জন পুৰুষক বিয়া কৰাই লাখ লাখ টকা প্ৰতাৰণা! ৯ নম্বৰ দৰাৰ সন্ধানত থাকোতেই গ্ৰেপ্তাৰ প্ৰবঞ্চক কইনা
জন্মদিনৰ পাৰ্টিৰ পৰা উভতি আহোতে ভয়ংকৰ দুৰ্ঘটনা! একে পৰিয়ালৰ ৫জনৰ থিতাতে মৃত্যু
কুন্দুলীৰ নানা স্বাস্থ্য উপকাৰিতাৰ বিষয়ে জানো আহক
শুল্ক প্রত্যাহাৰ নকৰিলে আমেৰিকাৰ সামগ্ৰী বর্জন কৰিব ভাৰতত
ছোবাৰ্ছ, গাভাস্কাৰৰ ৰেকৰ্ড ভাঙিলে গীলে