--°C
Loading...
Listen to Article
2 min read
80%
২৯ জানুৱাৰী ২০২৩
মেষ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাৰ বাবে আজিৰ দিনটোঅতি ভাল দিন। অৱশ্যে যদি আজি কাৰোবাৰ সৈতে ধনৰ লেনদেন কৰাৰ কথা ভাবি আছে, সাৱধান হ’ব। পৰিয়ালৰ ব্যয় হঠাতে বৃদ্ধি হ'ব পাৰে। প্ৰেমত শুভ৷

বৃষ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ব্যস্ততাৰ দিন। যদি আপুনি আজি বিনিয়োগ কৰাৰ পৰিকল্পনা কৰি আছে, তেন্তে কৰিব পাৰে । কথা-বাৰ্তাত সংযম অৱলম্বন কৰক। পেটৰ যত্ন ল’ব৷

মিথুন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মধ্যমীয়া  দিন । প্ৰেমিকসকলে প্ৰিয়জনৰ পৰা  উপহাৰ আৰু সন্মান লাভ কৰিব পাৰে।  শিক্ষাৰ্থীসকলে শিক্ষাত মনোযোগ দিব লাগিব। যদি আপুনি আজি ভৱিষ্যতৰ কিছুমান পৰিকল্পনাত বিনিয়োগ কৰে, সেই আঁচনিবোৰে ভৱিষ্যতে যথেষ্ট লাভালাভ প্ৰদান কৰিব।

কৰ্কট ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো চাকৰিয়াল সকলৰ সন্মান বৃদ্ধিৰ দিন । আজি সন্তানৰ পৰা ভাল এটা খবৰ শুনিব, যিয়ে সুখী কৰিব। যদি পৰিয়ালত দীৰ্ঘদিন ধৰি কাজিয়া চলি আছিল, ই আজি সমাপ্ত হ’ব পাৰে।চকুৰ যত্ন ল’ব৷ 

সিংহ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো ৰাতিপুৱাৰ পৰা উদ্যমী অনুভৱ কৰিব। যাৰ ফলত আপুনি আপোনাৰ সকলো কাম কৰিবলৈ বাট চাই থাকিব আৰু সেইবোৰ যথেষ্ট পৰিমাণে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ’ব। আনৰ মংগলৰ বাবে কিছু ধন খৰচ কৰিব। অংশীদাৰীত্ব ব্যৱসায়ত লাভালাভ প্ৰদান কৰিব পাৰে। শিঙাল যন্তুৰ পৰা সাৱধানে থাকিব৷

কন্যা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত আপোনাৰ স্বাস্থ্যৰ বিষয়ে সচেতন হ’ব । যদি  কষ্ট বৃদ্ধি হ’ব পাৰে। আজি আপোনাৰ অপ্ৰয়োজনীয় ব্যয় হ’ব পাৰে। যদি আপোনাৰ উদ্যোগিক বিবাদ আছিল, সেইটোও আজি সমাধান কৰিব পাৰিব।আলহীৰ আগমণৰ যোগ৷ 

তুলা ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো মিশ্ৰিত ফলাফল আহিব। যিসকলে ৰাজনীতিৰ দিশত চেষ্টা কৰি আছে তেওঁলোকে কৰা কামক প্ৰশংসা কৰা হ’ব। উপাৰ্জন আৰু ব্যয় দুয়োটা সন্তুলিত কৰিব লাগিব। যদি আপুনি নকৰে, আপুনি ভৱিষ্যতে অৰ্থনৈতিক সংকটৰ সন্মুখীন হ’ব পাৰে। চকু-কাণৰ যত্ন ল’ব৷ 

বৃশ্চিক ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত পাৰিবাৰিক জীৱন আজি সুখী হ’ব। নিযুক্তিৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। আজি আপুনি ব্যৱসায়ৰ বাবে অকস্মাত ভ্ৰমণ কৰিব লগীয়া হ’ব পাৰে। আজি আপোনাৰ এটা দীঘলীয়া অমীমাংসিত কাম সম্পন্ন হ’ব৷ শিঙাল জন্তু, ধাৰাল বস্তুৰ পৰা সাৱধানে থাকিব৷  

ধনু ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো এটা স্বাভাৱিক দিন। আজি আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে সিদ্ধান্ত লোৱাৰ আগতে অলপ চিন্তা কৰি চাব৷  যদি আপুনি আজি কাৰোবাক টকা ধাৰ দিয়াৰ পৰা বিৰত থাকক। প্ৰেমত ভাল দিন৷পিছবেলালৈ হাতলৈ ধন আহিব পাৰে৷ 

মকৰ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত ইতিবাচক ফলাফল আহিব। শিক্ষাৰ্থীসকলে চেষ্টা অব্যাহত ৰাখক। ব্যৱসায় কৰা লোকসকলে আজি কামৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। খৰচ বৃদ্ধি হ’ব পাৰে৷ নতুন কামৰ সংযোগ৷ 

কুম্ভ ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটো অৰ্থনৈতিক দৃষ্টিকোণৰ পৰা এটা ভাল দিন হ’ব। যদি আপুনি কাৰোবাৰ পৰা কিছু টকা ধাৰ লৈছিল, আজি আপুনি ইয়াক পৰিশোধ কৰিবলৈ সক্ষম হ’ব।  আজি  ব্যৱসায়ৰ কোনো চুক্তি কৰিব নালাগে। প্ৰেমত মধ্যম৷ গুণীজনৰ পৰা সহায় পাব৷ 

মীন ৰাশি-  এই ৰাশিৰ জাতক-জাতিকাৰ আজিৰ দিনটোত যিসকলে নিযুক্তিৰ দিশত চেষ্টা কৰি আছে, তেওঁলোকৰ বাবে ভাল খবৰ আহিব। আজি তেওঁলোকে হয়তো তেওঁলোকে আশা কৰা  অনুসৰি ফলাফল শুনিব পাৰে।  প্ৰেমত ভাল দিন৷ খৰচ বৃদ্ধিৰ যোগ৷ পেটৰ ৰোগৰ ক্ষেত্ৰত সাৱধান হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক