--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাণক্য হৈছে মানুহৰ  মূল শিক্ষক।তেওঁক বিষ্ণুগুপ্ত আৰু কৌটিল্য বুলিও জনা যায়। তেওঁ প্ৰাচীন ভাৰতৰ অৰ্থশাস্ত্ৰৰ লেখক। আচাৰ্যই কৈছে যে এই পাঁচ প্ৰকাৰৰ লোকৰ সৈতে কেতিয়াও সম্পৰ্ক ৰাখিব  নালাগে। অন্যথা, আপোনাৰ জীৱনত দুখ আহিব পাৰে।কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে চাণক্যই জানো আহক-

এলেহুৱা লোক - অলসতা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কিয়নো অলসতা মানুহৰ সফলতাৰ বাবে বাধা হৈ পৰে। এজন এলেহুৱা ব্যক্তিয়ে জীৱনৰ সঠিক সময় ব্যৱহাৰ কৰিব নোৱাৰে। অলসতাৰ বাবে ব্যক্তিজনেও তেওঁৰ কৰ্তব্যৰ পৰা আঁতৰি যায়। যিটোৱে তেওঁক আনৰ দৃষ্টিত বেয়া মানুহ কৰি তোলে।অলস লোকসকলে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ কামৰ যত্ন নলয়। যিসকলে অলস মানুহৰ সংস্পৰ্শলৈ আহে তেওঁলোকেও লাহে লাহে এলেহুৱা হৈ পৰে। গতিকে আচাৰ্য চাণক্যই কৈছে যে এলেহুৱা  মানুহৰ পৰা আঁতৰি থকাটো সদায়েই ভাল।

নাস্তিক – এনে বহু লোক  আছে যিয়ে ঈশ্বৰ আৰু ধৰ্মত বিশ্বাস নকৰে। ফলস্বৰূপে, তেওঁলোকৰ ধৰ্ম্মৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাথাকে। ধৰ্ম আৰু শাস্ত্ৰৰ বিষয়ত  বিশ্বাস নথকাৰ বাবে এনে লোকসকলে ভুল পথলৈ যায় আৰু বিভিন্ন পাপ কৰে। তেনে লোককো এৰাই চলিব লাগে৷ ধৰ্ম পালন নকৰাৰ বাবে তেওঁলোকে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ ফলস্বৰূপে, তেওঁলোকে তেওঁলোকৰ জীৱন নৰক সদৃশ কৰি তোলে আৰু আনকি যিসকলে তেওঁলোকৰ সৈতে লগ লাগে  তেওঁলোকেও ইয়াৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাাৱান্বিত  হয়। সেয়েহে, আচাৰ্য চাণক্যৰ মতে, এনে লোকৰ পৰা আঁতৰি থকাই ভাল।

খঙাল লোক- আচাৰ্য চাণক্যই সাধাৰণ কথাতে খং কৰা লোকসকলক দানৱৰ সৈতে তুলনা  কৰিছে। এইটো মনত ৰাখিব লাগে যে খঙে সদায় মানুহৰ  ক্ষতি কৰে।বহু সময়ত খঙাল মানুহবোৰ নিন্দা আৰু হাঁহিয়াতৰ পাত্ৰ হৈ পৰে৷খঙাল মানুহে তেওঁলোকৰ বন্ধু আৰু আত্মীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বহুসময়ত তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই  বহু  বিপজ্জনক  কাম কৰিব পাৰে। গতিকে যদি আপুনি শান্তিত থাকিব বিচাৰে, তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল।

ঈৰ্ষান্বিত লোক – যিসকলে আনৰ ভাল দেখিব নোৱাৰে তেওঁলোক কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। তেওঁলোক নিশ্চিতভাৱে কূটনৈতিক আৰু পাপী লোক। তেওঁলোকে আনক সৰু কৰি তুলিবলৈ যিকোনো স্তৰলৈ যাব পাৰে। যদি আপুনি এনে লোকৰ সৈতে বন্ধুত্ব কৰে,আপুনিও আনক  ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ গতিকে তেনে লোককো এৰাই চলাই ভাল৷ 

নিচাগ্ৰস্ত ব্যক্তি - সুৰা আৰু বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্ত ব্যক্তিৰ  বহু সময়ত হিতাহিত জ্ঞান নোহোৱা হৈ পৰে। এনে এজন ব্যক্তিয়ে ভাল আৰু বেয়া বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়। তেওঁলোকে মাতাল হৈ কোনো বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। যিসকলে এই লোকসকলৰ সৈতে বন্ধুত্ব কৰে তেওঁলোকও এটা সময়ত ধ্বংস হৈ যায়। গতিকে আচাৰ্য চাণক্যই এনে লোকৰ পৰাও আঁতৰি থাকিবলৈ কৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী