--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  চাণক্য হৈছে মানুহৰ  মূল শিক্ষক।তেওঁক বিষ্ণুগুপ্ত আৰু কৌটিল্য বুলিও জনা যায়। তেওঁ প্ৰাচীন ভাৰতৰ অৰ্থশাস্ত্ৰৰ লেখক। আচাৰ্যই কৈছে যে এই পাঁচ প্ৰকাৰৰ লোকৰ সৈতে কেতিয়াও সম্পৰ্ক ৰাখিব  নালাগে। অন্যথা, আপোনাৰ জীৱনত দুখ আহিব পাৰে।কেনে লোকৰ পৰা দূৰত থকাৰ কথা কৈছে চাণক্যই জানো আহক-

এলেহুৱা লোক - অলসতা হৈছে মানুহৰ আটাইতকৈ ডাঙৰ শত্ৰু। কিয়নো অলসতা মানুহৰ সফলতাৰ বাবে বাধা হৈ পৰে। এজন এলেহুৱা ব্যক্তিয়ে জীৱনৰ সঠিক সময় ব্যৱহাৰ কৰিব নোৱাৰে। অলসতাৰ বাবে ব্যক্তিজনেও তেওঁৰ কৰ্তব্যৰ পৰা আঁতৰি যায়। যিটোৱে তেওঁক আনৰ দৃষ্টিত বেয়া মানুহ কৰি তোলে।অলস লোকসকলে তেওঁলোকৰ স্বাস্থ্য বা তেওঁলোকৰ কামৰ যত্ন নলয়। যিসকলে অলস মানুহৰ সংস্পৰ্শলৈ আহে তেওঁলোকেও লাহে লাহে এলেহুৱা হৈ পৰে। গতিকে আচাৰ্য চাণক্যই কৈছে যে এলেহুৱা  মানুহৰ পৰা আঁতৰি থকাটো সদায়েই ভাল।

নাস্তিক – এনে বহু লোক  আছে যিয়ে ঈশ্বৰ আৰু ধৰ্মত বিশ্বাস নকৰে। ফলস্বৰূপে, তেওঁলোকৰ ধৰ্ম্মৰ বিষয়ে তেওঁলোকৰ কোনো জ্ঞান নাথাকে। ধৰ্ম আৰু শাস্ত্ৰৰ বিষয়ত  বিশ্বাস নথকাৰ বাবে এনে লোকসকলে ভুল পথলৈ যায় আৰু বিভিন্ন পাপ কৰে। তেনে লোককো এৰাই চলিব লাগে৷ ধৰ্ম পালন নকৰাৰ বাবে তেওঁলোকে জঘন্য অপৰাধ কৰিবলৈ কুণ্ঠাবোধ নকৰে। ইয়াৰ ফলস্বৰূপে, তেওঁলোকে তেওঁলোকৰ জীৱন নৰক সদৃশ কৰি তোলে আৰু আনকি যিসকলে তেওঁলোকৰ সৈতে লগ লাগে  তেওঁলোকেও ইয়াৰ প্ৰভাৱৰ দ্বাৰা প্ৰভাাৱান্বিত  হয়। সেয়েহে, আচাৰ্য চাণক্যৰ মতে, এনে লোকৰ পৰা আঁতৰি থকাই ভাল।

খঙাল লোক- আচাৰ্য চাণক্যই সাধাৰণ কথাতে খং কৰা লোকসকলক দানৱৰ সৈতে তুলনা  কৰিছে। এইটো মনত ৰাখিব লাগে যে খঙে সদায় মানুহৰ  ক্ষতি কৰে।বহু সময়ত খঙাল মানুহবোৰ নিন্দা আৰু হাঁহিয়াতৰ পাত্ৰ হৈ পৰে৷খঙাল মানুহে তেওঁলোকৰ বন্ধু আৰু আত্মীয়সকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে। বহুসময়ত তেওঁলোকে হিতাহিত জ্ঞান হেৰুৱাই  বহু  বিপজ্জনক  কাম কৰিব পাৰে। গতিকে যদি আপুনি শান্তিত থাকিব বিচাৰে, তেওঁলোকৰ পৰা আঁতৰি থকাই ভাল।

ঈৰ্ষান্বিত লোক – যিসকলে আনৰ ভাল দেখিব নোৱাৰে তেওঁলোক কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। তেওঁলোক নিশ্চিতভাৱে কূটনৈতিক আৰু পাপী লোক। তেওঁলোকে আনক সৰু কৰি তুলিবলৈ যিকোনো স্তৰলৈ যাব পাৰে। যদি আপুনি এনে লোকৰ সৈতে বন্ধুত্ব কৰে,আপুনিও আনক  ঈৰ্ষা কৰিবলৈ আৰম্ভ কৰিব পাৰে৷ গতিকে তেনে লোককো এৰাই চলাই ভাল৷ 

নিচাগ্ৰস্ত ব্যক্তি - সুৰা আৰু বিভিন্ন প্ৰকাৰৰ নিচাৰ প্ৰতি আসক্ত ব্যক্তিৰ  বহু সময়ত হিতাহিত জ্ঞান নোহোৱা হৈ পৰে। এনে এজন ব্যক্তিয়ে ভাল আৰু বেয়া বিচাৰ কৰাৰ ক্ষমতা হেৰুৱায়। তেওঁলোকে মাতাল হৈ কোনো বেয়া কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। যিসকলে এই লোকসকলৰ সৈতে বন্ধুত্ব কৰে তেওঁলোকও এটা সময়ত ধ্বংস হৈ যায়। গতিকে আচাৰ্য চাণক্যই এনে লোকৰ পৰাও আঁতৰি থাকিবলৈ কৈছে ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ