--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনে প্ৰথমে এগৰাকী যুৱতীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি বিবাহৰ প্ৰস্তাৱ দিছিল।

ডিজিটেল ডেস্ক: বিবাহৰ প্ৰস্তাৱ নাকচ কৰা বাবে AIৰ সহায়ত যুৱতীৰ অশ্লীল ছবি প্ৰস্তুত কৰি সামাজিক মাধ্যমত প্ৰচাৰ কৰিলে কৰিমগঞ্জৰ এজন যুৱকে। যুৱকজনে হায়দৰাবাদৰ এটা কোম্পানীত ৰান্ধনী হিচাপে কাম কৰে। যুৱকজন ৰাতাবাৰী ভেটাৰবন্দ অঞ্চলৰ বাসিন্দা ৰিপন নাথ।


AI ব্যৱহাৰ কৰি যুৱতীগৰাকীৰ ভুৱা আৰু অশ্লীল ছবি প্ৰচাৰ কৰি মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগত অৱশেষত হায়দৰাবাদৰ পৰা ৰিপন নাথক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীৰ গুমৰা তদন্ত কেন্দ্ৰই।


আৰক্ষীয়ে জনোৱা মতে, অভিযুক্ত যুৱকজনে প্ৰথমে এগৰাকী যুৱতীৰ মোবাইল নম্বৰ সংগ্ৰহ কৰি বিবাহৰ প্ৰস্তাৱ দিছিল। প্ৰস্তাৱ নাকচ হোৱাৰ পাছত তেওঁ প্ৰতিশোধমূলক ভাৱে ফেচবুকত ভুৱা একাউণ্ট খুলি এআইৰ সহায়ত বিকৃত আৰু অশ্লীল ছবি তৈয়াৰ কৰি প্ৰচাৰ কৰে আৰু দীঘলীয়া সময় ধৰি অনলাইন হাৰাশাস্তি চলাইছিল।


ভুক্তভোগী যুৱতীগৰাকীৰ লিখিত অভিযোগৰ ভিত্তিত মোবাইল লোকেচন ট্ৰেক কৰি এছআই অৰিন্দম ভৰদ্বাজৰ নেতৃত্বত আৰক্ষীৰ বিশেষ দলে হায়দৰাবাদত অভিযান চলাই অভিযুক্ত ৰিপন নাথক গ্ৰেপ্তাৰ কৰে। 


প্ৰাথমিক জেৰাত তেওঁ ব্লেকমেইল কৰাৰ উদ্দেশ্যে এই কাম কৰা বুলি স্বীকাৰ কৰিছে। তদন্তত আৰু দুই-তিনিগৰাকী মহিলাক একে ধৰণে হাৰাশাস্তি কৰা তথ্য পোৱা গৈছে। আৰক্ষীয়ে জনায় যে AIৰ ফলত চাইবাৰ অপৰাধ বৃদ্ধি পাইছে, সেয়ে সকলোকে সতৰ্ক থাকিবলৈ আহ্বান জনোৱা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন