--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাই বোকাখাত সম-জিলা আয়ুক্ত তথা বিভাগীয় বিষয়াৰ সৈতে বুধবাৰে অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা উক্ত অর্কিড উদ্যানখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰিবলৈ অহা দেশ-বিদেশৰ পৰ্যটকৰ লগতে ৰাইজৰ সুবিধাৰ্থে অহা ৩ মার্চত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই মুকলি কৰিব কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰা ৰাজ্যৰ প্ৰথমখন চৰকাৰী অর্কিড উদ্যান। 


বোকাখাতৰ বিধায়ক তথা কৃষি মন্ত্রী অতুল বৰাই বোকাখাত সম-জিলা আয়ুক্ত তথা বিভাগীয় বিষয়াৰ সৈতে বুধবাৰে অত্যাধুনিক প্রযুক্তিৰে নিৰ্মাণ কৰা উক্ত অর্কিড উদ্যানখন পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। 


মন্ত্রী অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়া মতে, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই অহা ৩ মার্চত বোকাখাত বিধানসভা সমষ্টিৰ বিভিন্ন আঁচনি শুভাৰম্ভ কৰিব। উক্ত দিনাই কাজিৰঙাৰ কঁহৰা নদীৰ পাৰত প্ৰায় ১৭ কোটি টকা ব্যয় কৰি নতুনকৈ নিৰ্মাণ কৰা চৰকাৰী অর্কিড উদ্যানখন পর্যটক আৰু ৰাইজৰ কাৰণে আনুষ্ঠানিকভাৱে মুকলি কৰিব। 


মন্ত্ৰীজনে আৰু জানিবলৈ দিয়া মতে, এই অর্কিড উদ্যানখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ হ'ব। এইখন উদ্যানত বিভিন্ন প্ৰজাতিৰ অৰ্কিড দৰ্শনৰ লগতে থলুৱা খাদ্য, বোৱা-কটা বস্ত্র, সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰিব পাৰিব। 


উল্লেখযোগ্য যে উক্ত দিনা কাজিৰঙা মৌজাৰ সাপজুৰিত নিৰ্মাণ কৰা পোহনীয়া পশুৰ চিকিৎসালয়, কাজিৰঙাৰ কঁহৰাত নিৰ্মাণ কৰা আৰক্ষী বিভাগৰ নতুন আটকধুনীয়া অতিথি গৃহ, কেইবাখনো বিদ্যালয়ৰ নতুন গৃহ আদি উক্ত দিনা মুখ্যমন্ত্রীয়ে আনুষ্ঠানিকভাৱে মুকলি কৰিব বুলিও মন্ত্রী অতুল বৰাই সাংবাদিকক জানিবলৈ দিয়ে।


উৎসঃ দৈনিক জনমভূমি




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু