--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে মালদ্বীপৰ দৰে দ্বীপ ৰাষ্ট্ৰলৈ যোৱাৰ সপোন দেখো কিন্তু লাখ লাখ টকাৰ বাজেট দেখি আমি ৰৈ যাওঁ। কিন্তু ভাৰতবৰ্ষত এনে বহু বীচ্চ গন্তব্যস্থান আছে যিবোৰ প্ৰকৃতিৰ অলৌকিকতাতকৈ কোনো গুণে কম নহয়। আহক, আজি আমি আপোনালোকক ভাৰতৰ এনে এখন স্থানৰ কথা ক'ম য'ত আপুনি আন এখন পৃথিৱীত উপনীত হোৱাৰ দৰে অনুভৱ কৰিব।

ফটোগ্ৰাফী প্ৰতি আকৰ্ষিতসকলৰ বাবে মাৰাৱান্থে বীচ্চ স্বৰ্গতকৈ কম নহয়, বিশেষকৈ ইয়াৰ ড্ৰোন শ্বটবোৰ আচৰিত ধুনীয়া। প্ৰতিদিনে সন্ধিয়া পৰ্যটকসকলে ইয়ালৈ আহি সূৰ্যাস্তৰ ছবি আৰু ভিডিঅ’ বন্দী কৰে। কৰ্ণাটকত আছে মাৰাৱান্থে বীচ্চ।

কল্পনা কৰকচোন, যেতিয়া আপুনি ৰোড ট্ৰিপত গৈ আছে আৰু দেখিছে ৰাস্তাৰ বাওঁফালে সাগৰ আৰু সোঁফালে নদী তেতিয়া আপোনাৰ কেনে অনুভৱ হব। নিশ্চয় কাল্পনিক পৃথিৱীলৈ যোৱাৰ দৰে অনুভৱ হ’ব আপোনাৰ। এই অনন্য পৰ্যটন স্থান ক’ত আছে জানো আহক।

কৰ্ণাটকৰ উডুপি জিলাৰ মাৰাৱান্থে বীচ্চৰ কাষেৰে পাৰ হৈ গ’লে পথৰ দাঁতিত গাড়ী বা বাইক ৰখাই ফটো আৰু ভিডিঅ’ বন্দী কৰাৰ ইচ্ছা আপোনাৰ জাগি উঠিব। মাংগালুৰ আৰু উত্তৰ কানাড়া জিলাৰ মাজত অৱস্থিত এই বীচ্চখন অতি বিশেষ।

ৰাষ্ট্ৰীয় ঘাইপথ-১৭ (এন এইচ ১৭) পাৰ হৈ যোৱাৰ পাছত, বাওঁফালে আৰব সাগৰৰ ঢৌ আৰু সোঁফালে কোদাচাদ্ৰী পাহাৰৰ পৰা উৎপত্তি হোৱা শান্ত সৌপৰ্ণিকা নদী বৈ থকা দেখিবলৈ পাব। এই নদীখন গৈ সাগৰত মিলন হয়গৈ।

মাৰাৱান্থে বীচ্চ চাবলৈ প্ৰথমে মাংগালুৰ বিমানবন্দৰ বা ৰেলৱে ষ্টেচন পাব, ইয়াৰ পৰা ভাড়াতীয়া বাইক বা টেক্সি লৈ ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত উডুপি জিলাৰ ফালে যাওক। ইচ্ছা কৰিলে মাংগালুৰ জংচনৰ পৰা ৰেলত উঠি কুণ্ডাপুৰা ৰেলৱে ষ্টেচনলৈ যাব পাৰে, ইয়াৰ পৰা দূৰত্ব প্ৰায় ২৬ কিলোমিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু