--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি প্ৰায়ে মালদ্বীপৰ দৰে দ্বীপ ৰাষ্ট্ৰলৈ যোৱাৰ সপোন দেখো কিন্তু লাখ লাখ টকাৰ বাজেট দেখি আমি ৰৈ যাওঁ। কিন্তু ভাৰতবৰ্ষত এনে বহু বীচ্চ গন্তব্যস্থান আছে যিবোৰ প্ৰকৃতিৰ অলৌকিকতাতকৈ কোনো গুণে কম নহয়। আহক, আজি আমি আপোনালোকক ভাৰতৰ এনে এখন স্থানৰ কথা ক'ম য'ত আপুনি আন এখন পৃথিৱীত উপনীত হোৱাৰ দৰে অনুভৱ কৰিব।

ফটোগ্ৰাফী প্ৰতি আকৰ্ষিতসকলৰ বাবে মাৰাৱান্থে বীচ্চ স্বৰ্গতকৈ কম নহয়, বিশেষকৈ ইয়াৰ ড্ৰোন শ্বটবোৰ আচৰিত ধুনীয়া। প্ৰতিদিনে সন্ধিয়া পৰ্যটকসকলে ইয়ালৈ আহি সূৰ্যাস্তৰ ছবি আৰু ভিডিঅ’ বন্দী কৰে। কৰ্ণাটকত আছে মাৰাৱান্থে বীচ্চ।

কল্পনা কৰকচোন, যেতিয়া আপুনি ৰোড ট্ৰিপত গৈ আছে আৰু দেখিছে ৰাস্তাৰ বাওঁফালে সাগৰ আৰু সোঁফালে নদী তেতিয়া আপোনাৰ কেনে অনুভৱ হব। নিশ্চয় কাল্পনিক পৃথিৱীলৈ যোৱাৰ দৰে অনুভৱ হ’ব আপোনাৰ। এই অনন্য পৰ্যটন স্থান ক’ত আছে জানো আহক।

কৰ্ণাটকৰ উডুপি জিলাৰ মাৰাৱান্থে বীচ্চৰ কাষেৰে পাৰ হৈ গ’লে পথৰ দাঁতিত গাড়ী বা বাইক ৰখাই ফটো আৰু ভিডিঅ’ বন্দী কৰাৰ ইচ্ছা আপোনাৰ জাগি উঠিব। মাংগালুৰ আৰু উত্তৰ কানাড়া জিলাৰ মাজত অৱস্থিত এই বীচ্চখন অতি বিশেষ।

ৰাষ্ট্ৰীয় ঘাইপথ-১৭ (এন এইচ ১৭) পাৰ হৈ যোৱাৰ পাছত, বাওঁফালে আৰব সাগৰৰ ঢৌ আৰু সোঁফালে কোদাচাদ্ৰী পাহাৰৰ পৰা উৎপত্তি হোৱা শান্ত সৌপৰ্ণিকা নদী বৈ থকা দেখিবলৈ পাব। এই নদীখন গৈ সাগৰত মিলন হয়গৈ।

মাৰাৱান্থে বীচ্চ চাবলৈ প্ৰথমে মাংগালুৰ বিমানবন্দৰ বা ৰেলৱে ষ্টেচন পাব, ইয়াৰ পৰা ভাড়াতীয়া বাইক বা টেক্সি লৈ ৰাষ্ট্ৰীয় ঘাইপথ-১৭ত উডুপি জিলাৰ ফালে যাওক। ইচ্ছা কৰিলে মাংগালুৰ জংচনৰ পৰা ৰেলত উঠি কুণ্ডাপুৰা ৰেলৱে ষ্টেচনলৈ যাব পাৰে, ইয়াৰ পৰা দূৰত্ব প্ৰায় ২৬ কিলোমিটাৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক