--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ আৰক্ষী প্ৰশাসনৰ সংস্কাৰৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে বহু কথাই ক’লে। নতুন অপৰাধসম্পৰ্কীয়  আইনসমূহ "চিটিজেন ফাৰ্ষ্ট, ডিগনিটি ফাৰ্ষ্ট আৰু জাষ্টিচ ফাৰ্ষ্ট"ৰ ভাৱনাৰে প্ৰস্তুত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। মোদীয়ে কয় যে আৰক্ষীয়ে এতিয়া "দণ্ড (লাঠীৰ )"ৰ পৰিৱৰ্তে তথ্যৰ সৈতে কাম কৰিব লাগিব।

জয়পুৰত আৰক্ষী সঞ্চালক/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনৰ সামৰণিৰ দিনা প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন আইন প্ৰণয়ন কৰাটো অপৰাধী ন্যায় ব্যৱস্থাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন।

তেওঁ কয়, "বিশ্বব্যাপী তথ্যৰ ভাণ্ডাৰ উন্নত হোৱা আৰু দেশৰ বৰ্ধিত ৰাষ্ট্ৰীয় শক্তিৰ সৈতে সংগতি ৰাখি ভাৰতীয় আৰক্ষীয়ে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ নিজকে এক আধুনিক আৰু বিশ্বমানৰ আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰা উচিত।"
 
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী প্ৰধানসকলক নতুনকৈ প্ৰণয়ন কৰা আইনৰ আঁৰৰ বাৰ্তা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজলৈ  প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

নতুন অপৰাধ সম্পৰ্কীয় আইনৰ অধীনত মহিলা আৰু যুৱতীসকলক প্ৰদান কৰা অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে সংবেদনশীল কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ আৰক্ষীক মহিলা সুৰক্ষাৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায় । মোদীয়ে কয় যে এনে পৰিবেশ সৃষ্টি কৰিব লাগিব  যাতে মহিলাসকলে যিকোনো স্থানতে  নিৰ্ভয়ে কাম কৰিব পাৰে। 

ভাষণত মোদীয়ে নাগৰিকসকলৰ মাজত আৰক্ষীৰ ইতিবাচক ভাবমূৰ্তি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথাও  উল্লেখ কৰে। তেওঁ আৰক্ষী প্ৰধানসকলক নাগৰিকসকলৰ সুবিধাৰ বাবে ইতিবাচক তথ্য আৰু বাৰ্তা প্ৰচাৰৰ বাবে আৰক্ষী থানা পৰ্যায়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়া তথ্য প্ৰচাৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰো পৰামৰ্শ  আগবঢ়ায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু