--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ আৰক্ষী প্ৰশাসনৰ সংস্কাৰৰ বিষয়ত প্ৰধানমন্ত্ৰী মোদীয়ে বহু কথাই ক’লে। নতুন অপৰাধসম্পৰ্কীয়  আইনসমূহ "চিটিজেন ফাৰ্ষ্ট, ডিগনিটি ফাৰ্ষ্ট আৰু জাষ্টিচ ফাৰ্ষ্ট"ৰ ভাৱনাৰে প্ৰস্তুত কৰা হৈছে বুলিও প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰে। মোদীয়ে কয় যে আৰক্ষীয়ে এতিয়া "দণ্ড (লাঠীৰ )"ৰ পৰিৱৰ্তে তথ্যৰ সৈতে কাম কৰিব লাগিব।

জয়পুৰত আৰক্ষী সঞ্চালক/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনৰ সামৰণিৰ দিনা প্ৰধানমন্ত্ৰীয়ে কয় যে নতুন আইন প্ৰণয়ন কৰাটো অপৰাধী ন্যায় ব্যৱস্থাৰ এক দৃষ্টান্তমূলক পৰিৱৰ্তন।

তেওঁ কয়, "বিশ্বব্যাপী তথ্যৰ ভাণ্ডাৰ উন্নত হোৱা আৰু দেশৰ বৰ্ধিত ৰাষ্ট্ৰীয় শক্তিৰ সৈতে সংগতি ৰাখি ভাৰতীয় আৰক্ষীয়ে ২০৪৭ চনৰ ভিতৰত উন্নত ভাৰতৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ নিজকে এক আধুনিক আৰু বিশ্বমানৰ আৰক্ষী বাহিনীলৈ ৰূপান্তৰিত কৰা উচিত।"
 
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ আৰক্ষী প্ৰধানসকলক নতুনকৈ প্ৰণয়ন কৰা আইনৰ আঁৰৰ বাৰ্তা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ মাজলৈ  প্ৰেৰণ কৰিবলৈ আহ্বান জনায়।

নতুন অপৰাধ সম্পৰ্কীয় আইনৰ অধীনত মহিলা আৰু যুৱতীসকলক প্ৰদান কৰা অধিকাৰ আৰু সুৰক্ষাৰ বিষয়ে সংবেদনশীল কৰাৰ বিষয়ত  গুৰুত্ব আৰোপ কৰি তেওঁ আৰক্ষীক মহিলা সুৰক্ষাৰ বিষয়ত গুৰুত্ব দিবলৈ আহ্বান জনায় । মোদীয়ে কয় যে এনে পৰিবেশ সৃষ্টি কৰিব লাগিব  যাতে মহিলাসকলে যিকোনো স্থানতে  নিৰ্ভয়ে কাম কৰিব পাৰে। 

ভাষণত মোদীয়ে নাগৰিকসকলৰ মাজত আৰক্ষীৰ ইতিবাচক ভাবমূৰ্তি শক্তিশালী কৰাৰ প্ৰয়োজনীয়তাৰ কথাও  উল্লেখ কৰে। তেওঁ আৰক্ষী প্ৰধানসকলক নাগৰিকসকলৰ সুবিধাৰ বাবে ইতিবাচক তথ্য আৰু বাৰ্তা প্ৰচাৰৰ বাবে আৰক্ষী থানা পৰ্যায়ত সামাজিক মাধ্যম ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে। তেওঁ প্ৰাকৃতিক দুৰ্যোগৰ বিষয়ে আগতীয়া তথ্য প্ৰচাৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰ কৰাৰো পৰামৰ্শ  আগবঢ়ায়। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক