--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূমিকম্পপীড়িত তুৰস্ক ত্যাগ কৰিছে হাজাৰ-হাজাৰ ভুক্তভোগীয়ে৷ ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত এতিয়া আতংকজৰ্জৰ পৰিস্থিতি৷ বিধ্বস্ত স্থান এৰি নিৰাপদ স্থানলৈ গুচি গৈছে হাজাৰ হাজাৰ লোক৷ আৰু এইক্ষেত্ৰত তেওঁলোকক সহায় কৰিছে তুৰ্কীৰ বিমানসেৱাই৷ 

তুৰ্কীৰ টাৰ্কিছ এয়াৰলাইনছ আৰু পেগাচাছ এয়াৰলাইনছে আজি ভূমিকম্পপীড়িত অঞ্চলৰ পৰা ইস্তানবুল, আঙ্কাৰা, এণ্টালিয়া আৰু অন্যান্য সুৰক্ষিত স্থানলৈ যোৱা সকলোলোকৰ বাবে বিনামূলীয়া টিকটৰ ব্যৱস্থা কৰিছে৷ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আবাসী আৰু পৰ্যটকসকলে নিৰাপদ স্থানৰ সন্ধানত তুৰ্কী ত্যাগ কৰিছে৷ গাজিয়ান্তেপ, হাতাই, নুৰদাগী আৰু মাৰাশৰ হাজাৰ হাজাৰ লোকে ত্যাগ কৰিছে তুৰস্ক৷

আজি সহস্ৰাধিক লোক সুৰক্ষিত গন্তব্য স্থানলৈ যাবলৈ গাজিয়ানটেপ বিমানবন্দৰত একত্ৰিত হৈছিল। ইপিনে, তুৰ্কীৰ উদ্ধাৰ অভিযানে আজি সপ্তম দিনত প্ৰৱেশ কৰিছে৷ শতিকাৰ অন্যতম এই ভয়ংকৰ দুৰ্যোগটোত ইতিমধ্যে ২৮,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷

ব্যাপক ধ্বংসলীলা আৰু শীতৰ মাজতে মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে৷ কিয়নো ভোক আৰু হতাশাই কম্পনৰ ফলত গৃহহীন হৈ পৰা হাজাৰ হাজাৰ লোকক সন্ত্স্ত কৰি ৰাখিছে। শনিবাৰে নিশা ধ্বংসস্তুপৰ তলত আৱদ্ধ কেইবাজনো লোকক উদ্ধাৰ কৰা হৈছিল।

শনিবাৰে মালতিয়াৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ তলৰ পৰা এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তুৰস্কৰ ভাৰতীয় দূতাবাসে জনাইছে যে বিজয় কুমাৰ নামৰ এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ কেইবাটাও ভূমিকম্পই তুৰ্কীক জোকাৰি যোৱাৰ কেইদিনমান পিছত উদ্ধাৰ হৈছিল।
 
উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাৰ কোটদ্বাৰ অঞ্চলৰ বাসিন্দা বিজয় কুমাৰে বেংগালুৰুৰ এটা কোম্পানীত কাম কৰিছিল। তেওঁ ব্যৱসায়িক ভ্ৰমণত আছিল যেতিয়া এই সপ্তাহৰ আৰম্ভণিতে তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্প হৈছিল।

ছিৰিয়াৰ সীমান্তৰ ওচৰৰ গাজিয়ানটেপৰ ওচৰত হোৱা প্ৰথম ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৮। দ্বিতীয়টো ন ঘণ্টা পিছত ঘটিছিল আৰু ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৭.৬৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ