--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভূমিকম্পপীড়িত তুৰস্ক ত্যাগ কৰিছে হাজাৰ-হাজাৰ ভুক্তভোগীয়ে৷ ভূমিকম্পই বিধ্বস্ত কৰা তুৰস্কত এতিয়া আতংকজৰ্জৰ পৰিস্থিতি৷ বিধ্বস্ত স্থান এৰি নিৰাপদ স্থানলৈ গুচি গৈছে হাজাৰ হাজাৰ লোক৷ আৰু এইক্ষেত্ৰত তেওঁলোকক সহায় কৰিছে তুৰ্কীৰ বিমানসেৱাই৷ 

তুৰ্কীৰ টাৰ্কিছ এয়াৰলাইনছ আৰু পেগাচাছ এয়াৰলাইনছে আজি ভূমিকম্পপীড়িত অঞ্চলৰ পৰা ইস্তানবুল, আঙ্কাৰা, এণ্টালিয়া আৰু অন্যান্য সুৰক্ষিত স্থানলৈ যোৱা সকলোলোকৰ বাবে বিনামূলীয়া টিকটৰ ব্যৱস্থা কৰিছে৷ সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ হোষ্টেলৰ আবাসী আৰু পৰ্যটকসকলে নিৰাপদ স্থানৰ সন্ধানত তুৰ্কী ত্যাগ কৰিছে৷ গাজিয়ান্তেপ, হাতাই, নুৰদাগী আৰু মাৰাশৰ হাজাৰ হাজাৰ লোকে ত্যাগ কৰিছে তুৰস্ক৷

আজি সহস্ৰাধিক লোক সুৰক্ষিত গন্তব্য স্থানলৈ যাবলৈ গাজিয়ানটেপ বিমানবন্দৰত একত্ৰিত হৈছিল। ইপিনে, তুৰ্কীৰ উদ্ধাৰ অভিযানে আজি সপ্তম দিনত প্ৰৱেশ কৰিছে৷ শতিকাৰ অন্যতম এই ভয়ংকৰ দুৰ্যোগটোত ইতিমধ্যে ২৮,০০০ৰো অধিক লোকৰ মৃত্যু হৈছে৷

ব্যাপক ধ্বংসলীলা আৰু শীতৰ মাজতে মৃত্যুৰ সংখ্যা বাঢ়ি গৈ আছে৷ কিয়নো ভোক আৰু হতাশাই কম্পনৰ ফলত গৃহহীন হৈ পৰা হাজাৰ হাজাৰ লোকক সন্ত্স্ত কৰি ৰাখিছে। শনিবাৰে নিশা ধ্বংসস্তুপৰ তলত আৱদ্ধ কেইবাজনো লোকক উদ্ধাৰ কৰা হৈছিল।

শনিবাৰে মালতিয়াৰ এখন হোটেলৰ ধ্বংসাৱশেষৰ তলৰ পৰা এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল। তুৰস্কৰ ভাৰতীয় দূতাবাসে জনাইছে যে বিজয় কুমাৰ নামৰ এজন ভাৰতীয় নাগৰিকৰ মৃতদেহ কেইবাটাও ভূমিকম্পই তুৰ্কীক জোকাৰি যোৱাৰ কেইদিনমান পিছত উদ্ধাৰ হৈছিল।
 
উত্তৰাখণ্ডৰ পাউৰী গড়ৱাল জিলাৰ কোটদ্বাৰ অঞ্চলৰ বাসিন্দা বিজয় কুমাৰে বেংগালুৰুৰ এটা কোম্পানীত কাম কৰিছিল। তেওঁ ব্যৱসায়িক ভ্ৰমণত আছিল যেতিয়া এই সপ্তাহৰ আৰম্ভণিতে তুৰস্ক আৰু ছিৰিয়াত ভূমিকম্প হৈছিল।

ছিৰিয়াৰ সীমান্তৰ ওচৰৰ গাজিয়ানটেপৰ ওচৰত হোৱা প্ৰথম ভূমিকম্পটোৰ প্ৰাৱল্য আছিল ৭.৮। দ্বিতীয়টো ন ঘণ্টা পিছত ঘটিছিল আৰু ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৭.৬৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন