--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোভিডৰ নতুন প্ৰজাতিয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতত নাকেৰে ল’ব পৰা কোভিড ভেকছিনৰ ব্যৱহাৰ আৰম্ভ হৈছে৷ কৰোনা যুদ্ধত দেশৰ বাবে নাকেৰে ল’ব পৰা ভেকছিন  আন এটা সঁজুলি হ’ব বুলি ধাৰণা কৰা হৈছে। ভাৰত বায়োটেকৰ দ্বাৰা বিকশিত কৰা হৈছে এই নাকেৰে ল’ব পৰা  ভেকছিন। 

যোৱা সপ্তাহত স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা এই ভেকছিন  অনুমোদিত হৈছিল। কেন্দ্ৰই আজি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছে। জানিব পৰা মতে  ইয়াৰ বাবে ব্যয় হ'ব জিএছটিসহ ১,০০০ টকা । দুজন মানুহে এটা ভাইলৰ পৰা পালি স’ব পাৰিব। মূলতঃ, ইয়াক বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ কৰিব পাৰি। শুক্ৰবাৰে ভাৰত বায়োটেকৰ নাকেৰে ল’ব পৰা  স্প্ৰে 'ইনকোভাক' পালি হিচাপে অনুমোদিত হোৱাৰ পিছৰে পৰা সাধাৰণ মানুহৰ মনত প্ৰশ্ন আছিল, বেজীবিহীন এই ভেকছিনৰ  মূল্য কিমান হ'ব?  

স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি  এই ভেকছিনটোৱে ওমাইক্ৰনৰ দৰে প্ৰকাৰৰ আধিপত্য প্ৰতিহত কৰিবলৈ সক্ষম হ’ব।  বুষ্টাৰ পালি দিয়াৰ প্ৰক্ৰিয়াটো কোউইন ৱেবছাইটৰ জৰিয়তে উপলব্ধ হ'ব। দুটা নাকেৰে চাৰি টোপালকৈ মুঠ  আঠ টোপালৰ দৰৱক পালি হিচাবে  গণ্য কৰা হ'ব। তেনে ক্ষেত্ৰত এই আঠটা টোপালৰ মূল্য ১,০০০ টকা হ'ব। 

টিকাকৰণ কেন্দ্ৰবোৰলৈ ভেকছিন যোগান ধৰাৰ পিছত ৰাইজে বুষ্টাৰ পালি হিচাপে নাকৰ স্প্ৰে লাভ  কৰিব। বেছিভাগ লোকে বেজী বা বিষৰ ভয় নোহোৱাকৈ এই ভেকছিন গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্য বিশেষজ্ঞসকলে শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু