--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কোভিডৰ নতুন প্ৰজাতিয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে ভাৰতত নাকেৰে ল’ব পৰা কোভিড ভেকছিনৰ ব্যৱহাৰ আৰম্ভ হৈছে৷ কৰোনা যুদ্ধত দেশৰ বাবে নাকেৰে ল’ব পৰা ভেকছিন  আন এটা সঁজুলি হ’ব বুলি ধাৰণা কৰা হৈছে। ভাৰত বায়োটেকৰ দ্বাৰা বিকশিত কৰা হৈছে এই নাকেৰে ল’ব পৰা  ভেকছিন। 

যোৱা সপ্তাহত স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা এই ভেকছিন  অনুমোদিত হৈছিল। কেন্দ্ৰই আজি ইয়াৰ মূল্য নিৰ্ধাৰণ কৰিছে। জানিব পৰা মতে  ইয়াৰ বাবে ব্যয় হ'ব জিএছটিসহ ১,০০০ টকা । দুজন মানুহে এটা ভাইলৰ পৰা পালি স’ব পাৰিব। মূলতঃ, ইয়াক বুষ্টাৰ পালি হিচাপে ব্যৱহাৰ কৰিব পাৰি। শুক্ৰবাৰে ভাৰত বায়োটেকৰ নাকেৰে ল’ব পৰা  স্প্ৰে 'ইনকোভাক' পালি হিচাপে অনুমোদিত হোৱাৰ পিছৰে পৰা সাধাৰণ মানুহৰ মনত প্ৰশ্ন আছিল, বেজীবিহীন এই ভেকছিনৰ  মূল্য কিমান হ'ব?  

স্বাস্থ্য মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি  এই ভেকছিনটোৱে ওমাইক্ৰনৰ দৰে প্ৰকাৰৰ আধিপত্য প্ৰতিহত কৰিবলৈ সক্ষম হ’ব।  বুষ্টাৰ পালি দিয়াৰ প্ৰক্ৰিয়াটো কোউইন ৱেবছাইটৰ জৰিয়তে উপলব্ধ হ'ব। দুটা নাকেৰে চাৰি টোপালকৈ মুঠ  আঠ টোপালৰ দৰৱক পালি হিচাবে  গণ্য কৰা হ'ব। তেনে ক্ষেত্ৰত এই আঠটা টোপালৰ মূল্য ১,০০০ টকা হ'ব। 

টিকাকৰণ কেন্দ্ৰবোৰলৈ ভেকছিন যোগান ধৰাৰ পিছত ৰাইজে বুষ্টাৰ পালি হিচাপে নাকৰ স্প্ৰে লাভ  কৰিব। বেছিভাগ লোকে বেজী বা বিষৰ ভয় নোহোৱাকৈ এই ভেকছিন গ্ৰহণ কৰিব পাৰিব। স্বাস্থ্য বিশেষজ্ঞসকলে শেহতীয়া পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ বুষ্টাৰ পালি গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিছে। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক