--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : যদি আপুনিও শীতকালত ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে আজি আমি আপোনাক ভাৰতত পোৱা এনে ৫টা গৰম পানীৰ উঁহৰ বিষয়ে ক’ম, য’ত শীতকালত পানী গৰম হৈ থাকে আৰু এই কুণ্ড পৰ্যটকৰ মাজত অতি জনপ্ৰিয়।

 এই কুণ্ডসমূহৰ সন্দৰ্ভত সাধাৰণ মানুহৰ মাজত বিভিন্ন বিশ্বাস প্ৰচলিত যদিও এই পৰিঘটনা কোনো অলৌকিকতা নহয়। পৃথিৱীৰ পৰা কিছুমান বিশেষ স্থানত গৰম পানী নিৰ্গত হোৱাৰ ভৌগোলিক কাৰণ আছে আৰু এই গৰম পানীৰ উঁহ সমগ্ৰ বিশ্বতে পোৱা যায়। ভাৰতত পোৱা এনে ৫টা গৰম পানীৰ উঁহৰ বিষয়ে জানো আহক।

 ১. টপোবনঃ-উত্তৰাখণ্ডত অৱস্থিত টপোবন গৰম পানীৰ উঁহৰ বাবে বিখ্যাত। বিশ্বাস কৰা হয় যে এই কুণ্ডৰ পৰা সকলো সময়তে গৰম পানী ওলাই থাকে। এই গাঁওখন যোশিমঠৰ পৰা ১৪ কিলোমিটাৰ দূৰত। বহুতে এই কুণ্ডক পৱিত্ৰ বুলি গণ্য কৰে।

 ২. মণিকৰণঃ-হিমাচল প্ৰদেশৰ ঐতিহাসিক মণিকৰ্ণাৰ সমীপত অৱস্থিত এই গৰম পানীৰ উঁহ। এই ঠাইখন পৰ্যটকৰ মাজত অতি জনপ্ৰিয়। এই কুণ্ডৰ পানী ঠাণ্ডা শীতকালতো উষ্ণ হৈ থাকে। এই কুণ্ডৰ লগত বহুতো ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে।

 ৩. বশিষ্ঠ কুণ্ডঃ-হিমাচলত আন এটা গৰম পানীৰ কুণ্ড অৱস্থিত, যিটো বশিষ্ঠ কুণ্ড নামেৰে জনাজাত। এই কুণ্ডটোও অতি জনপ্ৰিয় আৰু শীতকালত ইয়াত দৰ্শনৰ বাবে বহু পৰ্যটক আহে।

 ৪. অত্ৰি কুণ্ডঃ-ওড়িশাৰ অত্ৰি কুণ্ড গৰম পানীৰ বাবে বিখ্যাত। এই কুণ্ড ভুৱনেশ্বৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। শীতকালতো এই কুণ্ডৰ পানীৰ উষ্ণতা প্ৰায় ৫৫ ডিগ্ৰী হৈ থাকে বুলি বিশ্বাস কৰা হয়।

 ৫. খীৰ গংগাঃ-হিমাচল প্ৰদেশৰ বিখ্যাত গৰম পানীৰ উঁহ। ইয়াৰ পানী ১২মাহে গৰম হৈ থাকে। এই ঠাইখন হিমাচল প্ৰদেশৰ কুল্লুৰ আখৰা বজাৰত অৱস্থিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক