--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈছে মাৰ্ক জুকাৰবাৰ্গ৷ আৰ্থিক সংকটৰে মোকাবিলা কৰিবলৈ শীঘ্ৰে ফে’চবুকৰ পৰা বৰ্খাস্ত হ’ব ১২,০০০ কৰ্মী৷ ফে’চবুকত কৰ্মৰত কৰ্মীক চাটাই কৰিবলৈ সাজু হৈছে জুকাৰবাৰ্গ।

জানিব পৰা মতে, জুকাৰবাৰ্গৰ সংস্থা ‘মেটা’ৰ পৰা প্ৰায় ১২,০০০ কৰ্মীক চাটাই কৰা হ’ব। ইয়াৰ আঁৰৰ কাৰণ হৈছে কৰ্মচাৰীসকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পৰা নাই। কিছু মাহ পূৰ্বে এখন বৈঠকত মিলিত হৈছিল জুকাৰবাৰ্গ৷ বৈঠকত জুকাৰবাৰ্গে জনাইছিল যে ফেচবুকত আৰু নতুনকৈ কৰ্মচাৰী নিযুক্ত কৰা নহ’ব।

ইনচাইডাৰ নামৰ এখন ব্যৱসায় সংক্ৰান্তীয় আলোচনীত প্ৰকাশ পোৱা মতে, জুকাৰবাৰ্গৰ সংস্থাটোত ব্যাপক পৰিমাণে কৰ্মচাৰী চাটাই অভিযান চলাবলৈ লোৱা হৈছে। অৱশ্যে সংস্থাটোৱে নিজাকৈ এই বিষয়ত কোনো ভাষ্য আগবঢ়োৱা নাই। কিন্তু অনুমান কৰামতে, ‘মেটা’ত নিয়োজিত প্ৰায় ১৫ শতাংশ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি হেৰুৱাব। খবৰ অনুসৰি, এই কৰ্মচাৰীসকলক ৩০ৰ পৰা ৬০ দিনলৈ সংস্থাটোত ৰখা হ’ব।

তাৰপাছতে তেওঁলোকে সংস্থাটোৰ পৰা বিদায় ল’ব লাগিব। যদি বিদায় ল’বলৈ ইচ্ছুক নহয়, তেন্তে সংস্থাটোৰে বিভিন্ন দায়িত্ব বিচাৰি ল’ব লাগিব৷

উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ক জুকাৰবাৰ্গে ব্যাপক পৰিমাণে অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈ আহিছে বুলি জানিব পৰা গৈছে। তেওঁৰ সংস্থা ‘মেটা’ই সেইবাবেই এইদৰে কৰ্মচাৰী চাটাই কৰিবলৈ ওলাইছে। কেৱল জুকাৰবাৰ্গৰ ‘মেটা’ই নহয়, তথ্য প্ৰযুক্তিৰ স’তে জড়িত আন সংস্থাসমূহতো এইধৰণৰ অৰ্থনৈতিক লোকচান শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে। গুগলতো এইধৰণৰ সংকট দেখা পোৱা গৈছে।

কিছুদিন পূৰ্বে গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে কৰ্মচাৰীসকলৰক ১০০ শতাংশ কৰ্মত নিয়োজিত আৰু অধিক উৎপাদনশীল হ’বলৈ সকীয়নি প্ৰদান কৰিছিল। তদুপৰি এপল (Apple)কে ধৰি কেইবাটাও বৃহৎ সংস্থাত নতুনকৈ কৰ্মচাৰী নিয়োজিত কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক