--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈছে মাৰ্ক জুকাৰবাৰ্গ৷ আৰ্থিক সংকটৰে মোকাবিলা কৰিবলৈ শীঘ্ৰে ফে’চবুকৰ পৰা বৰ্খাস্ত হ’ব ১২,০০০ কৰ্মী৷ ফে’চবুকত কৰ্মৰত কৰ্মীক চাটাই কৰিবলৈ সাজু হৈছে জুকাৰবাৰ্গ।

জানিব পৰা মতে, জুকাৰবাৰ্গৰ সংস্থা ‘মেটা’ৰ পৰা প্ৰায় ১২,০০০ কৰ্মীক চাটাই কৰা হ’ব। ইয়াৰ আঁৰৰ কাৰণ হৈছে কৰ্মচাৰীসকলে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব পৰা নাই। কিছু মাহ পূৰ্বে এখন বৈঠকত মিলিত হৈছিল জুকাৰবাৰ্গ৷ বৈঠকত জুকাৰবাৰ্গে জনাইছিল যে ফেচবুকত আৰু নতুনকৈ কৰ্মচাৰী নিযুক্ত কৰা নহ’ব।

ইনচাইডাৰ নামৰ এখন ব্যৱসায় সংক্ৰান্তীয় আলোচনীত প্ৰকাশ পোৱা মতে, জুকাৰবাৰ্গৰ সংস্থাটোত ব্যাপক পৰিমাণে কৰ্মচাৰী চাটাই অভিযান চলাবলৈ লোৱা হৈছে। অৱশ্যে সংস্থাটোৱে নিজাকৈ এই বিষয়ত কোনো ভাষ্য আগবঢ়োৱা নাই। কিন্তু অনুমান কৰামতে, ‘মেটা’ত নিয়োজিত প্ৰায় ১৫ শতাংশ কৰ্মচাৰীয়ে হেৰুৱাব চাকৰি হেৰুৱাব। খবৰ অনুসৰি, এই কৰ্মচাৰীসকলক ৩০ৰ পৰা ৬০ দিনলৈ সংস্থাটোত ৰখা হ’ব।

তাৰপাছতে তেওঁলোকে সংস্থাটোৰ পৰা বিদায় ল’ব লাগিব। যদি বিদায় ল’বলৈ ইচ্ছুক নহয়, তেন্তে সংস্থাটোৰে বিভিন্ন দায়িত্ব বিচাৰি ল’ব লাগিব৷

উল্লেখযোগ্য যে শেহতীয়াকৈ মাৰ্ক জুকাৰবাৰ্গে ব্যাপক পৰিমাণে অৰ্থনৈতিক লোকচানৰ সন্মুখীন হৈ আহিছে বুলি জানিব পৰা গৈছে। তেওঁৰ সংস্থা ‘মেটা’ই সেইবাবেই এইদৰে কৰ্মচাৰী চাটাই কৰিবলৈ ওলাইছে। কেৱল জুকাৰবাৰ্গৰ ‘মেটা’ই নহয়, তথ্য প্ৰযুক্তিৰ স’তে জড়িত আন সংস্থাসমূহতো এইধৰণৰ অৰ্থনৈতিক লোকচান শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে। গুগলতো এইধৰণৰ সংকট দেখা পোৱা গৈছে।

কিছুদিন পূৰ্বে গুগলৰ চিইঅ’ সুন্দৰ পিচাইয়ে কৰ্মচাৰীসকলৰক ১০০ শতাংশ কৰ্মত নিয়োজিত আৰু অধিক উৎপাদনশীল হ’বলৈ সকীয়নি প্ৰদান কৰিছিল। তদুপৰি এপল (Apple)কে ধৰি কেইবাটাও বৃহৎ সংস্থাত নতুনকৈ কৰ্মচাৰী নিয়োজিত কৰা হোৱা নাই৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ট্ৰাম্পৰ ভ্ৰমণ খবৰ মিছা ! স্পষ্টীকৰণ হোৱাইট হাউচৰ
২ খন নাওৰ সৈতে ৩৪ জন ভাৰতীয় মাছমৰীয়াক আটক
যুদ্ধক্ষেত্ৰত পৰিণত মুজিবুৰৰ গৃহ চহৰ গোপালগঞ্জ ;১৪জনক গ্ৰেপ্তাৰ, ২২ ঘণ্টীয়া সান্ধ্য আইন জাৰি
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে