--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডাল নহয় দুডাল নহয় , তিনিডাল জীৱন্ত অজগৰৰ পোৱালি কৌশলেৰে পেণ্টৰ ভিতৰত লুকুৱাই ৰাখি গ্ৰপ্তাৰ হৈছে এজন যুৱক। মূলতঃ চোৰাং ব্যৱসায়ৰ উদ্দেশ্যে  যুৱকজনে কানাডাৰ পৰা অজগৰকেইডাল  আমেৰিকালৈ নিছিল। বিমান বন্দৰতে যুৱকজন ধৰা পৰে। যুৱকজনৰ নাম কলভিন বাউটিষ্টা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

 তেওঁক  ২ কোটি টকাৰ জৰিমনা বিহা হ'ব পাৰে বুলি আৰক্ষীয়ে লগতে জনাইছে। তেওঁৰ সৰ্বাধিক ২০ বছৰৰ কাৰাবাস হোৱাৰো সম্ভাৱনা  আছে। ৩৬ বছৰীয়া কলভিন বাউটিষ্টাই তিনিডাল   বাৰ্মিজ পাইথন পেণ্টৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল।  তেওঁ 'চেম্পলিন পোৰ্ট এণ্ট্ৰি'ৰ জৰিয়তে আমেৰিকাত প্ৰৱেশ কৰিছিল।  

বাউটিষ্টাক প্ৰায় চাৰি বছৰ পূৰ্বে  চোৰাং ব্যৱসায়ৰ গোচৰত অভিযুক্ত হৈছিল। মাৰ্কিন ন্যায় বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। যদি বাউটিষ্টাৰ বিৰুদ্ধে উত্থাপিত  অভিযোগ সত্য প্ৰমাণিত হয়, তেন্তে তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হ'ব পাৰে  আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি ২ কোটি টকাৰ জৰিমনাও আৰোপ কৰা হ'ব পাৰে ।

 বাৰ্মিজ পাইথন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল অজগৰৰ ভিতৰৰে এবিধ। এছিয়াত এনে অজগৰৰ  সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। একে সময়তে ফ্ল'ৰিডাত এনে অজগৰৰ  সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলত এই সাপবোৰ ফ্ল'ৰিডাত আন বহু জন্তুৰ বাবে ভাবুকি হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বাৰ্মিজ পাইথনৰ ক্ষেত্ৰত  আন্তৰ্জাতিকনিয়ম প্ৰযোজ্য হৈ আছে। সেই ঠাইত এনে অজগৰবোৰক 'মানুহৰ বাবে ক্ষতিকাৰক প্ৰাণী' হিচাপে তালিকাভুক্ত কৰা হৈছে।  একে সময়তে, কেলভিন বাউটিষ্টাই তিনিডাল  অজগৰ পেণ্টৰ ভিতৰত লুকুৱাই আনি  ডাঙৰ বিপদ মাতি আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।  সেয়ে তেওঁক কঠোৰ শাস্তি বিহাৰ সম্ভাৱনাই বেছি।






FOLLOW US F
POPULAR
FEATURE
TRENDY
নাটোৰ ভাবুকিৰ মাজতে ৰাছিয়া-ভাৰত-চীনৰ ত্রিদেশীয় জোঁট পুনৰুজ্জীৱিতকৰণৰ প্ৰচেষ্টা
আমেৰিকাৰ অধিকাংশ প্রাপ্তবয়স্ক লোকক উপকৃত কৰা নাই ট্রাম্পৰ নীতিয়ে
ATMৰ পৰা পইছা উলিওৱাৰ সময়ত আপুনি কৰে নেকি এইকেইটা কাম ? যদি কৰে পৰিব আপোনাৰ ভয়ংকৰ বিপদ
বিমান উৰণৰ পূৰ্বে পায়লটে ব্যৱহাৰ কৰিব নোৱাৰে এইকেইটা বস্তু ; জানো আহক কি এই বিশেষ বস্তু...
দিল্লীৰ ২০খন বিদ্যালয়ত বোমাৰ ভাবুকি, তৎপৰতাৰে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত
আপুনি চাহ ভাল পাই নে ? যদি ভাল পাই তেন্তে জীৱনত এবাৰ হ'লেও চাই আহক এইসমূহ ঠাই
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে