--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এডাল নহয় দুডাল নহয় , তিনিডাল জীৱন্ত অজগৰৰ পোৱালি কৌশলেৰে পেণ্টৰ ভিতৰত লুকুৱাই ৰাখি গ্ৰপ্তাৰ হৈছে এজন যুৱক। মূলতঃ চোৰাং ব্যৱসায়ৰ উদ্দেশ্যে  যুৱকজনে কানাডাৰ পৰা অজগৰকেইডাল  আমেৰিকালৈ নিছিল। বিমান বন্দৰতে যুৱকজন ধৰা পৰে। যুৱকজনৰ নাম কলভিন বাউটিষ্টা বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। 

 তেওঁক  ২ কোটি টকাৰ জৰিমনা বিহা হ'ব পাৰে বুলি আৰক্ষীয়ে লগতে জনাইছে। তেওঁৰ সৰ্বাধিক ২০ বছৰৰ কাৰাবাস হোৱাৰো সম্ভাৱনা  আছে। ৩৬ বছৰীয়া কলভিন বাউটিষ্টাই তিনিডাল   বাৰ্মিজ পাইথন পেণ্টৰ ভিতৰত কৌশলেৰে লুকুৱাই আনিছিল।  তেওঁ 'চেম্পলিন পোৰ্ট এণ্ট্ৰি'ৰ জৰিয়তে আমেৰিকাত প্ৰৱেশ কৰিছিল।  

বাউটিষ্টাক প্ৰায় চাৰি বছৰ পূৰ্বে  চোৰাং ব্যৱসায়ৰ গোচৰত অভিযুক্ত হৈছিল। মাৰ্কিন ন্যায় বিভাগৰ সূত্ৰই এই কথা প্ৰকাশ কৰিছে। যদি বাউটিষ্টাৰ বিৰুদ্ধে উত্থাপিত  অভিযোগ সত্য প্ৰমাণিত হয়, তেন্তে তেওঁক ২০ বছৰৰ কাৰাদণ্ড বিহা হ'ব পাৰে  আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ আইন অনুসৰি ২ কোটি টকাৰ জৰিমনাও আৰোপ কৰা হ'ব পাৰে ।

 বাৰ্মিজ পাইথন হৈছে পৃথিৱীৰ আটাইতকৈ দীঘল অজগৰৰ ভিতৰৰে এবিধ। এছিয়াত এনে অজগৰৰ  সংখ্যা ক্ৰমাৎ হ্ৰাস পাইছে। একে সময়তে ফ্ল'ৰিডাত এনে অজগৰৰ  সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফলত এই সাপবোৰ ফ্ল'ৰিডাত আন বহু জন্তুৰ বাবে ভাবুকি হৈ পৰিছে। আমেৰিকা যুক্তৰাষ্ট্ৰত বাৰ্মিজ পাইথনৰ ক্ষেত্ৰত  আন্তৰ্জাতিকনিয়ম প্ৰযোজ্য হৈ আছে। সেই ঠাইত এনে অজগৰবোৰক 'মানুহৰ বাবে ক্ষতিকাৰক প্ৰাণী' হিচাপে তালিকাভুক্ত কৰা হৈছে।  একে সময়তে, কেলভিন বাউটিষ্টাই তিনিডাল  অজগৰ পেণ্টৰ ভিতৰত লুকুৱাই আনি  ডাঙৰ বিপদ মাতি আনিছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে।  সেয়ে তেওঁক কঠোৰ শাস্তি বিহাৰ সম্ভাৱনাই বেছি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক