--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃপ্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ অহাৰ পিছতে দেশৰ বহু ঐতিহাসিক স্থান, স্মাৰক আদিৰ নাম সলনি কৰা হৈছে। একেদৰে সলনি কৰা হৈছে দেশৰ কেইবাটাও পুৰণি ৰে'ল ষ্টেছনৰো নাম। শেহতীয়াকৈ দেশৰ আঠটা ৰে'ল ষ্টেছনৰ নাম সলনি কৰি নতুন নাম ৰখা হৈছে।নতুনকৈ নাম সলনি কৰা ৰে'ল ষ্টেছন কেইটা হৈছে ক্ৰমে— 

মোগলচৰাই জংচনৰ  পিটি দীন দয়াল উপাধ্যায় ৰেল ৱে জংচন (উত্তৰ প্ৰদেশ), মাণ্ডুয়াডিহ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  বেনাৰস  ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ),ৰবাৰ্টচগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  সোণভদ্ৰ ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ), এলাহাবাদ জংচনৰ নাম সলনি কৰি ৰখা হৈছে  প্ৰয়াগৰাজ জংচন (উত্তৰ প্ৰদেশ), ফৈজাবাদ জংচনৰনাম সলনি কৰি ৰখা হৈছে  অযোধ্যা কেণ্ট (উত্তৰ প্ৰদেশ), পাংকি ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  পঙ্কি ধাম ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ) ।

ডাণ্ডুপুৰ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  মা বৰাহী দেৱী ধাম ৰেল ষ্টেচন (উত্তৰ প্ৰদেশ), মিয়াঁ কা বদা ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছে  মহেশ নগৰ ৰেল ষ্টেচন (ৰাজস্থান)। একেদৰে ইয়াৰ পূৰ্বে মধ্য প্ৰদেশ (ভূপাল)ৰ  হাবিবগঞ্জ ৰেল ষ্টেচনৰ নাম সলনি কৰি ৰখা হৈছিল ৰাণী কামলাপতি ৰেল ষ্টেচন ।গুজৰাটৰ কেৱাদিয়া ৰেল ষ্টেচনৰ নতুন নাম ৰখা হৈছিল  একতা নগৰ ৰেল ষ্টেচন৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু