--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিনৰ পাৰ্টিত ঘটিল ভয়ংকৰ অঘটন৷ এগৰাকী নৃত্যশিল্পীক  জন্মদিনৰ পাৰ্টিত নাচিবলৈ মাতি অনা হৈছিল৷ জন্মদিনৰ অনুষ্ঠানৰ মাজতে যুৱতীগৰাকীক অপহৰণ কৰা হৈছিল। তাৰ পিছত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। 

জানিব পৰা মতে  যুৱতীগৰাকীয়ে নাচ প্ৰদৰ্শন শেষ হোৱাৰ পিছত ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে তেওঁক  অপহৰণ কৰি ধৰ্ষণ কৰা হয়। অভিযোগ অনুসৰি সেই সময়ত সকলো অভিযুক্ত নিচাগ্ৰস্ত অৱস্থাত আছিল। এই ভয়ংকৰ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ উন্নাওত৷  এটা জন্মদিনৰ পাৰ্টিৰ বাবে নাচিবলৈ  এগৰাকী নৃত্যশিল্পীক মাতি  অনা হৈছিল ।  

এজন মাটি-সম্পত্তিৰ দালালৰ জন্মদিনত যুৱতীগৰাকীক নাচিবলৈ মতা হৈছিল৷ ধৰ্ষণকাণ্ডৰ পিছতে যুৱতীগৰাকীয়ে ছজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  সকলো অভিযুক্তই  পলাতক অৱস্থাত আছে। তেওঁলোকৰ সন্ধানত আৰক্ষীয়ে অভিযান  আৰম্ভ কৰিছে।  উত্তৰ প্ৰদেশৰ উন্নাওৰ দীপক নগৰত সংঘটিত এই  ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

উল্লেখ্য  জন্মদিনত নাচিবলৈ  উপলক্ষে তিনিগৰাকী নৃত্যশিল্পীক  ৬,০০০ টকাত মাতি অনা হৈছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে  প্ৰথমে জাজমৌ আৰক্ষীৰ কাষ চাপিছিল। অৱশ্যে,থানা খনৰ আৰক্ষীয়ে  কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ পিছত উন্নাও সদৰৰ কোতৱালী আৰক্ষী থানাৰ কাষ চাপে৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয়  দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

 লক্ষণীয় কথাটো হ’ল  কেইবছৰমান আগতে উন্নাও ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল।  ২০১৭ চনৰ ৪ জুনত   বিধায়ক আৰু এজন বিজেপি নেতা কুলদীপ চেংগাৰক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু  পিছত গোচৰটোত তেোঁক দোষী সাব্যস্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক