--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিনৰ পাৰ্টিত ঘটিল ভয়ংকৰ অঘটন৷ এগৰাকী নৃত্যশিল্পীক  জন্মদিনৰ পাৰ্টিত নাচিবলৈ মাতি অনা হৈছিল৷ জন্মদিনৰ অনুষ্ঠানৰ মাজতে যুৱতীগৰাকীক অপহৰণ কৰা হৈছিল। তাৰ পিছত তেওঁক দলবদ্ধ ধৰ্ষণ কৰা হৈছিল। 

জানিব পৰা মতে  যুৱতীগৰাকীয়ে নাচ প্ৰদৰ্শন শেষ হোৱাৰ পিছত ঘৰলৈ যাবলৈ ওলোৱাৰ সময়তে তেওঁক  অপহৰণ কৰি ধৰ্ষণ কৰা হয়। অভিযোগ অনুসৰি সেই সময়ত সকলো অভিযুক্ত নিচাগ্ৰস্ত অৱস্থাত আছিল। এই ভয়ংকৰ ঘটনাটো ঘটিছে  উত্তৰ প্ৰদেশৰ উন্নাওত৷  এটা জন্মদিনৰ পাৰ্টিৰ বাবে নাচিবলৈ  এগৰাকী নৃত্যশিল্পীক মাতি  অনা হৈছিল ।  

এজন মাটি-সম্পত্তিৰ দালালৰ জন্মদিনত যুৱতীগৰাকীক নাচিবলৈ মতা হৈছিল৷ ধৰ্ষণকাণ্ডৰ পিছতে যুৱতীগৰাকীয়ে ছজন লোকৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে। আৰক্ষীয়ে প্ৰকাশ কৰা মতে  সকলো অভিযুক্তই  পলাতক অৱস্থাত আছে। তেওঁলোকৰ সন্ধানত আৰক্ষীয়ে অভিযান  আৰম্ভ কৰিছে।  উত্তৰ প্ৰদেশৰ উন্নাওৰ দীপক নগৰত সংঘটিত এই  ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। 

উল্লেখ্য  জন্মদিনত নাচিবলৈ  উপলক্ষে তিনিগৰাকী নৃত্যশিল্পীক  ৬,০০০ টকাত মাতি অনা হৈছিল। ভুক্তভোগী যুৱতীগৰাকীয়ে  প্ৰথমে জাজমৌ আৰক্ষীৰ কাষ চাপিছিল। অৱশ্যে,থানা খনৰ আৰক্ষীয়ে  কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁ পিছত উন্নাও সদৰৰ কোতৱালী আৰক্ষী থানাৰ কাষ চাপে৷ যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত ভাৰতীয়  দণ্ডবিধিৰ ৩৭৬ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে।

 লক্ষণীয় কথাটো হ’ল  কেইবছৰমান আগতে উন্নাও ধৰ্ষণৰ ঘটনাই সমগ্ৰ দেশক জোকাৰি গৈছিল।  ২০১৭ চনৰ ৪ জুনত   বিধায়ক আৰু এজন বিজেপি নেতা কুলদীপ চেংগাৰক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল আৰু  পিছত গোচৰটোত তেোঁক দোষী সাব্যস্ত কৰা হৈছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু